কৈলাসৰ পৰা ছাংপোৰ থিয়গৰাত উত্তৰ-পূব ভাৰত জলবায়ু সলনি, ব্ৰহ্মপুত্ৰৰ সংকট- দেবাঙ্গনা চৌধুৰী
কৈলাসৰ পৰা ছাংপোৰ থিয়গৰাত উত্তৰপূব ভাৰত
জলবায়ু সলনি,ব্ৰহ্মপুত্ৰৰ সংকট
ড° আৰতি বৰুৱা
প্ৰকাশক- চন্দ্ৰ কলিতা প্ৰকাশন
মূল্য-৩০০ টকা
■১৯৫০ চনতে তিব্বত অধিকাৰ কৰা ড্ৰেগনৰ দেশ চীনৰ উত্তৰ-পূব ভাৰত বিশেষকৈ অৰুণাচলৰ প্ৰতি অত্যাধিক আসক্তি কিহৰ বাবে?
■২০১৭ চনৰ ৩০ অক্টোবৰত সংবাদ মাধ্যমত প্ৰকাশিত, চীনে ব্ৰহ্মপুত্ৰ নদীৰ গতিপথ সলনি কৰিবৰ বাবে সুৰংগ নিৰ্মাণৰ বাতৰিৰ সত্যতা আছেনে?লগতে এই নিৰ্মাণ সমূহে উত্তৰপূৱ ভাৰত বা বাংলাদেশলৈ কি ধৰণৰ দুৰ্যোগ কেনে প্ৰকাৰে কঢ়িয়াই আনিব সেই সম্পৰ্কে বাবে ভাৰত বা বাংলাদেশ জ্ঞাত নে?
■২০১৭ চনৰ ১৯ নৱেম্বৰত কিহৰ বাবে অৰুণাচলৰ চিয়াং নদী যাক তিব্বতত য়াৰলুং ছাংপো আৰু অসমত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায়, সেই নদীৰ স্বচ্ছ পানী লেতেৰা আৰু ক’লা হৈছিল?
সুৰংগ নিৰ্মাণৰ লগত ইয়াৰ কিবা সম্বন্ধ আছে নে?
■কিহৰ বাবে হিমালয়ৰ পাদদেশৰ উত্তৰ-পূব ভাৰত বিশেষকৈ অৰুণাচল, অসম বৃহৎ নদীবান্ধৰ বাবে একেবাৰে অনুপযুক্ত?
উপৰোক্ত আটাইবোৰ প্ৰশ্নৰ বৈজ্ঞানিক, ভূতাত্ত্বিক বিশ্লেষণ আপুনি পঢ়িবলৈ পাব ড° আৰতি বৰুৱাৰ উপৰোক্ত শিৰোনামাৰ গ্ৰন্থখনৰ প্ৰথম খণ্ডত। ড° বৰুৱা নিজেই এগৰাকী অভিযন্তা আৰু তেওঁ জীৱনৰ দীৰ্ঘকাল সময় ধৰি পাহাৰে কন্দৰে ভ্ৰমি নদীবান্ধ, জলবায়ু পৰিবৰ্তন আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিজাববীয়াকৈ অধ্যয়ন কৰি আহিছে।
তেখেতৰ নিজৰ ভাষাৰে তিনিসৰী তৰুণ পাহাৰ, এখন গেদ পলস কঢ়িয়াই অনা নদী, ওলোটা ওভোটা প্ৰতিবেশী দেশ, তিব্বতত ব্ৰহ্মপুত্ৰৰ বিলাই বিপত্তিত উদ্বিগ্ন-শংকিত তেওঁ। আৰু তাৰেই ফলশ্ৰুতিত এই গৱেষণা আৰু গ্ৰন্থখনি।
সময়ে সময়ে আমি সংবাদ মাধ্যমত পাই অহা ব্ৰহ্মপুত্ৰ নদীৰ পানীলৈ ৰঙা চীনৰ চকু,চীনৰ নদীবান্ধ প্ৰীতি, তিব্বতীয় লোক সকলৰ দুৰ্দশা, ভাৰতত শৰণ লোৱা দালাই লামাৰ বাবে ভাৰতৰ প্ৰতি চীনৰ যি অসন্তুষ্টি, সেই বিষয়েও গ্ৰন্থখনিত সুন্দৰভাবে উপস্থাপন কৰিছে। ব্ৰহ্মপুত্ৰ, যি ভাৰতৰ উপৰি বাংলাদেশৰো জন জীৱনৰ আয়ুস ৰেখা সেই ব্ৰহ্মপুত্ৰৰ পানীক লৈ চীনে চলাই অহা দীৰ্ঘকালীন ষড়যন্ত্ৰ সম্পৰ্কে আপুনি এই গ্ৰন্থখনতে সম্পূৰ্ণ আভাস পাব যি অসম তথা ভাৰতবাসীৰ বাবে নিঃসন্দেহে উদ্বেগৰ খবৰ।
গ্ৰন্থখন দুটা পৰ্বত ভাগ কৰা হৈছে।প্ৰথম পৰ্বত দহটা অধ্যায় আৰু দ্বিতীয় পৰ্বত চাৰিটা অধ্যায় সন্নিৱিষ্ট কৰা হৈছে। প্ৰথম পৰ্বত হিমালয় পৰ্বতৰ গঠন, অসম আৰু অৰুণাচলৰ হিমবাহৰ নদীসমূহৰ উৎস তথা তিব্বত যাক পৃথিৱীৰ তৃতীয় মেৰু হিচাপেও জনা যায় সেই তিব্বতৰ ভূমিত খনন,নদীবান্ধকে ধৰি প্ৰকৃতিৰ ওপৰত চীনৰ যি অত্যাচাৰ সেই বিষয়ে বিশদ ভাবে বৰ্ণনা কৰা হৈছে। প্ৰথম পৰ্বৰ পৰা এটা কথা স্পষ্ট যে “Development at all cost” নীতি মানি চলা চীনৰ ডাঙৰ ডাঙৰ নদীবান্ধ জাতীয় প্ৰকল্পৰ প্ৰতি থকা দুৰ্বলতাই ব্ৰহ্মপুত্ৰৰ পানীৰ প্ৰতি চীনৰ আকৰ্ষণৰো অন্যতম কাৰণ। ইতিমধ্যে ছাংপোত ৫টাকৈ নদীবান্ধ নিৰ্মাণ কৰা চীনৰ এতিয়া লক্ষ্য হৈছে জিনজিয়াঙৰ য়াৰলুং ছাংপোৰ পৰা নদীখন(অৰ্থাৎ ব্ৰহ্মপুত্ৰ)ৰ গতিপথ সলনি কৰি ইয়াৰ পানী টাকলা মাকান মৰুভূমিলৈ প্ৰায় ১০০০কি.মি দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণৰে বোৱাই নিয়া। চীনে এই প্রকল্পৰ কথা অস্বীকাৰ কৰিলেও কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা চিত্ৰ তথা The print ৱেবচাইটত উপলব্ধ অৱসৰ প্ৰাপ্ত কৰ্ণেল বিনায়ক ভাটৰ লিখনিয়ে ইয়াৰ সত্যতাকে প্ৰতিপন্ন কৰে। এই প্ৰকল্প ক্ষেত্ৰৰ চাৰিওফালে ধূলিৰ চামনি কমাবলৈ ব্যৱহাৰ হোৱা পলিমাৰ ৰেজিনৰ বাবেই ২০১৭ চনত অৰুণাচলত ছিয়াঙৰ পানী কলা হৈছিল।যদিহে এই প্ৰকল্প সফল হয়, তেতিয়াহলে ই ব্ৰহ্মপুত্ৰ নৈলৈ এক অশনি সংকেত কঢ়িয়াই আনিব আৰু ব্ৰহ্মপুত্ৰ নদীৰ পানীৰে ৰঙা চীন পুষ্ট হ’ব৷ ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাপে ভাৰতবৰ্ষ আৰু বাংলাদেশত ভয়ংকৰ জল সংকটে দেখা দিব। নদীক কেন্দ্ৰ কৰি গঢ়ি উঠা এই সভ্যতাৰ অকাল বিলুপ্তি হ’ব। এই তথ্যখিনিয়ে পানীৰ বাবেই যে এখন তৃতীয় বিশ্বযুদ্ধ হ’ব সেই আশংকাৰো ইংগিত বহন কৰে।
এই সম্ভাব্য ভয়ংকৰ জল সংকট তথা প্ৰাকৃতিক উপাদানৰ অপব্যৱহাৰ বাবে হোৱা পৰিৱেশ প্ৰদূষণৰ পুঙ্খানুপুঙ্খ বিশ্লেষণৰ লগতে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ ক্ষেত্ৰত তিব্বতৰ ভূমিকা সম্পৰ্কেও এই কিতাপখনত লেখিকাই সুন্দৰকৈ বৰ্ণনা কৰিছে। তিব্বতীয় লোকসকল যি আমাৰ উত্তৰপূবৰ লোকসকলৰো উপৰিপুৰুষ, তেওঁলোকে মাতৃভূমিক যথেষ্ট সন্মান কৰাৰ লগতে পৰিৱেশৰ লগতো সহাৱস্থান কৰি চলিব খোজে। তেওঁলোকে আনকি যিকোনো ধৰণৰ খনন কাৰ্য্যৰ পৰাও বিৰত থাকে। আনহাতে এই তিব্বতেই হ’ল এছিয়াৰ হিমবাহৰ স্থান আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰধান নদীসমূহৰ উৎস। গতিকে হিমালয় আৰু ইয়াৰ ওচৰ পাজৰৰ দেশসমূহৰ বিশেষকৈ উত্তৰ-পূব ভাৰতৰ পৰিৱেশতন্ত্ৰ নিয়ন্ত্ৰণৰ বাবে আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাত তিব্বতৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে তিব্বতত চীনা আগ্ৰাসনৰ পিছত ইয়াক যিদৰে বিভিন্ন নদীবান্ধ আৰু সমৰসজ্জাৰ অনুশীলন ভূমি হিচাপে ব্যৱহাৰ কৰা হৈছে সি কেৱল তিব্বতৰেই নহয় ইয়াৰ ওচৰ পাজৰৰ দেশ ম্যানমাৰ, ভাৰত, বাংলাদেশ আদিৰ পৰিবেশলৈও সংকট কঢ়িয়াই আনিছে। যাৰ বাবে তিব্বতত চীনৰ এনেধৰণৰ কাৰ্যকলাপ বন্ধ হোৱাটো অতিকৈ জৰুৰী। তদুপৰি বাংলাদেশ আৰু ভাৰতবৰ্ষই ভৱিষ্যতৰ জলসংকট বা নদীবান্ধ আদিৰ পৰা হ’ব পৰা যিকোনো ধৰণৰ সংকটক লৈ চীনৰ লগত বৈদেশিক আৰু কূটনৈতিক পৰ্য্যায়ত নতুন নীতি গ্ৰহণ কৰাৰো এয়াই উপযুক্ত সময়। প্ৰথম পৰ্বৰ ষষ্ঠ অধ্যায়ত লেখিকাই স্পষ্ট ভাবে উল্লেখ কৰিছে যে হিমালয়ৰ চালুকীয়া গঠন তথা শিৱালিক বা চফ্ট পাহাৰৰ উপস্থিতিৰ বাবে হিমালয়ৰ পাদদেশত অৱস্থিত অৰুণাচল, অসম আদি ৰাজ্যসমূহত বৃহৎ নদীবান্ধ একেবাৰে অনুপযুক্ত। কাৰণ এই পাহাৰ সমূহৰ গঠন অতি ভঙ্গুৰ তথা এই অঞ্চল সমূহ ভূমিকম্পৰ অভিকেন্দ্ৰও হয়।গতিকে এনেধৰণৰ নদীবান্ধ সমূহে যিকোনো মুহূৰ্ততে সমগ্ৰ উত্তৰ-পূবৰ বিপদ ঘটাব পাৰে।
উপৰোক্ত বিষয় সমূহৰ উপৰিও জলবায়ু পৰিবৰ্তন, জলসংৰক্ষণ, সাগৰ পৃষ্ঠৰ বাঢ়ি অহা
উচ্চতা,বানপানী,সংযোগিত বিশ্বৰ ধাৰণা ইত্যাদি বিষয় সমূহো লেখিকাই প্ৰথম পৰ্বত সবিস্তাৰে উল্লেখ কৰিছে। বৈজ্ঞানিক পৰিভাষাত বৰ্ণনা কৰা এই অধ্যায় সমূহ যথেষ্ট বাস্তৱসন্মত। গ্ৰন্থ খনৰ দ্বিতীয় পৰ্বত চীনে কি পৰিস্থিতিত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত অৰুণাচল আৱিষ্কাৰ কৰিলে আৰু অৰুণাচলৰ প্ৰতি থকা চীনৰ দুৰ্বলতাৰ লগতে মহাদেৱৰ মহাজঁটা মডেল যিয়ে ভৱিষ্যতে হিমালয়ৰ পাদদেশ সমূহত হ’ব লগা বিভিন্ন নিৰ্মাণ কাৰ্য্য সমূহৰ দিক নিৰ্দেশনা কৰিব তাৰ বিষয়েও লেখিকাই স্পষ্ট আৰু গৱেষণালব্ধ বৰ্ণনা কৰিছে।
প্ৰকৃতাৰ্থত এই গ্ৰন্থখনে ভাৰতবৰ্ষ আৰু চীনৰ মাজত থকা ৰাজনৈতিক, অৰ্থনৈতিক, বাণিজ্যিক সম্পৰ্ক-বৈৰীতাৰ উপৰিও ভৱিষ্যতে পানীক লৈ দুয়ো দেশৰ মাজত উদ্ভৱ হ’ব পৰা সমস্যা সমূহ সুন্দৰকৈ বৰ্ণনা কৰিছে। এগৰাকী অসমীয়া হিচাপে ব্ৰহ্মপুত্ৰৰ প্ৰতি লেখিকাৰ এক সুতীব্ৰ আগ্ৰহ আছে, সেয়েহে ব্ৰহ্মপুত্ৰৰ ওপৰত ভৱিষ্যতে আহিব লগা বিপদ আৰু এই বিপদ নিৰ্মূলৰ বাবে তেওঁ উদ্বিগ্ন। লেখিকাই ভবাৰ দৰে এই গ্ৰন্থখন আমাৰ হাইস্কুল সমূহৰ সমাজ বিজ্ঞানৰ আৰু কলেজ পৰ্যায়ত ভূ-তাত্ত্বিক বিষয়ৰ সহায়িকা পুথি হিচাপে উপযোগী নিশ্চিতভাবেই হ’ব পাৰে। কিন্তু মোৰ ব্যক্তিগত অনুভৱ, কেৱল সহায়ক পুথি হিচাপেই নহয় আমাৰ উত্তৰ পূবৰ প্ৰত্যেক ব্যক্তিয়ে এই গ্ৰন্থখনত সন্নিবিষ্ট তথ্যবোৰ জনাৰ লগতে এই জলভাণ্ডাৰটোৰ সংকট আৰু সম্ভাৱনা সম্পৰ্কে সচেতন হোৱাটো বৰ্তমান সময়ৰ এটা দাবী।