কেনে আছা অদিতি?(- মৃদুলা দাস)

কেনে আছা অদিতি?
মৃদুলা দাস
১৯/০৮/২০১৬
বহুদিন হ’ল
তোমাৰ সৈতে শেষ দেখাৰ…
কেনে আছা অদিতি?blast
সৌ সিদিনা দেখিছিলো তোমাক
দিঠকত নে সামাজিকত
সেয়াহে নিশ্চিত নহও
চাৰিওফালে আছিল কেৱল গুলীৰ শব্দ
বতাহত বাৰুদৰ গোন্ধ
শুনিছিলো চিৎকাৰ, আৰ্তনাদ
নিৰ্বিচাৰ গুলীচালনাত পলকতে নিথৰ হৈছিল
বহুকেইটা নিষ্পাপ শৰীৰ৷
কিহৰ বাবে আছিল সেই ধ্বংসযজ্ঞৰ আয়োজন
মই নাজানো অদিতি
লৰা ধপৰাত বাগৰি পৰিছিলো ময়ো
পথভ্ৰষ্ট মোৰ কোনো সহোদৰৰ গুলী এটাই
চুই গৈছিল মোকো
লেলিহান শিখাৰে সৈতে
দপদপকৈ জ্বলিছিল ঘৰবোৰ
শান্তিৰ কপৌবোৰ উৰামাৰিছিল দূৰলৈ
তেনেতেই দেখা পাইছিলো তোমাক
দিঠকত নে সামাজিকত
গম নাপালো অদিতি …
নিজতকৈও তোমালৈহে বেছি চিন্তা হৈছিল
কিয়
তেতিয়া বুজি পোৱা নাছিলো অদিতি৷
কেনে আছা অদিতি?
তোমাৰ কবি এতিয়া ভীষণ ব্যস্ত
সংসাৰৰ মোহত মোহগ্ৰস্ত…
ভৰত ভাৰাক্ৰান্ত৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!