কেৰু, মণি, থুৰিয়াৰ কথাৰে (মঞ্জুলী ৰাহাঙ)

চ’তৰ সংক্ৰান্তি আৰু পহিলা ব’হাগৰ দিনটো হিন্দু আৰু বৌদ্ধ পঞ্জিকা অনুসৰি নতুন বছৰৰ আৰম্ভণিৰ দিন৷ এই কথাটোৱে সম্পূৰ্ণ ভাৰতীয় ৰীতিৰ পঞ্জিকাৰ তাৎপৰ্য বহন কৰে ৷ একেদৰে অসমীয়া দিনপঞ্জীৰো (কেলেণ্ডাৰ) প্ৰথম মাহ হৈছে ব’হাগ৷ সংস্কৃত ‘বৈশাখ’ শব্দৰ পৰা অসমীয়া ব’হাগ (বৈশাখ>বৈহাগ>ব’হাগ) হোৱা মাহটোৰ নামৰ মূল শব্দ কিন্তু ‘বিশাখ’হে হয়৷ ‘বিশাখ’ হৈছে চন্দ্ৰৰ এটা নাম৷ এই ব’হাগ মাহতেই স্বকীয় ঐতিহ্য আৰু বৈশিষ্ট্যৰ বিভিন্ন কলা-কৃষ্টি-সংস্কৃতিক বুকুত সামৰি বৰ অসমৰ কৃষিজীৱি অসমীয়াই অতি উছাহ আৰু হেঁপাহেৰে উদ্‌যাপন কৰে ৰঙ আৰু আনন্দৰ উছৱ ‘ৰঙালী বিহু’ বা ‘ব’হাগ বিহু’৷

‘ব’হাগ’ নামটোতে সন্নিহিত হৈ আছে এনে এক সঞ্জীৱনী সুধা, যি সুধা পান কৰিবলৈ মানুহ, তৰু-তৃণ-লতা, পখীকুল তথা সম্পূৰ্ণ জীৱকুলেই ব্যাকুল হৈ পৰে৷ নহ’বনো কিয়-ব’হাগ যে প্ৰাণময়, বাংময়, উৰ্বৰা ভূমি, প্ৰকৃতিৰ নানা জাতি-জনগোষ্ঠীৰ চেনেহৰ ৰং-তুলিকাৰে তৈয়াৰী এক অনুপম কেন্‌ভাচৰ নাম৷ ‘ব’হাগ’-ব’হাগ মানে কুঁহিপাত, ব’হাগ মানে কপৌফুল, ব’হাগ মানে বিহুৱান, ব’হাগ মানে মুগাৰ ৰিহা-মেখেলা, ব’হাগ মানে ঢোল-পেঁপা-গগণা, ব’হাগ মানে কুলিৰ মাত, ব’হাগ মানে তাঁতশালত মাকোৰ খিট্‌খিটনি, ব’হাগ মানে সাতশাকী আৰু যে কিমান অৰ্থ বহন কৰিছে ব’হাগে; তাৰ লেখ-জোখ পাবলৈ নাই৷ ব’হাগে গছ-বন-লতিকাত সেউজীয়াৰ অলঙ্কাৰ পিন্ধাই দিয়ে৷ সেই অলঙ্কাৰেৰে প্ৰকৃতি সুশোভিতা হৈ পৰে৷ প্ৰকৃতিৰ লগতে আমাৰ অসমীয়া জীয়াৰী-বোৱাৰীসকলেও কেৰু, মণি, থুৰিয়া আদি অলঙ্কাৰেৰে ৰূপৰ জেউতি চৰাবলৈ সাজু হৈ উঠে৷

এগৰাকী ৰূপৱতী নাৰীৰ ৰূপত পূৰ্ণতা আনি দিয়ে অলঙ্কাৰে৷ অসমীয়া সমাজত তাহানিৰে পৰা এনে নানা ৰকমৰ গহণা পৰম্পৰাগতভাৱে প্ৰচলন হৈ আহিছে৷ কিছুসংখ্যক গহণা প্ৰায় বিলুপ্ত হৈ গৈছে আৰু প্ৰায়সংখ্যকৰে আৰ্হি বা চানেকিসমূহত নতুনত্বৰ প্ৰভাৱ পৰিছে৷ এই লেখাটিৰ মাধ্যমেৰে আহকচোন পুনৰ চিনাকি হওঁ ন-পুৰণি চেনেহৰ গহণাবোৰৰ সৈতে-

১) জাংফাই কেৰু- লোকবিশ্বাস অনুসৰি জাংফাই পিন্ধিলে গাৰ বৰণ উজ্জ্বল হয়৷ আদিতে কিন্তু এইপাহ অলঙ্কাৰ জনজাতীয় সমাজত প্ৰচলিত অলঙ্কাৰহে আছিল৷ বিশেষকৈ মিৰি, দেউৰী আদি জনগোষ্ঠীৰ লোকসমাজত এই অলঙ্কাৰপদ অতি জনপ্ৰিয় আছিল৷ তেওঁলোকক দেখি ভৈয়ামৰ লোকসকলেও ইয়াক বাখ্ৰাম কৰি পিন্ধিবলৈ লয়৷ জাংফাই কেৰুযোৰ দেখাত শকত ঠাৰিৰে এপাহ পূৰ্ণ প্ৰস্ফুটিত পদুমফুল যেন লাগে৷ পদুমৰ পাহে পাহে ডালিমগুটীয়া ৰঙা ৰঙৰ বাখৰ৷ ঠাৰিৰ তলভাগতো বাখ্ৰাম কৰা হয়৷ বৰৈ দিয়া কেৰুত আকৌ সৰু সৰু বাখৰ পতোৱা লটকণ মুখৰ চাৰিওকাষে ওলমি থাকি ইয়াক এক অপূৰ্ব সৌন্দৰ্য প্ৰদান কৰে৷

২) চিতিপটি- মহিলাসকলে শিৰত পৰিধান কৰা অলঙ্কাৰ চিতিপটি৷ ইয়াক বিশেষকৈ বিয়াৰ দিনা কইনাক পিন্ধোৱা হয়৷ ইয়াৰ তিনিটা ভাগ থাকে৷ মাজৰভাগ শিৰৰ সেওঁতাৰে পিন্ধাই দিয়া হয় আৰু কাষৰ হাৰ দুডালে কইনাৰ মুখখন বাওৰে বন্ধাৰ দৰে বান্ধি ৰাখে৷ চিতিপটিৰ লটকনটো কপালৰ মাজভাগত অলপ ওপৰৰ ফালে পৰি থকাকৈ পৰিধান কৰা হয়৷ প্ৰাচীনকালৰ লটকনটো তৰাৰ গঢ়ৰ আছিল৷ পিছত তৰাৰ সলনি অনেক ন-ন আৰ্হিৰে ইয়াক তৈয়াৰ কৰিবলৈ লোৱা হ’ল৷ চিতিপটিৰ পৰিধান কৰাৰ আঁৰত এটি জনবিশ্বাস প্ৰচলিত আছে৷ সেইটো হৈছে তিৰোতা মানুহৰ মূৰত জেঠী পৰাটো মঙ্গলৰ চিন; সেয়েহে অসমীয়া তিৰোতাই জেঠীনেজীয়া চিতিপটি পৰিধান কৰিছিল৷

৩) ঢোলবিৰি-ঢোলবিৰিৰ আকৃতি ঢোলৰ আৰ্হিৰ৷ ঢোলবিৰিৰ অন্য এটা নাম হৈছে ‘মতাবিৰি’৷ আকৃতিত ডাঙৰ আৰু বাখৰ নোহোৱাকৈ গঢ়া ঢোলবিৰিটো আগতে কেৱল মতা মানুহেহে পিন্ধিছিল বাবে ইয়াক মতাবিৰি বোলা হৈছিল৷ আজিকালি ঢোলবিৰিসমূহত বাখৰ খটোৱাৰ উপৰি ক’লা-ৰঙা, সেউজীয়া ৰঙৰ মিনাও কৰা হয়৷ কালক্ৰমত ই মহিলাসকলৰো প্ৰিয় অলঙ্কাৰ হৈ পৰিল৷

৪) ডুগডুগী/পেচন্দাৰ- এইবিধ অলঙ্কাৰৰ আকৃতি সাইলাখ পাণ এখিলাৰ দৰে৷ ডালিমগুটীয়া অসমীয়া বাখৰেৰে সোণত খচিত কৰি এই লটকনটো গঢ়োৱা হয়৷ শিকলি (চেইন) বা হাৰ লগাই ইয়াক পৰিধান কৰা হয়৷ অসমীয়া গীত-মাতত ডুগডুগীৰ উল্লেখ অনেক ঠাইত পৰিলক্ষিত হয়৷ যথা-
“জোনবিৰি পিন্ধিলি ডুগডুগী পিন্ধিলি
কাণত পিন্ধিলি কেৰু,
মেখেলা পিন্ধি লৈ জাকিত চোলা পিন্ধিলি
নাচোতে নলৰে বুকু৷ ”
৫) থোকাসোপা- কাণত পিন্ধা এবিধ অলঙ্কাৰ৷ বিশেষ চানেকিৰ এইপদ অলঙ্কাৰ বৰপেটা অঞ্চলৰ এবিধ আপুৰুগীয়া অলঙ্কাৰ৷ আগতে ইয়াক কেৱল বৰপেটাৰ কাৰিকৰেহে গঢ়াইছিল আৰু সেই অঞ্চলৰ জীয়াৰী-বোৱাৰীয়েহে ইয়াক পৰিধান কৰিছিল৷ কাণৰ লতিত পেঁচ-গজালৰ (স্ক্ৰু) সহায়ত এইপদ অলঙ্কাৰ পিন্ধা হয়৷ ইয়াৰ ওপৰভাগত শিকলি এডাল থাকে৷ সেইডাল কাণৰ সন্মুখভাগৰ ওপৰেৰে নি পিছপিনেৰে কাণৰ লতিত লগাই পিন্ধা হয়৷ বৰ্তমান সময়ৰ অসমত জনপ্ৰিয় ‘থোকাসোপা’৷

৬) থুৰীয়া- এইপদ অলঙ্কাৰো কাণত পিন্ধা হয়৷ আদিতে বয়সীয়াল মহিলাসকলে এইপদ অলঙ্কাৰ পৰিধান কৰিছিল৷ এবিধ বিশেষ বাখৰেৰে এইপদ অলঙ্কাৰ গঢ়োৱা হয়৷ থুৰীয়া পিন্ধিবলৈ কাণৰ লতিৰ ফুটাটো যথেষ্ট ডাঙৰ হ’ব লাগিছিল৷ ফলত সকলোৱে পৰিধান কৰিব নোৱাৰিছিল৷ আজিকালি অৱশ্যে ইয়াক বিশেষ কৌশলেৰে গঢ়োৱা হয়; যাতে সকলোৱে পিন্ধিব পাৰে৷ ইয়াৰ চানেকি এটা ফুলৰ দৰে৷ সন্মুখৰ ফুলটোৰ পিছফালে এডাল শলা থাকে, সেই শলাডাল কাণৰ লতিৰে সুমুৱাই দি পিছপিনৰ অংশটো পেঁচ-গজালৰ দৰে পকাই পৰিধান কৰা হয়৷

৭) জোনবিৰি-এইবিধ জোন-সদৃশ গহণা৷ কাঁচিজোনটোৰ দৰে লটকণ এটা সাজি চেইন এডালত বা হাৰত লগাই পিন্ধা হয়৷

৮) কেৰু-পূৰ্বতে বৰপেটা অঞ্চলৰ বয়সীয়া মহিলাসকলে পৰিধান কৰা এই অলঙ্কাৰপদ আছিল বৰপেটা অঞ্চলৰ সৰ্বসাধাৰণ অলঙ্কাৰ৷ কেৰু কাণত পিন্ধা অলঙ্কাৰ৷ আনহাতে ইয়াক কেৱল সোণেৰে গঢ়া হয়৷ ইয়াত বাখৰ খটোৱা নহয়৷ কিন্তু অতি দুখীয়া সম্প্ৰদায়ৰ মহিলাসকলে সোণৰ পৰিৱৰ্তে ৰূপৰ কেৰু গঢ়াই পৰিধান কৰে৷ চানেকি অনুযায়ী কেৰুৰ নাম ভিন্-ভিন্-সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু, বৰৈ দিয়া কেৰু, জাংফাই কেৰু, লং কেৰু আদি৷

৯) আঙুঠি- ই হৈছে হাতৰ আঙুলিত পৰিধান কৰা ঘূৰণীয়া গঢ়ৰ অলঙ্কাৰ৷ সোণ, ৰূপ, তাম, পিতল, শংখ, হাঁতীৰ দাঁত আদি বিভিন্ন ধাতুৰ আৰু পদাৰ্থৰে আঙুঠি গঢ়োৱা হয়৷ আঙুঠিৰ আৰ্হিবোৰ জীৱ-জন্তু, গছ-লতা, তৰু-তৃণ, ফুল-ফল আদি আৰ্হিত গঢ়োৱা হয়৷ আৰ্হি অনুযায়ী আঙুঠিবোৰৰ নামো ভিন্ ভিন্ হয়-কেৱল সোণেৰে গঢ়া উকা আঙুঠি, বাখৰ পৰা আঙুঠি, জেঠিনেজীয়া আঙুঠি, সৰুদৈয়া জাপি আকৃতিৰ আঙুঠি, শেনপৰা আঙুঠি, হৰিণচকুৱা আঙুঠি, ম’ৰাপখীয়া, পদমুকলি, চিৰিপতা, হীৰাপতোৱা, বাবৰিফুলীয়া, মাছ আঙুঠি, সাপ আঙুঠি, পোহাৰী আঙুঠি ইত্যাদি৷ ইয়াৰ উপৰিও পুৰুষে তৰ্জনী আঙুলিত পৰিধান কৰা তৰ্জনী আঙুঠি, ৰজা-মহাৰজাসকলে পৰিধান কৰা মহামূল্যৱান হীৰা পতোৱা আঙুঠি, সোণ আৰু ৰূপ মিহলাই প্ৰস্তুত কৰা টিক ধৰা আঙুঠি (কেৱল বিবাহৰ নীতি-নিয়মমতে এই আঙুঠিৰ ব্যৱহাৰ হৈছিল), পুৰুষে পৰিধান কৰা মোহৰ আঙুঠি আদি বিশেষভাৱে উল্লেখযোগ্য৷ বিভিন্ন ৰোগৰ নিদান হিচাপেও আঙুঠিৰ পৰিধান এক উল্লেখযোগ্য দিশ৷ বিশ্বাস কৰা হয় যে আঙুঠিয়ে হতাশা, হৃদৰোগ, মূৰৰ বিষ, জ্বৰ আদি ৰোগৰ পৰা উপশম ঘটাব পাৰে৷ সোণ-ৰূপ পৰশে চৰ্মৰোগো নিৰাময় কৰে৷ আনহাতে খাদ্যবস্তুত সোণ-ৰূপৰ পৰশ পৰিলে ই বীজাণুমুক্ত হয় বুলিও বিশ্বাস কৰা হয়৷ অৱশ্যে আঙুঠিৰ ভিতৰফালে সদায় পৰিষ্কাৰ কৰি ৰখাটো অতীৱ প্ৰয়োজন৷ অন্যথা ইয়াৰ পৰা নানা বীজাণুৰ সংক্ৰমণ হৈ চৰ্মৰোগ বিয়পাৰ সম্ভাৱনা অধিক হৈ পৰে৷

১০) বাউটি – হাতত পিন্ধা এই অলঙ্কাৰপদ সোণ-ৰূপ আদিৰে গঢ়োৱা হয়৷ পোন আৰু ঘেৰ খুউৱা এই দুই ধৰণৰ গঢ়ৰ বাউটিযোৰৰ ওপৰৰ ফালে চকুৰে দেখা অংশত বিভিন্ন চানেকিৰ ফুলকটা থাকে৷ কোনো কোনোৱে মিনা কৰাই লয় যদিও বাউটিত সাধাৰণতে বাখৰ খটোৱা নহয়৷

১১) বাজু – সোণ আৰু ৰূপেৰে গঢ়া বাজু এপদ বাহুত পিন্ধা চেপেটা অলঙ্কাৰ৷ বাজুৰ ওপৰৰ ফালটোত ফুল বা অন্য আৰ্হিৰ চানেকি আৰু দুই মূৰত মগৰ চানেকিও থাকে৷ এটা মূৰত এটা আঙুঠি আৰু আনটো মূৰত শিকলি হাকোটা লগোৱা থাকে৷ হাকোটাডাল ইটোমূৰৰ ৰিংটোত সুমুৱাই দি পিন্ধা হয় নাইবা কেতিয়াবা দুয়োটা মূৰত সোণ-ৰূপ সূতা লগাই গাঁথি মাৰিও পিন্ধা হয়৷ সোণৰ বাজুক ‘সুৱৰ্ণৰ টাৰ’ আৰু অঞ্চল বিশেষে ‘কেয়ুৰ’ বুলিও কোৱা হয়৷ বৰ্তমান এইপদ অলঙ্কাৰৰ বিশেষ প্ৰচলন নাই যদিও কোনো কোনোৱে বিভিন্ন পাথৰ আদি খটুৱাই বাজুসদৃশ এপদ অলঙ্কাৰ পিন্ধিবলৈ লৈছে৷ সোণৰ বাজু পৰিধান কৰিলে ৰক্তসঞ্চালন সুচাৰুৰূপে হয় আৰু মস্তিষ্কৰ উত্তেজনাৰ পৰা মুক্ত হ’ব পৰা যায় বুলিও কোৱা হয়৷ ই হৃদয়ৰ কাৰ্যদক্ষতাও বৃদ্ধি কৰে৷ লগতে কান্ধ আৰু হাতৰ বিষো ইয়াৰ পৰিধানৰ ফলত উপশম হয় বুলি কোৱা হয়৷

১২) মটৰমণি-এইপদ কেৱল সোণেৰে গঢ়া অলঙ্কাৰ৷ দেখাত মণিবোৰ মটৰমাহৰ গুটিৰ দৰে বাবে ইয়াৰ নাম মটৰমণি৷ মাজত ডুগডুগীৰ লটকন ওলোমাই দি দুয়োফালে একে সমান পৰিমাণৰ মণি সূতাৰে গাঁথি দিয়া হয়৷ ইয়াক সাধাৰণতে ঘৰুৱা পৰিৱেশত ঘৰৰ বোৱাৰীয়েহে পৰিধান কৰিছিল৷ কিন্তু আজিকালি জীয়াৰী-বোৱাৰী সকলোৱে প্ৰায়বোৰ উৎসৱ-অনুষ্ঠানতে পৰিধান কৰে৷ ইয়াৰোপৰি বিহুনাচৰ নাচনীয়েও মটৰমালা পৰিধান কৰা দেখা যায়৷

১৩) খাৰু/গামখাৰু/ মুঠিখাৰু-খাৰু অসমৰ বৈশিষ্ট্যপূৰ্ণ অলঙ্কাৰ৷ কণমানি ছোৱালীজনীৰ পৰা গাভৰু জীয়াৰী, বোৱাৰী আটাইৰে নিজ ব্যৱহাৰ্য অলঙ্কাৰ হ’ল খাৰু৷ সোণ, ৰূপ, লো, তাম, পিতল, শংখ, হাতীৰ দাঁত, কাঁচ আৰু অন্যান্য পদাৰ্থৰে খাৰু তৈয়াৰ কৰা হয়৷ অসমৰ এই খাৰুবিলাকৰ মূৰৰফালে কোনো আৰ্হিত হাতী, সিংহ, সাপ, বাঘ, মেথোন আদিৰ মুখ সন্নিৱিষ্ট কৰা থাকে৷ ই অসমীয়া মানুহৰ প্ৰকৃতি প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে৷ খাৰু কেইবাবিধো আছে-গামখাৰু, মুঠিখাৰু, দেওখাৰু ইত্যাদি৷

১৪) গামখাৰু আৰু মুঠিখাৰু হ’ল অসমীয়া পুৰুষ-মহিলাৰ সৌন্দৰ্যবোধৰ স্বাক্ষৰ৷ পূৰ্বতে মিৰিসকলৰ গামেহে এইপদ অলঙ্কাৰ পিন্ধিছিল৷ সেয়েহে ইয়াক গামৰ খাৰু অথবা গামখাৰু বুলি নামাকৰণ কৰা হৈছিল৷ এই খাৰু সাধাৰণতে তিনিশিৰীয়া আৰু ৰূপৰ হয়৷ কালক্ৰমত পুৰুষে (গামে) পিন্ধা গাম খাৰু নাৰীৰ দুহাত শুৱনি কৰেহি৷ বিয়া সবাহৰ উপৰি বিহু মাৰোতেও গামখাৰু নাচনীৰ দুহাতত দেখিবলৈ পোৱা যায়৷

১৫) মুঠিখাৰু হৈছে মুঠি মাৰি সুমুৱা খাৰু৷ কেইবাডালো চেপেটা বালা লগাই মৰা এবিধ খাৰু৷ অসমীয়া জীয়াৰী-বোৱাৰীয়ে দুহাতত মুঠি খাৰু বা খুচুৰীয়া খাৰু পিন্ধিছিল৷ আহোমৰজাৰ কুঁৱৰীসকলৰ মুঠি খাৰুবোৰত হেনো হীৰা পতোৱা আছিল৷ সোণেৰে গঢ়া গামখাৰুৰ লেখিয়াকৈ সোণৰ মুঠি খাৰুসমূহৰো বাখৰ পতাই অতি আকৰ্ষণীয় কৰি তোলা হৈছিল৷

এনে অনেক অনবদ্য অলঙ্কাৰেৰে তাহানিৰ অসমীয়া পুৰুষ-নাৰীয়ে নিজকে সৌন্দৰ্যশালী কৰি তুলিছিল৷ অসমৰ বিগত কালৰ আ-অলঙ্কাৰৰ বিষয়ে ভাষ্কৰ্য; পুৰণি সাহিত্য আৰু লিপিসমূহৰ পৰা স্পষ্ট ধাৰণা পাব পাৰি৷ কুমাৰ ভাষ্কৰবৰ্মাই হৰ্ষ-শিলাদিত্যলৈ পঠিওৱা বিভিন্ন উপঢৌকনৰ ভিতৰত গজমুক্তা খটোৱা বালা অন্যতম বুলি ভাবিব পৰা যায়৷ আনহাতে বনমাল বৰ্মাৰ তেজপুৰ শাসনকালত কিংকিনীৰ উল্লেখ পোৱা যায় (কিংকিণীভি:)৷ কালিকা পুৰাণৰ মতে ডিঙিৰ ওপৰভাগত ৰূপৰ অলঙ্কাৰ পৰিধান কৰা নহৈছিল; লো আৰু কাঁহৰ অলঙ্কাৰ পিন্ধাটো নীতিবিৰুদ্ধ আছিল৷ ইপিনে ভাষ্কৰ্যসমূহে বাখৰপতোৱা হাৰ পিন্ধাটোও নিশ্চিত কৰে৷ কাণত কুণ্ডল পিন্ধাও ভালেসংখ্যক ভাষ্কৰ্যত দেখা যায়৷ মাধৱ কন্দলিৰ ৰামায়ণত সীতা দেৱীলৈ উপহাৰ দিয়া ‘বত্ৰিশ অলঙ্কাৰ’ৰ নামো পোৱা যায়৷ সকলো ক্ষেত্ৰৰ দৰে অলঙ্কাৰৰ ক্ষেত্ৰটো যে অসম আৰু অসমীয়া প্ৰাচীন কালৰেপৰা ঐশ্বৰ্যশালী সেয়া অনস্বীকাৰ্য৷ নতুনত্বৰ পৰশত সিবিলাকৰ চানেকিৰ কিছু পৰিৱৰ্তন হৈছে যদিও অসমীয়া অলঙ্কাৰৰ গুৰুত্ব আৰু চাহিদা বৰ্তমান বিশ্বব্যাপী৷ ভাষা, সাজ-পাৰ আদিৰ লগতে অলঙ্কাৰেও বহন কৰিছে অসমীয়াৰ চিৰ গৌৰৱোজ্জ্বল ঐতিহ্য৷
☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!