কোন? – প্ৰাঞ্জল প্ৰতিম বৰা

 

ব্ৰহ্মগুপ্তৰ কোঠালিয়েদি আৰ্যভট্টৰ বাৰাণ্ডাত
ভূমুকি মাৰোঁতে কোনোৱেই গম পোৱা নাছিল
সি জনপ্ৰিয় হোৱা নাছিল
নিউটনৰ বাৰীৰ চুকত জোপ লৈ থাকোঁতে
ৰামানুজনে দেখা নাছিল তাক
ৰামানুজন অহা নাছিল
সি আৰ্যভট্টৰ কোলাত ডাঙৰ হ’ল
মানুহে তাক বুজিবলৈ অপাৰগ৷

মৃত্যুৰ আগতে আলেকজেণ্ডাৰে কৈ গৈছিল
মানুহৰ শেষ পৰিণতি সিয়েই
মানুহ আহিছে
মানুহ গৈছে
যোৱাৰ পৰত কেৱল সকলোৱে বুজিছে
নেতাবোৰে লুডু খেলিছে
কেতিয়াবা যদি ডাব’ল ছয় পাঁচ
কেতিয়াবা তিনি ছয়
সি লুডুখেলৰ তিনি ছয়ৰ দৰে
নেতাবোৰে ভাষণৰ বৰষুণ ঢালিছে৷

সি ঢেকঢেকাই হাঁহিছে
সি জানে তাৰ আকাৰটোৰ দৰে নেতাবোৰৰ কৰ্ম
গাঁৱৰ বাটৰ পলসৰ বোকাৰ মাজেৰে বাঁহৰ সাঙীত হাস্পতাললৈ নিয়া
গৰ্ভৱতী বোৱাৰীজনী ঘৰলৈ ঘূৰি নাহিল
শাহুৱেকে বোকাৰ মাজতে ৰাউচি জুৰিছে
খেপিয়াইছে বোকা
দলিয়াইছে বোকা
হ’ব লগা নাতিটো বোকাৰ মাজতে নোহোৱা হ’ল
ডাক্টৰে হাত দাঙিছে
সময়ত নোপোৱাৰ বাবে গৰিহণা দিছে মানুহজনক
মানুহটো নিবোকা হৈ পৰিছে
ৰাজপথৰ বোকাবোৰ আছাৰি পেলাবৰ মন গৈছে
মাকৰ কোলাত কাক থ’ব?
কাক?

ব্ৰহ্মগুপ্তৰ কোঠালিয়েদি
আৰ্যভট্টৰ বাৰাণ্ডালৈ অহা সেই “তাক“
সি যে “শূন্য!“■■

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!