কেইটিমান স্তৱক (বন্দনা শইকীয়া)

(কলিজাত ইমান ভৰ/ কিয়নো দিব লাগে/ সুখৰেই হওক বা/ দুখৰেই হওক/ আধিলৈ দিয়া মোক/ লৈ যাওঁ আকাশলৈ..”)

সোণালী সময়ৰ সন্ধানত প্ৰতিভাশালী কবি বন্দনা শইকীয়াৰ অনন্য অনুভৱ—

 

 

কেইটিমান স্তৱক

বন্দনা শইকীয়া

 

 

 

(১)
উৰি যাম আকাশলৈ
ডেউকা বান্ধি
এজাক ৰূপালী চৰাইৰ স’তে
এৰি থৈ যাম
এখন বগা খামৰ চিঠি
লিখা থাকিব তাত
“আহাচোন জন্ম দিওঁ
সোণালী সময়ৰ…”
(২)
গ্ৰীষ্মৰ এটি
বির্মষ আবেলিক
নীড়মুখী হালধীয়া চৰাইজনীয়ে ক’লেহি….
“কলিজাত ইমান ভৰ
কিয়নো দিব লাগে
সুখৰেই হওক বা
দুখৰেই হওক
আধিলৈ দিয়া মোক
লৈ যাওঁ আকাশলৈ..”
(৩)
বর্ষণমুখৰ এৰাতি
নৈখন সাগৰৰ
প্ৰেমত পৰিল
মাজৰাতি
লৰ মাৰিছিল
সাগৰৰ সান্নিধ্য বিচাৰি…

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দিপাঙকৰ কোঁবৃৰ
10 years ago

ভাল লাগিল

Copying is Prohibited!