কেলকুলেটৰ -চামচুল হক

জীৱন অপূৰণ অংক

তথাপি সপোনৰ পূৰণ-হৰণ কৰি কৰি
ভাগৰি নপৰা
মই এটা কেলকুলেটৰ

অংকৰ বিধিবোৰ বৰ দুৰূহ
মই কিন্তু অনায়াসে কৰি দিব পাৰোঁ
ভোগৰ যোগ
বিয়োগে বিয়োগে পূৰণ কৰিও
অদৃশ্যতে কৰি দিওঁ যোগ
বিনিময়ত সাঁচি থওঁ
তোমাৰ হাঁহিটো গুপুতে

অংকই দখল কৰিছে
মোৰ বুকুৰ কোষবোৰ
মোৰ তীক্ষ্ণ মেধাৰ বাবে
তুমি মোৰ ধূলি গুচাই
পিন্ধাই দিছা আৱৰণ
অথচ আজিও অস্পৃশ্য মোৰ সেউজীয়া তলি

কেতিয়াবা ভাইৰাচৰ আক্ৰমণত
অচল হৈ পৰে মোৰ প্ৰাত্যহিকতা
মোৰ ওপৰত তোমাৰ সন্দেহ হয়
আৰু তুৰন্তে পঠিয়াই দিয়া
যন্ত্ৰকুশলীজনৰ ওচৰলৈ
য’ত থাকে আৰু কিছুমান অচল কেলকুলেটৰ
প্ৰিয়জনক নেদেখাৰ উদাস আকূতিৰে

পেঁচকচৰ আসুৰিক চিকিৎসা চলে
আমাৰ ওপৰত
নিষ্ক্ৰিয়বোৰ আৰু আগৰ ঠাইলৈ উভতি নাযায়
ধূলিক সাবটি লৈ হৈ পৰে আবৰ্জনা

আছেনে তোমাৰো গেৰেকনি
মোৰ অন্তিম অংকৰ ঠাই?

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!