কৃষিৰ লগত জড়িত ডাকৰ বচন আৰু লোকবিশ্বাস – কলচুম বিবি

    অসম কৃষিপ্ৰধান দেশ। খেতিয়কৰ টোপাটোপে সৰা ঘাম আৰু নাঙলৰ পৰশত জীপাল হৈ পৰে পথাৰ। অতীতৰে পৰা লোকসমাজত কৃষিৰ লগত ডাকৰ বচন আৰু কিছুমান লোকবিশ্বাস প্ৰচলিত হৈ আহিছে। চহা জীৱন কৃষিৰ লগত জড়িত হৈ আছে বাবে ডাকৰ বচন আৰু লোকবিশ্বাসসমূহত জাতীয় মানসিকতা আৰু জাতীয় ভাবধাৰাৰ পৰিচয় স্পষ্ট হৈ উঠে। ডাকৰ বচনক ‘বেদৰ মন্ত্ৰ’ হিচাপে মানি চলা হয়।

বসন্তৰ প্ৰস্থানৰ লগে লগে চহা জীৱন কৃষি কাৰ্যত ব্যস্ত হৈ পৰে। খেতিৰ বাবে পানী অপৰিহাৰ্য। পানী ৰাখিবৰ বাবে পথাৰত ঘনকৈ আলি দিয়ে। লগতে কি ধানৰ বাবে কিমান পানীৰ প্ৰয়োজন সেয়াও খেতিয়কে জানিব লাগে। সেয়ে ডাকৰ বচনত এনেকৈ কোৱা হৈছে —

ঘন ঘনকৈ দিবা আলি

তেহে পাবা নানান শালি।।

…….

আলিৰ ওপৰে দিবা আলি

খেতি নহ’লে ডাকক পাৰিবা গালি।।

…….

আহু ৰোবা খোজত বুৰি

শালি ৰোবা বেগেত ঘূৰি।।

ধান বিশেষে পানীৰ তাৰতম্য দেখা যায়। সেই তাৰতম্যৰ কথা খেতিয়কে নাজানিলে খেতি ভাল নহয়। আহু ধান কৰিবলৈ খেতি পথাৰত পানী নহ’লেও কোনো কথা নাই, কিন্তু শালি ধানত অধিক পানী লাগে। পানী থকা পথাৰত শালি ধানৰ গোছ ‘হাতেক দূৰে দূৰে’ দিব লাগে। আনহাতে বাওধান সহজে নমৰে। কোকোৰা ধানত পানী যিমানে হয় সিমানে ভাল বুলি অসমীয়া লোকে বিশ্বাস কৰে। এই বিষয়ে ডাকৰ বচনত এনেকৈ আছে–

পানীৰ তলৰ কোকোৰা সোণা

ক’লৈ যাৱ তই গিৰিহঁত কণা।।

আহিন মাহৰ পৰা বৰষুণ কমিবলৈ ধৰে বাবে খেতি পথাৰৰ পানী  শুকাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে খেতিয়কসকলে পানী ধৰি ৰাখিবলৈ বিভিন্ন উপায় অৱলম্বন কৰিবলগীয়া হয়।

আহিন কাতিত ৰখাবা পানীক

যেনে ৰাখে ৰজাই ৰাণীক।।

খেতিৰ বাবে মাটি চাহ কৰা প্ৰয়োজন। খেতিয়কসকলে কোনবিধ খেতিৰ বাবে কেনেদৰে মাটি চহোৱা প্ৰয়োজন সেইবিষয়ে ডাকৰ বচনত এনেকৈ আছে–

ষোল্ল চাহে মূলা, তাৰ অৰ্ধেক তুলা

তাৰ অৰ্ধেক ধান বিনা চাহে পাণ।।

অসমীয়া লোকসমাজত ডাকৰ বচনৰ বাহিৰেও কিছুমান লোকবিশ্বাসো প্ৰচলিত হৈ আহিছে। চহা জীৱনৰ লগত জড়িত এই লোকবিশ্বাসসমূহে অতীতৰে পৰা লোকমনক প্ৰতিফলিত কৰি আহিছে।

কঠীয়াৰ লগত জড়িত লোকবিশ্বাস সমূহ হ’ল– কঠীয়া পাৰি শুব নাপায়, শুলে পৰি যায়, কঠীয়া বান্ধি নিয়া টমাল পেলাই দিব নাপায়, ভৰিৰে গচকি বোকাত পুতি থব লাগে, নহ’লে ককালৰ বিষ হয়। কঠীয়াৰ ধান হাতেৰে ছিৰিব নাপায়, ছিৰিলে পাছৰ ধান চিকতা হয়। কুমলীয়া কঠীয়া ৰুব নাপায়, ৰুলে পোক-পৰুৱা বেছি হয়।

ন-ভূঁই ৰোৱাৰ সময়ত কচু, তৰা, তিনিখন তামোল দি ৰুব লাগে।

কৃষি কাৰ্যৰ বাবে পানী অপৰিহাৰ্য। কেতিয়াবা খেতি কৰাৰ সময়ত অনাবৃষ্টি হোৱা বাবে পানীৰ অভাৱ হয়। ইয়াৰ ফলত খেতিয়কসকলৰ বৰ আহুকাল হয়। ভেকুলীৰ বিয়া পাতিলে বৰষুণ হয় বুলি অতীতৰে পৰা আমাৰ লোকসমাজত এটি বিশ্বাস আছে। এই বিশ্বাস অনুসৰি কোনো কোনো অঞ্চলত বৰ ধুমধামেৰে ভেকুলীৰ বিয়া পতা হয়। লোকৰ ঢেঁকী চুৰ কৰি আনি পানীত পেলাই দিলেও বৰষুণ হয় বুলি বিশ্বাস কৰা হয়।

গছপুলি বা শাকপাচলি ৰোপন কৰোতে গাৰ ছাঁ পেলাই ৰুব নাপায়, ৰোপণ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি কম হয় বুলি বিশ্বাস কৰা হয়।

গধূলি আকাশ ৰঙা হ’লে পিছদিনা বতৰ ফৰকাল হয় বা ৰ’দ  দিয়া, কুমজেলেকুৱা, জোক, খন্তিয়া আদি ওলালে আৰু ভেকুলীয়ে মাতিলে বৰষুণ দিয়ে বুলি বিশ্বাস কৰা হয়।

অসমীয়া সমাজত কৃষিৰ লগত জড়িত ডাকৰ বচন আৰু এই লোকবিশ্বাস সমূহৰ  স্থান অতি উচ্চ। বৰ্তমান বিজ্ঞানৰ যুগ। বিভিন্ন  প্ৰযুক্তিবিদ্যাৰ আবিষ্কাৰ আৰু ইয়াৰ ব্যৱহাৰে কৃষকলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। কৃষকৰ কষ্ট বহুখিনি লাঘব হৈছে, যদিও লোকবিশ্বাস আৰু ডাকৰ বচনক লোকসমাজে এতিয়াও মানি চলে।

তথ্য সংগ্ৰহ: ১৷অসমীয়া লোকসাহিত্য        সম্পাদক- ড৹ প্ৰহ্লাদ কুমাৰ বৰুৱা

                   ২৷বিভিন্ন প্ৰবন্ধ

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!