কেনে আছা স্নিগ্ধৰাগ? – পলাশ বৰগোহাঞি

সিদিনা তুমি নীৰৱে
সেউজীয়া পথেৰে পাৰ হৈ গ’লা
এতিয়া,
তোমাৰ বাবে ৰৈ আছো মাথো
শাৰদীয় স্নিগ্ধ জোনাকৰ সৈতে
তুমি উলটি অহাৰ বাটলৈ…..
কেনে আছা স্নিগ্ধৰাগ?
তোমাৰ অবিহনে
পদূলি মুখৰ শেৱালি জোপালৈ
নামি অহা নাই শৰৎ
পূৰ্ণিমাৰ জোনটোৱেও
বিলাব পৰা নাই পোহৰ৷
স্নিগ্ধৰাগ,
তুমি আকৌ খিল্ খিল্ হাঁহিৰে
বুকুত গুজি দিব লাগিব সপোন
আইৰ শেতা পৰা ওঁঠত
বিৰিঙাই তুলিব লাগিব সুখ৷
সৌৱা চোৱা
তোমাৰ বাবে নামঘৰে নামঘৰে
জ্বলিছে চাকি
মচজিদতো চলিছে নামাজ
হৃদয়ে হৃদয়ে যাচিছে আশীষ৷
চিন্তা নকৰিবা
খিল্ খিল্ হাঁহিটি মুখত লৈ তুমি
শৰতৰ বাটেৰে উলটি আহিবা
শৰতৰ বাটেৰে উলটি আহিবা৷ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!