কেটাৰেক্ট: চকুৰ ছানি পৰা ৰোগ (ডা° কুমাৰ পাৰ্থ প্ৰতিম)

দৃষ্টিশক্তি কমি যোৱাৰ বহু কাৰণৰ ভিতৰত ছানি পৰাটোও এটা৷ ছানি পৰে আমাৰ চকুৰ লেন্সত৷

: “কি অ’ বোপাই? এইটো বস্তুও তই ভালকৈ দেখা নাইনে? চকুত ছানি পৰিছে নেকি?”- বহুক্ষেত্ৰত বহুতে কাৰোবাক গালি পাৰিবলৈও ছানিৰ প্ৰসংগটো এনেদৰে টানি অনা দেখিবলৈ পোৱা যায়৷ আহকচোন, ছানিৰ বিষয়ে অলপমান জানিবলৈ যত্ন কৰোঁ।

আমাৰ দুয়োটা চকুৰ লেন্স দুখন প্ৰধানকৈ পানী (৬৪%) আৰু প্ৰ’টিন (৩৫%) ৰদ্বাৰা তৈয়াৰী৷ আপোনালোকে জানি আচৰিত হ’ব যে লেন্স হ’ল দেহৰ এক বিশেষ অংগ যাৰ বৃদ্ধি গোটেই জীৱনজুৰি হৈ থাকে৷ আমাৰ চকুৰ লেন্সকেইখনৰ কেপচুলটোৰ ভিতৰত নতুন নতুন তৰপৰ সৃষ্টি হৈ বয়সৰ লগে লগে আকাৰত ডাঙৰ হৈ আহে৷ জন্মৰ সময়ত লেন্স একোখনৰ ওজন হয় প্ৰায় ৬৫ মিলিগ্ৰাম আৰু আশী বছৰমান বয়সত হয়গৈ প্ৰায় ২৫৮ মিলিগ্ৰাম৷ লেন্সৰ একেবাৰে অভ্যন্তৰ অংশ, যাক আমি নিউক্লিয়াছ বুলি কওঁ, সেয়া হ’ল লেন্সখনৰ আটাইতকৈ পুৰণি অংশ৷ কোনো কোনো ক্ষেত্ৰত কিবা কাৰণত লেন্সৰ প্ৰ’টিন গোট মাৰি বা বেলেগ কিবা পদাৰ্থ জমা হোৱাৰ ফলত বা বিসদৃশ লেন্স ফাইবাৰ প্ৰস্তুত হোৱাৰ ফলত বা লেন্স কেপচুলৰ ভিতৰত কণিকাসদৃশ (ড্ৰপলেট) পানীৰ উপস্থিতিয়ে লেন্সখনৰ ফটফটীয়া বা স্বচ্ছ অৱস্থাৰ পৰিবৰ্তন ঘটাই এক ঘনাবৃত পৰিস্থিতিৰ সৃষ্টিৰে চকুৰ ভিতৰলৈ পোহৰ ৰশ্মিৰ প্ৰৱেশত বাধাৰ সৃষ্টি কৰিব পাৰে৷ এনেদৰেই, কাৰণ যিয়েই নহওক, চকুৰ ভিতৰত থকা স্বচ্ছ লেন্সখন কিবা কাৰণত ঘোলা হৈ পৰিলেই কেটাৰেক্ট বা ছানি পৰা বুলি কোৱা হয়৷

ছানিৰ কাৰকৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে প্ৰথমেই ক’ব লাগিব বয়সৰ কথা৷ আচলতে বয়স বাঢ়ি অহাৰ লগে লগে চকুৰ লেন্স একোখনৰ কেপচুলৰ মাজেৰে বাছি বাছি চেকনী এখনৰ দৰে বিভিন্ন পদাৰ্থ পাৰ হ’বলৈ দিয়া বা বাধা দিয়াৰ ক্ষমতা কমি আহে৷ ফলস্বৰূপে লেন্সখনৰ ভিতৰত অদ্ৰৱণীয় নিষ্ক্ৰিয় প্ৰ’টিনৰ পৰিমাণ লাহে লাহে বাঢ়ি আহে৷ তাৰোপৰি ৰক্ষাকবচৰ দৰে কাম কৰা লেন্সৰ বিভিন্ন ক্ৰিয়া প্ৰক্ৰিয়াবোৰৰো প্ৰভাৱ কমি আহে৷ আৰু এইবোৰে প্ৰকাৰান্তৰে ছানি গঠনৰ কাৰক হিচাপে দেখা দিয়ে৷ বয়সজনিত চকুৰ ছানিয়ে পুৰুষ মহিলা দুয়োকে একে সমানেই প্ৰভাৱিত কৰে৷ এনে ছানি সাধাৰণতে দুয়োটা চকুতেই দেখা যায়, অৱশ্যে প্ৰায় ক্ষেত্ৰতেই একোটা চকুত আনটোতকৈ আগতীয়াকৈ ছানিৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷

সূৰ্য্যৰ পোহৰত বেছিকৈ কাম কৰিবলগীয়া অৱস্থা (অতিবেঙুণীয়া ৰশ্মি আদিৰ প্ৰভাৱ), দেহত ভিটামিন ‘এ’, ‘চি’ আৰু ‘ই’ৰ লগতে এমিন’এচিড (যেনে: ট্ৰিপ্ট’ফেন আদি) ৰ অভাৱ, অত্যধিক ডায়েৰীয়া বা বেলেগ কাৰণৰ ফলত দেহত পানীৰ পৰিমাণ কমি যোৱা অৱস্থায়ো ছানি পৰাত সহায় কৰে৷

ছিগাৰেট সেৱনৰ ফলত দেহত প্ৰস্তুত হোৱা চায়েনেট বা বৃক্কজনিত ৰোগ আদিৰ ফলত দেহত জমা হোৱা ইউৰিয়া আদিৰ দৰে বৰ্জনীয় পদাৰ্থৰ ফলতো ছানি পৰিব পাৰে৷

চকুৰ কিছুমান ৰোগ বা পূৰ্বৰ চকুৰ অস্ত্ৰোপ্ৰচাৰো কেতিয়াবা ছানিৰ কাৰক হৈ উঠিব পাৰে৷ কিছুমান দীঘলীয়া বেমাৰ যেনে বহুমুত্ৰ (ডায়েবেটিছ) আদিয়ে ছানি পৰাৰ সম্ভাৱনা বঢ়াই তোলাৰ প্ৰমাণ পোৱা গৈছে৷ ডায়েবেটিক ৰোগীৰ ক্ষেত্ৰত অলপ কম বয়সতে হোৱাৰ সম্ভাৱনা থকাৰ উপৰিও এনে ৰোগীৰ ক্ষেত্ৰত ছানি গঠন প্ৰক্ৰিয়াটো খৰতকীয়া হোৱাও পৰিলক্ষিত হয়৷ কিছুমান ঔষধ যেনে ষ্টেৰয়ড আদিৰ অত্যধিক ব্যৱহাৰ বা ৰঞ্জন ৰশ্মিৰ সংস্পৰ্শৰ ফলতো ছানি পৰিব পাৰে৷ কিছুমান ক্ষেত্ৰত ছানিৰ কিছু বংশগতজনিত কাৰক থকাৰ কথাও নুই কৰিব নোৱাৰি৷

চকুত পোৱা আঘাতৰ ফলতো ছানি পৰা দেখা যায়৷ এনে ক্ষেত্ৰত সচৰাচৰ আঘাতৰ লগে লগেই ছানিৰ উপস্থিতি ধৰা পৰে যদিও কিছুমান ক্ষেত্ৰত কেইবা মাহ, আনকি বছৰৰ পিছতো চকুত ছানিৰ উৎপত্তি হোৱা দেখিবলৈ পোৱা গৈছে৷

এইখিনিতেই এটা প্ৰশ্ন উঠিব পাৰে৷ কেৱল বয়সস্থ লোকৰ হে ছানি পৰে নেকি? নহয়৷ সকলো কেটাৰেক্টৰ কেৱল বয়সৰ লগত সম্পৰ্ক নাই৷ কিছুমান বংশানুক্ৰমিক বা জন্মগত বিসংগতি বা ৰোগৰ বাবে পানীকেচুৱা বা সৰু সৰু ল’ৰাছোৱালীৰ চকুতো ছানি পৰিব পাৰে৷ শিশুৰ ছানিৰ কিছুমান কাৰণ এতিয়াও অজানা হৈয়েই আছে৷ এই সম্পৰ্কে আমি পিছত কেতিয়াবা বিশদভাৱে আলোচনা কৰিম।

বেছি বয়সত দেখা পোৱা ছানি সাধাৰণতেই লাহে লাহে বাঢ়ে৷ ফলস্বৰূপে প্ৰথম অৱস্থাত ৰোগীজনে দেখা পোৱাত বা বেলেগ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাটো উপলব্ধি নকৰিবও পাৰে৷ ছানিৰ ফলত সন্মুখীন হ’বপৰা ৰোগৰ বিভিন্ন লক্ষণসমুহ হ’ল,

– বিষ অনুভৱ নকৰাকৈ লাহে লাহে দৃষ্টিশক্তি কমি যোৱা৷
– ৰাতি বা কম পোহৰত দেখা পোৱাত অসুবিধা৷
– পোহৰত চকু মেলিবলৈ অসুবিধা পোৱা৷
– জ্বলি থকা বাল্ব বা মমৰ শলিতাৰ চাৰিওফালে ৰামধেনুৰ দৰে ৰঙৰ উপস্থিতি৷
– বিবৰ্ণ বা হালধীয়া বৰণীয়া দৃষ্টি৷
– লিখা মেলা কৰিবলৈ অধিক পোহৰৰ প্ৰয়োজন হোৱা৷
– কম সময়ৰ ভিতৰতে চশমা বা কনটেক্ট লেন্সৰ ‘পাৱাৰ’ সলাবলগীয়া হোৱা৷
– এটা চকু বন্ধ কৰি চালে আনটো চকুৰে একেটা বস্তুকে দুটা তিনিটা দেখা (লেন্সখনৰ বেলেগ বেলেগ অংশৰ ছানি পৰি পাৱাৰ বেলেগ বেলেগ হোৱাৰ ফলত এনে ঘটিব পাৰে)৷
– বাহিৰৰপৰা চকুৰ ভিতৰত বগা ৰঙৰ উপস্থিতি ধৰা পৰা ইত্যাদি৷

ছানিৰ প্ৰাৰম্ভিক পৰ্য্যায়ত উপযুক্ত পাৱাৰৰ চশমাৰ ব্যৱহাৰেৰে দৃষ্টিশক্তি ঘুৰাই অনাটো সম্ভৱ হ’ব পাৰে৷ কিন্তু ছানি বাঢ়ি অহাৰ লগে লগে লেন্সখনৰ পাৱাৰৰ সোনকালেই পৰিবৰ্তন ঘটে৷ গতিকে চশমাৰ পাৱাৰ সঘনাই বদলাবলগীয়া হোৱাটো ছানিৰ এটা আগজাননী হ’ব পাৰে৷

ছানিয়ে সৃষ্টি কৰা দৃষ্টিশক্তিৰ অসুবিধাখিনি একেবাৰেই সহজ কৰি বুজাই দিছোঁ৷ ধৰি লওক আপুনি গাড়ী চলাই ক’ৰবালৈ গৈ আছে৷ বৰষুণ আৰম্ভ হ’ল৷ একেবাৰেই কম বৰষুণ, গাড়ীৰ সন্মুখৰ গ্লাছখনত পানী পৰিছে যদিও আপুনি মোটামুটি ঠিকেই দেখি থাকিব৷ লাহে লাহে বৰষুণ বাঢ়ি আহিল, আপোনাৰ দেখা পোৱাত অসুবিধাৰ সৃষ্টি হ’ব৷ এপাকত কাষেৰে পাৰ হৈ যোৱা গাড়ী এখনে চিটিকাই থৈ যোৱা ৰাস্তাৰ গাঁত এটাৰ বোকাপানীয়ে আপোনাৰ সন্মুখৰ সম্পূৰ্ণ গ্লাছখনকেই আৱৰি পেলালে৷ বচ, কি হ’ব? আপোনাৰ সন্মূখৰ ৰাস্তাটো আপুনি নেদেখা  হৈ পৰিব৷ ছানিৰ ক্ষেত্ৰটো একে কথাই খাটে৷ ধৰি লওক, চকুৰ লেন্সখন আপোনাৰ গাড়ীৰ সন্মুখৰ গ্লাছখন৷ ছানিৰ প্ৰাৰম্ভিক পৰ্য্যায়ত বা ছানি যদি লেন্সখনৰ সামান্য অংশতহে পৰিছে, তেন্তে আপোনাৰ দৃষ্টিশক্তিত বিশেষ প্ৰভাৱ নপৰিবও পাৰে৷ কিন্তু বেছি হৈ পৰি আপোনাৰ দৈনন্দিন জীৱনত যেতিয়াই অসুবিধাৰ সৃষ্টি কৰে, তেতিয়াই ইয়াৰ চিকিৎসাৰ প্ৰয়োজন হৈ পৰে৷ আৰু যেতিয়াই বাঢ়ি গৈ ছানিখিনি একপ্ৰকাৰ পূৰঠ হৈ পৰে, তেতিয়াই গাড়ীৰ সন্মূখৰ গ্লাছ খনত বোকাপানী পৰাৰ দৰেই আপোনাৰ দৃষ্টিশক্তি একেবাৰেই নোহোৱা হৈ পৰিব৷

ছানিৰ পৰিমাণৰ লগতে লেন্সখনত ছানিৰ অৱস্থিতিৰ ওপৰতো দৃষ্টিশক্তি কমি যোৱাৰ পৰিমাণ বহু পৰিমাণে নিৰ্ভৰ কৰে৷ লেন্সখনৰ সোঁমাজত ছানিৰ অৱস্থিতিৰ ফলত ৰোগী এগৰাকীয়ে সোনকালেই দেখা পোৱাত অসুবিধা পাব৷

এইখিনিতে এটা কথা আপোনালোকক ক’বলৈ বিচাৰিছোঁ৷ আপোনালোকৰ বহুতে হয়তো জানেই, যে চল্লিশ বছৰ বয়স মানৰপৰা লিখা পঢ়াকে ধৰি ওচৰৰ কাম কাজৰ বাবে আমাক সাধাৰণতেই চশমাৰ প্ৰয়োজন হয়৷ কিছুসংখ্যক ছানি পৰা ৰোগীয়ে কোৱা দেখা যায়, “আগতে মই পঢ়িবলৈ চশমা ল’ব লাগিছিল, কিন্তু এতিয়া মোৰ দৃষ্টি শক্তি ঘুৰি আহিছে৷ এতিয়া মই চশমা নোহোৱাকৈয়েই লিখা পঢ়া কৰিব পাৰোঁ৷” এই প্ৰক্ৰিয়াটোক চিকিৎসাবিজ্ঞানৰ ভাষাত দ্বিতীয় দৃষ্টি (ছেকণ্ড ছাইট) বুলি কেৱা হয়৷  আচলতে ছানিৰ ফলত এনে ৰোগীৰ লেন্সখনৰ প্ৰতিসৰণ ক্ষমতা বাঢ়ি যোৱাৰ ফলত একপ্ৰকাৰ ‘মায়’পিয়া’সদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু তেখেতসকলে ওচৰৰ বস্তু ভালদৰে দেখা পোৱা হয়৷

ৰোগী একোজনৰ চকুত ছানিৰ উপস্থিতিৰ বিষয়ে নিশ্চিত হ’বলৈ চকু চিকিৎসকসকলে চকুত নিৰ্দিষ্ট ড্ৰপ দি চকুৰ মণিটো (পিউপিল) ডাঙৰ কৰি লেন্সখন চায়৷ সময় খৰচী পৰীক্ষা হ’লেও এই পৰীক্ষাৰদ্বাৰা চকুৰ অভ্যন্তৰভাগ ভালদৰে পৰীক্ষা কৰিব পৰা যায়৷ লেন্সখনৰ লগতে চকুৰ ভিতৰভাগৰ বেলেগ অসুবিধাৰ বিষয়েও এই পৰীক্ষাৰদ্বাৰা নিশ্চিত হ’ব পাৰি৷

ছানি পৰা বুলি শুনাৰ লগে লগে বহু ৰোগী শংকিত হৈ পৰে৷ ছানিৰ অপাৰেছনৰপৰা হাত সাৰিবলৈ বহুতে চিকিৎসকক অনুৰোধো জনায়৷ সেই ক্ষেত্ৰত যেতিয়া বিফল হয়, তেতিয়া বহুতে অপ্ৰশিক্ষণপ্ৰাপ্ত কাৰোবাৰ পৰামৰ্শ গ্ৰহণ কৰি চকুত নিদিবলগীয়া কিবা ঔষধ দিয়াও দেখা যায়৷ কিছু ভাগ্যৱান ৰোগীৰ হয়তো এনে কৰাৰ ফলত একো হানি নহয়, কিন্তু কিছুসংখ্যকৰ চকু নষ্ট হৈ যোৱাৰো প্ৰমাণ আছে৷ মনত ৰাখিব, ছানি যেতিয়া একেবাৰেই প্ৰাৰম্ভিক পৰ্য্যায়ত থাকে, তেনে কিছু ক্ষেত্ৰত মূল কাৰকৰ চিকিৎসাৰে লেন্সৰ পুৰ্বৰ অৱস্থা ঘুৰাই আনিব পাৰি, বা মূখ্য কাৰকৰ চিকিৎসাই ছানিখিনি আৰু বাঢ়ি যোৱাটো প্ৰতিহত কৰিব পাৰে কিন্তু ঘোলা পৰা আৰম্ভ হৈ  অস্বচ্ছ অৱস্থা একোটা সৃষ্টি হোৱাৰ পিছত কোনো ঔষধেই লেন্সখনৰ পূৰ্বৰ ফটফটীয়া অৱস্থা ঘুৰাই আনিব নোৱাৰে৷ তেনে ক্ষেত্ৰত ছানিৰ একমাত্ৰ চিকিৎসা হ’ল অপাৰেছন৷

অলপ আগতে উল্লেখ কৰা গাড়ীৰ সন্মূখৰ গ্লাছখনৰ প্ৰসংগটো আকৌ এবাৰ উত্থাপন কৰিছোঁ৷ গ্লাছখনত পৰা বোকা পানীখিনি বাৰু আপুনি ধুই মেলি আঁতৰ কৰি দিলে৷ কিন্তু তাৰ পাছত আপুনি মন কৰিলে যে বোকাৰ লগতে উফৰি অহা এটা শিলগুটিয়ে গ্লাছখনত অলপমান ফাঁট মেলাইছে৷ তেতিয়া আপুনি কি কৰিব? আকৌ চাফা পানীৰে ধুব? ফাঁটটো নোহোৱা কৰিবলৈ কিবা লগাব গ্লাছখনত? লাভ হ’ব জানোঁ? নহয়৷ আপুনি সেই ফাঁট মেলা গ্লাছখনেৰেই গাড়ীখন চলাব, নহয়তো নতুন এখন গ্লাছ লগাই ল’ব৷ ছানিৰ ক্ষেত্ৰটো সেই একেই৷ এবাৰ গোট মাৰি বগা হৈ পৰা লেন্সৰ প্ৰ’টিনখিনি নোহোৱা কৰিব পৰা কোনো ঔষধেই এতিয়ালৈকে ওলোৱা নাই৷ গাড়ীৰ গ্লাছখনৰ লেখীয়াকৈয়ে আমাৰ চকুৰ ভিতৰতো আগৰ প্ৰকৃত লেন্সখনৰ সন্মুখ আৰু ভিতৰৰ অস্বচ্ছ পদাৰ্থখিনি বাহিৰ কৰি লেন্স কেপচুলটোৰ ভিতৰত এখন কৃত্ৰিম লেন্স সংস্থাপিত কৰিব লাগিব৷ অৱশ্যে কোনো কোনো ক্ষেত্ৰত চকুৰ কৰ্ণিয়াখনৰ ঠিক পিছফালেও কেতিয়াবা লেন্স সংস্থাপিত কৰিব লগা হ’ব পাৰে৷ কিন্তু দুয়োবিধ লেন্সেই বেলেগ বেলেগ ধৰণৰ আৰু দুয়োবিধৰ ‘পাৱাৰো’ ব্যক্তিবিশেষে বেলেগ বেলেগ৷ ছানিৰ অপাৰেচন আৰু কৃত্ৰিম লেন্সৰ বিভিন্ন প্ৰকাৰ তথা সেইবোৰৰ তুলনামুলক আলোচনা এই লিখনিৰ পৰিসৰত সম্ভৱপৰ নহ’ব৷

আন এটি প্ৰশ্নও উদয় হয় আমাৰ সকলোৰে মনত? কিমান পূৰঠ হোৱাৰ পিছত ছানিৰ অপাৰেছন কৰিবলগীয়া হয়? তাৰ বাবে কোনো ধৰা বন্ধা নিয়ম নাই৷ আগৰ যুগত যেতিয়া আজিৰ দৰে অত্যাধুনিক যন্ত্ৰপাতিৰ সহায়ত সুক্ষ্ম অস্ত্ৰোপ্ৰচাৰ কৰাৰ ব্যৱস্থা নাছিল, তেতিয়া কিছু পূৰঠ হোৱাৰ আগতে ছানিৰ অপাৰেছন প্ৰক্ৰিয়াটো বহু আশংকাৰে পৰিপূৰ্ণ আছিল৷ কিন্তু আজিৰ যুগত এই অতি সুক্ষ্ম অপাৰেচন প্ৰক্ৰিয়াবোৰ উপলব্ধ বা সহজলভ্য হোৱাৰ সময়ত ছানিৰ যিকোনো পৰ্য্যায়তে সুকলমে অস্ত্ৰোপ্ৰচাৰ কৰিব পাৰি৷ অৱশ্যে এনে একোটি সিদ্ধান্তত উপনীত হোৱাৰ আগতে ৰোগীগৰাকীৰ বয়স, ছানিৰ পৰিমাণ, তেখেতৰ দৈনন্দিন তথা কৰ্মজীৱনত ছানিয়ে সৃষ্টি কৰা দৃষ্টিশক্তিৰ সীমাবদ্ধতা আদিৰ দৰে বিষয়বোৰ চালি জাৰি চোৱা হয়৷

ছানিৰ অপাৰেছনৰ মুখ্য উদ্দেশ্য হৈছে দৃষ্টিশক্তিৰ পুনৰুদ্ধাৰ৷ তাৰোপৰি আন কিছু ক্ষেত্ৰটো ছানিৰ অপাৰেচন কৰাৰ প্ৰয়োজনীয়তা আহি পৰে৷ যেনে,

– আমি সকলোৱে জানোঁ যে ৰক্তচাপ, ডায়েবেটিছ আদিৰ দৰে বেমাৰে সমগ্ৰ শৰীৰৰ লগতে চকুতো বিৰূপ প্ৰভাৱ পেলায়৷ এনে ৰোগীসকলে চিকিৎসকৰ পৰামৰ্শ অনুযায়ী নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে চকুৰ অভ্যন্তৰভাগ, বিশেষকৈ ৰেটিনাৰ পৰীক্ষা কৰোৱাটো বাঞ্চনীয়৷ কিন্তু ছানিৰ বাবে চকুৰ ভিতৰখন ভালদৰে পৰীক্ষা কৰাত চিকিৎসকে অসুবিধা পাব পাৰে৷ তেনে ক্ষেত্ৰত ছানিৰ অপাৰেছনৰ প্ৰয়োজনীয়তা আহি পৰে৷
– তেনেই তাকৰীয়াকৈ হ’লেও কেতিয়াবা অন্ধ চকু একোটাত বেলেগ একো অসুবিধা নাথাকিলেও একমাত্ৰ বাহিৰৰপৰাই দেখা যোৱা পূৰঠ ছানিৰ বগাখিনি নোহোৱা কৰিবৰ বাবেও ‘কছমেটিক’ কাৰণত অপাৰেছন কৰিব লগা হ’ব পাৰে৷

বহুতৰে মনত এটা প্ৰশ্ন উদয় হয়৷ ছানিৰ অপাৰেচনৰ পিছত দৃষ্টিশক্তি সম্পূৰ্ণৰূপে ঘূৰি আহেনে? সেয়া নিৰ্ভৰ কৰে ৰোগীগৰাকীৰ ছানিৰ উপৰিও আৰু বেলেগ বেমাৰৰ উপস্থিতিৰ লগতে সংস্থাপিত কৰা লেন্সখনৰ প্ৰকাৰৰ ওপৰত৷ অপাৰেচনৰ আগতে চকুৰ চিকিৎসক একোজনে ৰোগীগৰাকীৰ দুয়োটা চকুৰেই ভালদৰে পৰীক্ষা কৰি লয় ৷ তেনে ক্ষেত্ৰত তেখেতে কিবা আৰু বেলেগ অসুবিধা থকাৰ আশংকা কৰিলে ৰোগীগৰাকীক নিজেই অৱগত কৰাব৷ তাৰোপৰি ৰোগীগৰাকীক অপাৰেচনৰ পিছত প্ৰয়োজন হোৱা চশমাৰ পাৱাৰ নিৰ্ভৰ কৰিব কৃত্ৰিম লেন্সখনৰ পাৱাৰ তথা ৰোগীগৰাকীৰ দৃষ্টিশক্তিৰ প্ৰাসঙ্গিকতা তথা প্ৰয়োজনীয়তাৰ ওপৰত৷ বেছিভাগ ক্ষেত্ৰতেই অপাৰেচনৰ পাছতো ওচৰৰ কাম কাজৰ বাবে ৰোগীগৰাকীয়ে চশমা ব্যৱহাৰ কৰিবলগীয়া হয়৷

আপুনি চকুৰে আগতকৈ কমকৈ দেখা যেন অনুভৱ কৰিছে? মনত ৰাখিব, চকুৰে কম দেখা মানেই ছানি নহয়৷ গতিকে কিবা অসুবিধা পালে চিকিৎসক একোজনৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব৷ সঠিক সময়ত সঠিক পৰীক্ষাৰে উপযুক্ত ৰোগৰ চিনাক্তকৰণৰ মাধ্যমেৰে কৰা উপযুক্ত চিকিৎসাই হৈছে ৰোগী একোগৰাকীয়ে হেৰুওৱা দৃষ্টিশক্তি পুনৰুদ্ধাৰৰ মূলমন্ত্ৰ৷

☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!