কেইটিমান গজলৰ অসমীয়া অনুবাদ (মাখন লাল দাস)
কেইটিমান গজলৰ অসমীয়া অনুবাদ
অনুবাদকঃ মাখন লাল দাস
যদি..
মূলঃ (হিন্দী) অশোক শ্ৰীবাস্তৱ
যদিহে ভাল কৰিব নোৱাৰা কাৰো, অন্যায়ো নকৰিবা,
খুৱাবলৈ ঘৰত অমৃত যদি নাই, কাকো বিহো নুখুৱাবা৷
সত্য-মধুৰ বচন যদি নোৱাৰা ক’ব, কটু-কথাও নক’বা,
মৌনতাহে সবাতকৈ ভাল, কেতিয়াও বিষ-বমন নকৰিবা৷
যদিহে কাৰো ঘৰ সাঁজিব নোৱাৰা, তেন্তে জুপুৰিও নজ্বলাবা,
মলমৰ প্ৰলেপ যদি লগাব নোৱাৰা, খাৰ-নিমখো নলগাবা৷
প্ৰদীপ হৈ যদিহে নোৱাৰা জ্বলিব , এন্ধাৰো নমাই নানিবা,
ফুল যদি নোৱাৰা হ’ব , তেন্তে কাঁইট হৈ বিয়পি নপৰিবা৷
মানব হৈ সাম্ত্বনা দিব নাজানিলে, কাৰো হৃদয়ো নাভাঙিবা,
দেৱতা যদিহে তুমি হ’ব নাজানা, দানৱ হৈও নেদেখুৱাবা৷
যদি সদাচাৰ আহৰণ নোৱাৰা কৰিব, কু আচৰণো নকৰিবা,
যদিহে ভাল কৰিব নোৱাৰা কাৰো, তেন্তে অন্যায়ো নকৰিবা৷
সিন্ধু, এখনি প্ৰগল্ভা নৈ..
মূলঃ সতীশ জয়চৱাল
যেতিয়া কোনো নাছিল
তাত আশে-পাশে
আতুৰ প্ৰতীক্ষাৰ বাহিৰে
প্ৰগল্ভা নৈখনে
বিচাৰি আছিল
অকণি গোপন নিৰ্জনতা ,
এন্ধাৰৰ গহন তলিত
স্পন্দিত হৈ আছিল
একেই প্ৰতীক্ষিত সুখ ,
অলৌকিক আছিল
সেই সকলোবোৰ ,
এখনি প্ৰগল্ভা নৈ
এনেদৰে ৰূপান্তৰিত হোৱা
এগৰাকী আতুৰা নায়িকালৈ
আৰু আৰক্ত হৈ পৰা
নিৰ্লজ্জ দহনত,
তেনেকুৱাতে
নিৰ্বস্ত্ৰ
সূৰ্য নামি অহা
নৈৰ পানীলৈ ,
ইচ্ছিত অন্ধকাৰৰ
নিজান গভীৰতাত
সন্ধ্যা বিৱশ হৈ পৰা ,
সেই দিব্যক্ষণবোৰত
কোনো নাছিল
তাত আশে-পাশে
টানি লোৱা উশাহবোৰৰ বাহিৰে ,
ঘোৰ আসক্তিৰ দৰে
টানি থোৱা
তাঁৰত
দেহ সাধনা কৰি আছিল বতাহে…..
গজল….
মূলঃ অশোক ৰাৱাট
নিজৰ ছাঁলৈ যেতিয়া উভটি চাওঁ,
তাৰ মুঠিতো মই শিল দেখা পাওঁ৷
যাত্ৰাৰ কেৱল কাহিনীহে ৰৈ যায়,
লক্ষ্য পাই মানুহে প্ৰায়েই বুজি পায়৷
হৃদয়ৰ গোপন কথা চকুৱে নাজানে,
চকুয়েতো কেৱল চায় বাহিৰলৈহে৷
ঘৰৰ চাৰি বেৰৰ ভিতৰতো মই,
কতলোক গৃহহীন দেখিব’লে পাওঁ৷
সকলো দৃষ্টি মোতেই নিৱদ্ধ পাওঁ,
চকু তুলি যেতিয়াই ওপৰলে চাওঁ৷