কৃষ্ণ গহ্বৰ (- খদ্যোৎ গগৈ)

কৃষ্ণ গহ্বৰ
– খদ্যোৎ গগৈ৷black

কোনো কৃষ্ণগহ্বৰেই সহ্য নকৰে
সৌৰজগত
সি তৰাবোৰ পি খায়
পোহৰবোৰ চোবায়
তাৰ হুতাশত চেঙেলীয়া সময়বোৰ
নিজে নিজেই
তাৰ পেটত সোমায়
এতিয়া আৰু আক্ষেপ কৰি লাভ নাই
যিমান পাৰা সোণকালে প্ৰবেশ কৰা তাৰ উদৰত
আৰু বিকিৰণ কৰা তোমাৰ তাপ
কিছুদিন কষ্ট পাবা
তুমি জ্বলিবা
তুমি গলিবা
তুমি সলনি হ’বা তৰংগলৈ
আৰু অপেক্ষা কৰিবা সেই সুবৰ্ণ লগ্নলৈ
আচলতে কৃষ্ণগহ্বৰবোৰ এনেকুৱাই
গধুৰ হ“বলৈহে সি বন্ধু গোটায়
দিহিঙে দিপাঙে ঘূৰি ফুৰা
অলপধতুৱা ধুমকেতুকেইটা
প্ৰথমতেই তাৰ পেটত সোমায়
গধুৰ হোৱাৰ পিচত আৰু তাক কোনে পায়
তেতিয়া সি জ্বলি থকা বেলিবোৰকো
থপিয়াই আনি তপতে চোবায়
কৃষ্ণগহ্বৰৰো এদিন থাকে
ভগৱানক অত্যধিক ভালপোৱা মানুহবোৰ
প্ৰথমতেই তাৰ কাষ চাপে
কি কৰিবা দুনিয়াখনতো এনেকুৱাই৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!