কোনে নধৰে?সকলোৱে ধৰে (সুস্মিতা বৰা)
কালি ৰাতি মৰ টোপনিয়ে ইমানকৈ ধৰিলে যে বিচনাত উঠি আনদিনাৰ দৰে বংশীধৰৰ নামটোও সুৱঁৰিবলৈও সময় নাপালোঁ৷ আজি আকৌ টোপনি নহা হ’ল৷ কালি তেনে হোৱাৰ কাৰণ এফেৰিও অৱশ্যে নথকা নহয়৷ কালি গাঁৱৰ সিটো মূৰৰ ৰত্নধৰৰ ঘৰত ৰাতিবঞ্চা নাম এভাগ আছিল৷ তাত আকৌ অমুকাও নাম ধৰিব লগা হ’ল৷ ইমান এচপাৰ্ট নহ’লেও গিৰিধৰৰ কৃপাত কীৰতন ভাগ একেবাৰে সলসলীয়াকৈ মাতিব পাৰোঁ, তাকো নোচোৱাকৈ৷ সেয়ে সাতে সোঁতৰই ভাবিলোঁ বোলো নধৰোনো কিয়? তাত সিহঁতৰ ঘৰৰ মানুহবোৰে বৰ ভালদৰে আলপৈচান ধৰিছিল৷ সিহঁতৰ বৰজীয়েকজনী, দেহি অ’!বৰ ঘৰ ধৰা ছোৱালী৷ মোৰ ল’ৰা এটা থকাহেতেন তাইকে বোৱাৰী কৰি আনিলোঁহেতেন৷ ল’ৰা এটাৰ কথা কওঁতে মোৰ দেহলাউ সুৱাগীয়ে আকৌ সেইসময়ত যিহে ঠেহ পেচ ধৰিলে মই বপুৰাই ভূমি চুই তিনিবাৰ কাণত ধৰিলোঁ, বোলো হ’বদে ছোৱালী দুজনীয়েই৷ তাতে ময়ো আকৌ হলধৰহে৷ চোৰ ধৰা বা কোনোবা অনুষ্ঠানৰ গুৰি ধৰা হোৱা হেতেন কথাটো বাৰু সুকীয়া হ’লহেঁতেন৷ তেতিয়া চল্লিশ লাখ টকীয়া নহ’লেও মাৰুতি ৮০০ এখনকে জন্মদিনত দিব পাৰিলোঁহেঁতেন৷ তেনে হোৱাহেঁতেনো মহা পয়মাল হ’লহেঁতেন৷ মোৰ পেৰাত থকা ক’লা টকাবোৰ সৰকাবৰ বাবে কোনোবা সোপাধৰাই আকৌ ছোৱালী দুজনীকে ধৰি বান্ধি নিলেহেঁতেন৷ আমাৰ মুলুকৰ চোৰ ধৰাই নো সোপাধৰা ধৰিব পাৰিব নে?পৰাহেঁতেন আজি ৰাইজ্যৰ গোটেই মুকলি ঠাইবোৰতে তিঘিলঘিলাই থকা বাংলাদেশীবোৰ খেদিব পাৰিলেহেঁতেন৷ যিবোৰৰ পৰা এতিয়া হাতত ঘটিটো ধৰি বাহিৰ ফুৰিবলৈও যাব নোৱাৰি৷ মই আকৌ চোৰ ধৰা অৰ্থাৎ পুলিচসকলৰ কথাও ভাবোঁ৷ তেওঁলোকে কামত ধৰিলেও বিপদ, কিজানি ওপৰৰ ছত্ৰধাৰীসকলে ধৰাধৰি কৰে!কথা যদি গুৰুতৰ হয় তেন্তে ডিঙিত ধৰি এক্কেবাৰে শদিয়াতে থাপিবগৈ৷ তেতিয়া থাক তাতে বৰত ধৰি৷ না পানীটুপি পাবি না মণিৰাম৷ সেই সময়তে যদি তেওঁৰ গৃহমন্ত্ৰীয়ে নতুন গাড়ী এখন ল’বৰ বাবে ব্ৰজলেপন দি ধৰে তেতিয়া তেওঁৰ অৱস্থা ভালুক জ্বৰে ধৰা মানুহৰ দৰে হ’ব৷ মোৰ জনীয়েও মোক নাকত ধৰি কম চাকত ঘুৰোৱা নাই৷ আজি বোলে ৰিহা মেখেলা, কালি বোলে হীমানী, গোন্ধতেল, দৰ্পণা স্নো আৰু ক’ত কি৷ মই বুলিহে এতিয়ালৈকে তাইতে জোক ধৰা দি ধৰি আছোঁ৷ এতিয়া অৱশ্যে সময়ো নাই দিয়কচোন বেলেগ এজনী ধৰিবৰ!ছোৱালী দুজনীও ডাঙৰ হ’ল৷ এজনীক দুবছৰ আগতে বিয়াও দিলোঁ৷ তেৰাৰ কৃপাত মোৰ দুয়োজনী ছোৱালী চালে চকুৰোৱা৷ ডাঙৰজনী কামে বনে পাৰ্গত, হাত ধৰিবও জানে ভালদৰে৷ গাৱঁৰে কোনোবা এঘৰৰ বিয়াত তাইক দেখি দৰাঘৰীয়াই একদম জোকে ধৰা দি ধৰিলেহি৷ সেই সময়ত মোকো একো আলষনীয়ে ধৰা নাছিল যে এনে পদবীধাৰী দৰা এজনৰ প্ৰস্তাৱ মই হেহোঁনেহোঁ কৰিম৷ কথাটো খাটাং কৰি বাহিৰে বাহিৰে নামধৰা আয়তীকেইগৰাকীক নিমন্ত্ৰণ কৰিলোঁগৈ৷ বিয়াৰ দিনা আকৌ পয়মাল এখন হৈছিলেই৷ মোৰ জোঁৱাইৰ দৰা ধৰাৰ ভায়েকে সেইটুপি অলপ বেছিকৈ ধৰি আহিছিল৷ ইয়াৰ ৰংছঙীয়া পখিলাবোৰ দেখি হাততে থাপমাৰি ধৰিছিল৷ ৰাইজে গৰাহ মাৰি ধৰিবই খুজিছিল৷ মইহে হাতযোৰ কৰি তেওঁক জুমুৰি দি ধৰিবলৈ বাৰণ কৰিলোঁ৷ অৱশেষত মোৰ কাৰ্যটিয়ে যেন ফল ধৰিলে৷ বিয়াখন ভালদৰেই হৈ গ’ল৷ আঠমঙলা খাবলৈ আহি জোঁৱায়ে মোক পাটৰ পাঞ্জাৱী চুৰিয়া দি মান ধৰিলেহি৷ সুৱাগীৰ গুণা ফুলৰ পাটৰ কাপোৰ পাই আনন্দে হিয়া নধৰা হৈছিল৷ এতিয়া মোৰ ডাঙৰজনী জী এক্কেবাৰে ৰাজৰাণী, আলধৰা লগুৱাই ছটা৷ হওঁক, সিহঁতৰ জীৱন ঠন ধৰি উঠা দেখিলে মোৰ হিয়াখন সুখে নধৰা হয়৷ এতিয়া সৰুজনীক ভাল পাত্ৰ এটাত গতাব পাৰিলেই মই বাট ধৰিব পাৰোঁ৷ মোক দিনচেৰেক আগতে ভাতৰ মজিয়াত কোৱা মতে তাই কাৰোবাৰ সৈতে মন মেলিছে বুলি সুৱাগীৰ মনে ধৰিছে৷ এদিন চাব দি ধৰিছিলোঁ তাইক পিছে তাই ওলোটাই মোকহে জক্জকাই ধৰিলে৷ ময়ো শুদাই এৰি দিয়া ভকত নহয়!যিদিনা তাইক হাতে লোটে ধৰিম সেইদিনা এক্কেবাৰে টেন্ট হাউচলৈ গৈ পেণ্ডেলৰ অৰ্ডাৰ দি থৈ আহিমগৈ বাপ্পেকে৷ বিয়াৰ দিনা কইনা সাজযোৰে তাইক সুন্দৰকৈ তুলি ধৰিব৷ সৰু কথা এটাতে আইধৰ বাইধৰ কৰি থকা সুৱাগীয়ে বিদায়ৰ সময়ত ডাঙৰজনী ছোৱালীৰ বিয়াৰ সময়ত কন্দাৰ দৰে ডিঙিত ধৰাধৰিকৈ কান্দিব৷ তেনেকুৱা সময়বোৰত মোৰো শোকে বুকুতে খুন্দা মাৰি ধৰে৷ কথাটো ভাবিয়েই মোৰ চকুদুটা সেমেকি উঠিছে৷ ৰাতিপুৱালেই৷ মোকহে আজি টোপনিটোৱে বৰ ঠগিলে৷ সন্ধিয়া সুৱাগীয়ে থোৱা হালধীয়া বৰণ ধৰা পকা সাজ এবাটি ধৰিছিলোঁ৷ এনেই পৰি থাকি গাটো সিৰামুৰি ধৰিছে৷ তাতকৈ বাহিৰলৈয়ে যাওঁ বুলি বাট ল’লো৷ যাওঁতে কাষতে শুই থকা সুৱাগীলৈ চালোঁ৷ দেখিলোঁ, তাই টোপনিতে ধায়ে ধৰা হাঁহি মাৰি আছে৷ মোৰ তাইৰ ৰূপালী ৰং ধৰা চুলিকোঁচাত হাত বোলাই দিয়াৰ ইচ্ছা এটাই উক দি উঠিছিল যদিও লাজটোৱে আহি মোৰ নাকতে ধৰিলেহি নহয়৷ সেয়ে তেনে চিন্তা বাদ দি বাহিৰলৈ ওলাই আহিলোঁ৷ বোলো সজাল ধৰা ধাননিখিনিকে চাই আহোঁ৷ সেইবুলি ভাবি ভৰিখন বাৰাণ্ডাৰ পৰা নমাইছোহে মোৰ অৱস্থা বেঙে মুতা গৰুৰ দৰে হ’ল৷ যেতিয়া দেখিলোঁ এই ব্ৰহ্মপুৱাতেই মাজনী মানে মোৰ সৰু ছোৱালীজনীয়ে ম’বাইলত কাৰোবাৰ সৈতে কথাৰ আঁত ধৰাত ব্যস্ত৷ তেতিয়া মনতে ভাবিলোঁ, তলে তলে কথা বিষমেই তাৰমানে৷ মইহে কথাটো তত্ ধৰিব পৰা নাই৷