কেমেৰা ( দেৱ প্ৰতিম )
(১)
-“এই বচটোৱে সকলো কাম মোকেই দিয়ে নেকি ৰে? দেখিছনে ৰাতিপুৱাৰে পৰা কাম কৰিয়ে আছো। কিন্ত কাম দেখোন শেষেই নহয়। আজি ৰাজক কথা দিছিলোঁ সাতটা বজাত ৰুমলৈ যাম বুলি। কিন্ত যি দেখিছো মোৰ অফিচটেই সাতটা বাজিব। বচডালে আমাৰ ব্ৰেক আপ কৰাই হে এৰিব।“
-“তই ফোন এটা কৰি তাক ভালকে বুজাই দে আকৌ তোৰ ফটোগ্ৰাফাৰ প্ৰেমিকক।“
-“কিমান ফোন কৰি সদায় একেটা কথাকে কৈ থাকিম ৰে। সি বুলিহে বুজি আছে। অন্য হোৱা হ’লে কিজানি ব্ৰেক আপ কেতিয়াবাই হ’ল হয়।“
-“হ’ব দে একো নহয় প্ৰিয়ংকা। সোনকালে কামবিলাক কৰি আজৰি হৈ গুচি যাবি।“
-“আৰু কিবা উপায় আছে জানো ৰীমা?”
(২)
তাইলৈ ৰৈ থকা বহু দেৰিয়ে হ’ল। কিন্ত ন’হাই হ’ল দেখোন তাই। তাই অহালৈ ফ’টো কেইখন মানকে তুলি লওঁ।
পথৰ দাঁতিত থকা সৰু সৰু কুকুৰ পোৱালী কেইটাই ৰুটী এখনক লৈ কাজিয়া কৰি আছিল। কি যে জীৱন। সেই কুকুৰ পোৱালীকেইটা আৰু আজিৰ দিনৰ পলিটিচিয়ান কেইটাৰ মাজত পাৰ্থক্য নো কিমান? সিহঁতি ৰুটীক লৈ আৰু সেইকেইটাই ক্ষমতাক লৈ খোৱাকামোৰা লাগে। সেইবুলি ভাবি ভাবিয়ে সিহঁতৰ দুখন মান ফটো তুলিলো।
বহু দেৰি হ’ল। তাই নাহিব কিজানি। হ’ব দে ভালেই হ’ল। মই মোৰ কামকেইটাকে কৰি লওঁ। হঠাৎ মোৰ ফোনটো বাজি উঠিল।
-“হেল্লো ৰাজ। প্লীজ মোক বেয়া নাপাবা। আজিও মোৰ দেৰি হ’ব। মোৰ নটা মান বাজিব।“
-“আচ্ছা, কিন্ত এনেকে কিমান দিন আৰু। সদায় সদায় তুমি কথা দি ৰাখিব পৰা নাই কিন্ত। হ’ব আজি মানি লৈছো বাৰু। মই অলপ যাওঁ। যেতিয়া আজৰি হোৱা ক’বা মই আনিবলৈ যাম। দিনকাল ইনেই ভাল নহয়।“
(৩)
ৰীমা অফিচৰ পৰা ওলাই অহা দেখি মানুহটো অলপ সাৱধান হ’ল। ৰীমাই অফিচৰ পৰা ওলাইয়ে বাহিৰৰ সৰু ঘুমটি খনত চিগাৰেট খাই।
-“দাদা গল্ড ফ্লেক কিং ছাইজ চাৰিটা দিব।“
-“এইয়া লওঁক বাইদেউ।“
ৰীমাই ৫০ টকীয়া নোট এখন দোকানীজনলৈ আগবঢ়াই দিলে।
-“বাকী পইচা কাইলৈ লৈ ল’ম। মোৰ দেৰি হৈছে।“
এইবুলি কৈ ৰীমা নিজৰ কোঠাৰ ফালে আগবাঢ়িল। ৰীমাৰ কোঠাটো অফিচৰ পৰা পোন্ধৰ মিনিটৰ বাট। তাই সদায় খোজ কাঢ়িয়ে কোঠালৈ যায়।
ৰীমা যোৱাৰ লগে লগে ঘুমটি খনৰ ওচৰত ৰৈ থকা মানুহ এজনে তাইক অনুষৰণ কৰিবলৈ ধৰিলে।
ৰীমা ফোনট কথা পতাত ব্যস্ত। বোধহয় ঘৰৰ মানুহৰ লগত কথা পাতি আছিল। তেনেতে অনুষৰণ কৰি থকা মানুহজনে ৰীমাক পিছফালৰ পৰা মাত লগালে।
-“শুনকছোন। এইখন আপোনাৰ ৰুমাল কিজানি? পৰি গৈছে।”
-“ৰ’বা মা, এক ছেকেণ্ড হ’ল্ড কৰা…..নাই মোৰ নহয়।“
ৰীমাই পাছফালে ঘুৰাৰ লগে লগে মানুহজনৰ হাতত থকা কেমেৰাটো যেন নিজে নিজে অ’ন হৈ ফটো তোলাত লাগি গ’ল। ৰীমাই কি হৈছে কিবা ভাবি পোৱাৰ আগেয়েই মানুহজনে ৰীমাৰ গাত এটা পিন খুচি দিলে। ৰীমা অজ্ঞান হৈ মানুহজনৰ গাত ঢলি পৰিল।
(৪)
-“হেল্লো ৰাজ। মই পোন্ধৰ মিনিটত অফিচৰ পৰা আজৰি হৈ যাম। তুমি আহিবা নেকি মোক নিবলে?”
-“আৰে কিয় নাহিম জান। ৰ’বা মই আহি আছোঁ। যিহে কাণ্ড বিলাক হৈ আছে, অকলে আহিব দিব নোৱাৰো তোমাক। মইও মোৰ কামবিলাক কৰি আজৰি হৈ তোমাৰ ফোনটোৰ কাৰণেই ৰৈ আছিলোঁ।“
প্ৰায় বিছ মিনিটৰ পাছত ৰাজ আহি প্ৰিয়ংকাৰ অফিচৰ তলতে ৰ’ল। প্ৰিয়ংকা ৰাজৰ কাৰণেই ৰৈ আছিল।
-“প্ৰিয়ংকা আজি আকৌ ছোৱালী এজনিক ৰেপ কৰি হত্যা কৰি গৈছে কোনোবাই। আন কেইবাৰৰ দৰে এইবাৰো বোলে ছোৱালী জনি অফিচত চাকৰি কৰা ছোৱালী। মোৰ কিন্তু বৰ ভয় লাগিছে। তোমালোকে বচক নোকোৱা কিয় ৰাতি দেৰিলৈকে এনেদৰে নাৰাখিবলৈ। কেতিয়াবা মই কিবা কাম ফচি গ’লে তোমাক কোনে নিব আহিব।“
-“কি, আজি আকৌ হৈছে।“
-“অ’ তোমালোকৰ অফিচৰ নিচেই ওচৰতে হৈছে। ডেৰঘন্টা আগত হৈ গৈছে বোলে। ঠাইডোখৰত জুম বান্ধিয়ে আছে। মই দেখি আহিছোঁ। উঠা গাড়ীত সোনকালে।“
(৫)
“নাম: ৰীমা চৌধুৰী।
চাৰ বাকীবিলাক হে ধৰিব পৰা নাই। আই কাৰ্ড, ড্ৰাইভিং লাইচেন্স আদি সকলোৰে পৰা বাকি খিনি নাইকিয়া কৰি গৈছে হত্যাকাৰীয়ে। চাৰ ঠিক আগৰ তিনিটা হত্যাকাণ্ডৰ দৰে। আৰু ইয়াত চাৰিখন ফ’টো পেলাই ঠৈ গৈছে। হত্য়াৰ আগৰ আৰু হত্যাৰ পাছৰ ফ’টো।“
-“হমমম, কি বুজাব বিচাৰিছে হত্যাকাৰীয়ে বাৰু। কেচটো জটিল হৈ গৈছে। হত্যা কৰাৰ ধৰণ একেটাই। ডিঙি ৰেপি হত্যা কৰিছে । কিন্ত কেমেৰাহে প্ৰতিবাৰে বেলেগ ব্যৱহাৰ কৰে সি। “
(৬)
-“চিন্তা নকৰিবা ৰাজ। আমি সকলোৱে মিলি বচক ক’ম এইটো কথা।“
-“ঠিক আছে, কিন্ত এইবাৰ মই চিৰিয়াছ।“
-“ৰাজ নতুন কেমেৰা নেকি? এইটো কেতিয়া কিনিলা? কালিলৈকেটো নাছিলে এইটো তোমাৰ ওচৰত।“
-“অ’ এইটো, নতুনেই বুলি ক’ব পাৰা আৰু। ছেকণ্ড হেন্ড হয়। কামত দৰকাৰ হয়। বাৰু তুমি ফ্ৰেছ হৈ লোৱা। মই তলৰ দোকান খনৰ পৰা বস্তু অলপ লৈ আনো।“
তাইৰ পৰা কেমেৰাটো লৈ ৰাজে প্ৰথমে ফটোবিলাক ডিলিট কৰিব ধৰিলে। তাৰ পাছত মেমৰী কাৰ্ড খন উলিয়াই সেইখন মাজতে দুভাগ ভাঙি মনতে কিবা এটা ভাবি এটা ৰহস্যময় হাঁহি মাৰি ফোনটো উলিয়াই কাৰবালৈ ফোন কৰিলে,
-“হেল্লো, মোৰ ওচৰত এটা কেনন ৭০০ডি কেমেৰা আছে। বিক্ৰী কৰিব লাগে। নাই নাই, অজি নিবিকো, এসপ্তাহ পাছত। তই বিচাৰি আছিলি নহয়, পইচাৰ কথা পাছত পাতিম। হ’ব ৰাখিছোঁ।“
Top of Form