কৃতিত্ব: সত্যকাম দত্ত

অসমীয়াত কথা-বতৰা গোটৰ সক্ৰিয় সদস্য তথা অন্যতম প্ৰশাসক শ্ৰীমান সত্যকাম দত্তই কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (ইউ পি এছ চি) তত্ত্বাৱধানত অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰশাসনীয় সেৱাৰ সৰ্ববৃহৎ প্ৰতিযোগিতামূলক পৰীক্ষাত ৩৩৭ নং স্থানত উত্তীৰ্ণ হৈ সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ শ্ৰী দত্ত ধেমাজি চাৰিআলিৰ নতুন নগৰ নিৱাসী, ষ্টেটফেদৰ অৱসৰপ্ৰাপ্ত প্ৰৱন্ধক শ্ৰীযুত লক্ষেশ্বৰ দত্ত আৰু শ্ৰীমতী নিজৰা দত্তৰ জ্যেষ্ঠ পুত্ৰ | উল্লেখযোগ্য যে শ্ৰী সত্যকাম দত্তই বিগত বৰ্ষত ভাৰতীয় অসামৰিক সেৱাৰ পৰিক্ষাত ৫৩৫ নম্বৰ স্থান দখল কৰি সম্প্ৰতি ভাৰতীয় ডাক সেৱা বিভাগৰ বিষয়া হিচাপে প্ৰশিক্ষণ লৈ আছে আৰু তেওঁ অসমীয়া সাহিত্যক মূল বিষয় হিচাপে লৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল |

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!