কেচুমুৰীয়া ৰোগ আৰু তাৰ ঔষধ (ডিম্বেশ্বৰ কোচ)

Kechumuria_Dimbeswar Kochএই ৰোগৰ বিষয় বহলাই কবলৈ নাযাও। কাৰণ মই ডাক্তৰ নহয়। কথাখিনি ভূক্তভুগী হিচাবে ক’ব লৈছো যাতে কাৰোবাৰ বাবে সহায়ক হওঁক। সাধাৰণতে ,কৌষ্ঠকাঠিন্যতাত ভুগী থকা লোকে পিছলৈ বেদনা দায়ক কেচুমুৰীয়া ৰোগত আক্ৰান্ত হোৱাতো নিশ্চিত। গাখীৰ চাহ, আদা ,মছলা যুক্ত খাদ্য ধুম্ৰপাণ আদি অত্যাদিক ব্যৱহাৰৰ ফলত কৌষ্ঠকাঠিন্য আৰু পিছলৈ কেচুমুৰীয়া ৰোগত ভোগাতো নিশ্চিত বুলি প্ৰমাণ কৰিব পাৰো। এইয়া ভোক্তভোগীৰ কথা। কেইবাছৰো গুজৰাটত আছিলো ,তাত প্ৰতি সাজ খাদ্যৰ লগত দৈ নতুবা ছাঁচ আছিল সেয়ে সেই কেইটা বছৰ অধিক মছলাযুক্ত খাদ্য খোৱাৰ পাছতো কোষ্ঠকাঠিন্যৰ পৰা হাত সাৰি আছিলো।

কিন্তু চাকৰি সুত্ৰে কৰ্ম স্হান সলনি হোৱাত মোৰ খাদ্যাভ্যাসো সলনি হল আৰু এই প্ৰায় ডেৰতা বছৰত দুবাৰকৈ কেচুমুৰীয়া ৰোগত ভোগিব লগীয়া হ’ল। প্ৰথমবাৰ এই ৰোগত ভোগোতে অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিছিল যদিও মই নকৰালো। এই অস্ত্ৰোপচাৰ বুলিলে মোৰ কিবা এলাৰ্জী হোৱাৰ দৰে লাগ। সেয়ে বৰোদাৰ পৰা এটা হোমোঅপেথিক দৰবৰ এটা দীঘলীয়া ক’ৰ্চ কৰিছিলো। কেইদিন মানৰ বাবে খাদ্যাভ্যাস সলনি হ’ল যদিও লুভীয়া মুখ, পুনৰ আগৰ খাদ্যাভ্যাসলৈ ঘুৰি গ’লো। তাৰে পৰিণিতিত আগতকৈ প্ৰায় আশী শতাংশৰো অধিক ভাৱে পুনৰ বাৰ আক্ৰান্ত হ’লো। ডাক্তৰে অস্ত্ৰোপচাৰ কৰিব লাগিবই বুলি ক’লে। এই সময়তে সহ কৰ্মী বন্ধু এজনে এবিধ বনৌষধীৰ দৰৱ দিয়াৰ লগতে দৰব বিধো শিকাই দিলে ।যি দৰবদ্বাৰা মই সম্পুৰ্ণ সুস্হ হৈ পৰিলো বুলি আশা কৰিছো। এই দৰবটোৰ বিষয়ে জনাবলৈ লোৱাৰ আগতে কিছু ব্যক্তিগত কথাও কব লগীয়া হ’ল। যিকি নহওক দৰব বিধ কোনো বিশেষ গছ নহয়।

সচৰাচৰ অসমৰ প্ৰতি ঘৰতে বাৰীৰ চুকত পোৱা যায়। যাক আমি ওল কঁচু বুলি জানো। এই ওলকঁচুত কি জানো গুণ আছে মাত্ৰ দিনে তিনি পালিকৈ তিনিদিন খালেই অনুমান কৰিব পাৰি ইয়াৰ ঔষধীয় গুণাগুণ কিমান। এই ওলকঁচু ভালদৰে ধুই সৰু সৰুকৈ কাটি লৈ কলৰ লগত গিলি খাব লাগে। দিনটোত তিনিবাৰ খাওক। প্ৰায় এমাহ নিয়মিত ভাৱে খালে এই কেঁচুমুৰীয়া ৰোগ সম্পূৰ্ণ ভাৱে নিৰাময় হয়।

এই ঔষধবিধ এই কাৰণেই জনোৱা হ’ল যে বহুলোক এই ৰোগ আক্ৰান্ত। শুনা মতে কেঁচুমুৰীয়াৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পিছতো এই ৰোগত পুনৰ ভুগিব পাৰে। আজিকালি এই ৰোগৰ অস্ত্ৰোপচাৰ ব্যক্তিগত নাৰ্চিংহোমত প্ৰায় ১৫-২০হাজাৰ মান খৰচ হয়। সেয়ে দুখীয়া ৰোগীৰ লগতে সকলোৰে উপকৃত হওঁক বুলিয়ে লেখাটি আগবঢ়ালো।

Subscribe
Notify of

6 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bipul basumatari
3 years ago

Very good

Bipul basumatari
3 years ago

দৰবটো কেনেকুৱা খাব লগীয়া হয় please reply

Anonymous
3 years ago

আপোনাৰ এই বহুমূলীয়া লেখনীটোৰ বাবে অশেষ ধন্যবাদ ৷ আশাকৰোঁ এই লেখাটিয়ে বহুতৰে উপকাৰ সাধিব ৷

বৈৰাগী
3 years ago

আপোনাৰ এই বহুমূলীয়া লেখনীটোৰ বাবে অশেষ ধন্যবাদ ৷ আশাকৰোঁ এই লেখাটিয়ে বহুতৰে উপকাৰ সাধিব ৷

binod
2 years ago

broil koribo lagibo neki kosu xini

Anonymous
2 years ago

মোৰ জ্বলা পুৰা কৰে আৰু মাংস অলপ বাঢ়ি গৈছে

Copying is Prohibited!