কৌটিলিক — তুষাৰ ৰঞ্জন
”ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং”
কেশৱ মহন্তৰ বাক্যকেইষাৰিক চূড়ান্তভাৱে উপহাস কৰি চোৰ-মাতালৰো ৰংবোৰৰ অবৰ্তমানত নিশা ন-বজাৰ আগতেই একেবাৰেই আওচেৰীয়া হৈ পৰিছে সৰ্বদা ব্যস্ত পথটো। সততে নিশা প্ৰায় এঘাৰ বজালৈকে পূৰ্ণ হৈ থকা পথটোৰ কোলাহলবোৰ অস্বাভাৱিকভাৱে নিতাল মাৰিছে এইকেইদিন। ডিচেম্বৰ মাহৰ ঠেঁটুৱৈ ধৰা ঠাণ্ডাবোৰৰ লগত হাত উজান দি সেয়া যেন এক অঘোষিত সান্ধ্য আইনৰ ৰাজত্বহে চলিছে চহৰখনত। গহন কুহেলিকাবোৰৰ আঁৰাল ফালি প্ৰচণ্ড শীতকো নেওচি নিজান ৰাস্তাটোত অকলশৰে ৰাজত্ব কৰি অহা জীপখনৰ গতি এইবাৰ আগতকৈ কিছু মন্থৰ হ’ল। পুহমহীয়া ফেৰফেৰীয়া বতাহজাকে সেঙেতা কৰি পেলোৱা নিলয়ৰ শৰীৰটোৱে সেইখিনি সময়ত একাপ গৰম চাহ আৰু এটা গ’ল্ড ফ্লেকৰ আৱশ্যকতা বাৰুকৈয়ে অনুভৱ কৰিলে। পাচে তাৰ চাহিদাবোৰক বৃদ্ধাংগুষ্ঠ দেখুৱাই ৰাস্তাৰ কাষৰ বন্ধ দোকানবোৰে তালৈ চাই যেন এটা বিদ্ৰূপৰ হাঁহিহে মাৰিলে।
”ধুই চাল্লা!” জীপখনৰ ষ্টিয়াৰিংডালত অনুগ্ৰ ঢকা এটা মাৰি খংবোৰ উজাৰিলে নিলয়ে। ঠিক একেটা সময়তে গৰাকীৰ পৰা সঁহাৰি বিচাৰি নিলয়ৰ চেলুলাৰটোৱে এটা মৃদু কম্পনৰ সৃষ্টি কৰিলে ডেছবৰ্ডখনত।
”গৈ আছো অ’ পামগৈ অলপ পাছতেই কৈছিলোৱেইচোন অলপ পলম হ’ব বুলি।”
সহধৰ্মিনী নন্দিতাৰ হাজাৰটামান প্ৰশ্নৰ উত্তৰ দুটা বাক্যতে সামৰি বিৰক্তিৰে ফোনটো কাষৰ ছিটটোলৈ দলিয়াই দিলে নিলয়ে। এনেবোৰ সময়তে প্ৰচণ্ড খং এটা উঠে তাৰ; নিজৰ ওপৰতো, খাকী পোছাকযোৰৰ ওপৰতো। দিনত থানাৰ ওপৰৱালা অফিচাৰৰ অৰ্ডাৰবোৰ ফ’ল’ কৰি কৰি আৰু নিশা ঘৰত নন্দিতাৰ অভিমানবোৰ ভাঙি ভাঙি জীৱন জিন্দাবাদ বুলি ক’বলৈ যেন একেবাৰেই পাহৰি পেলাইছে সি। দিনটোৰ ব্যস্ততাবোৰ সামৰি ঘৰ সোমোৱালৈ সদায়ে পলম হয় নিলয়ৰ। নন্দিতাই কেতিয়াবা বুজে, কেতিয়াবা যেন বুজিও নুবুজে।
এইকেইদিন অশান্ত হৈ পৰিছে ঠাইখিনি; ছয়টাকৈ পৈশাচিক নৰহত্যাই জোকাৰি পেলোৱা চহৰখনত বিৰাজ কৰিছে এক অস্বাভাৱিক নিস্তব্ধতাই। কিন্তু এই হত্যাকাণ্ড কাৰ দ্বাৰা সংঘটিত হৈছে, কাৰ মুনাফাৰ বাবে হৈছে আনকি হত্যাকাণ্ডৰ মূল উদ্দেশ্যই বা কি সেইয়াও এতিয়ালৈকে থিৰাং কৰিব পৰা নাই সিহঁতৰ অতিকায় বিভাগটোৱে। নিলয়হঁতৰ ব্যস্ততাবোৰ আগতকৈ বাঢ়িছে। পাব্লিকৰ গালি-শপনিবোৰ, মিডিয়াৰ প্ৰেচাৰ, ওপৰৱালাৰ অৰ্ডাৰবোৰ হজম কৰি কৰি চাবি দিয়া পুতলাৰ দৰে দৌৰি ফুৰিছে সিহঁতবোৰে। সাধাৰণ মানুহখিনিৰ মাজত একপ্ৰকাৰৰ অভিশঙ্কাৰ সৃষ্টি কৰিছে এই হত্যাকাণ্ডকেইটাই। সাঁজ লগাৰ পাছত মানুহবোৰে এলাপাকত বাহিৰলৈ আহিবলৈ এৰিছে, আহিলেও সোনকালেই আকৌ ঘৰলৈ ঘূৰিছে। যোৱা এটা মাহত ব্যস্ত চহৰখনক যেন একপ্ৰকাৰ মৰিশালিত পৰিণত কৰি পেলাইছে নৰহত্যা কেইটাই।
দিনটোৰ তিক্ততাবোৰ আৰু নিশাটোৰ হাড়কঁপোৱা বতাহবোৰৰ মাজত বিৰাট ভাগৰুৱা অনুভৱ কৰিলে নিলয়ে। সময়ো যথেষ্ট হৈছিল তেতিয়া। ফৰেনছিক ৰিপৰ্টটো সংগ্ৰহ কৰি আগদিনা লাচটো উদ্ধাৰ হোৱা স্পটটোৰ ওচৰ-পাজৰৰ মানুহখিনিক সোধ-পোছ কৰি ঘূৰি অহালৈ বেছ দেৰিয়েই হৈছিল তাৰ। এইখিনি সময়ত ৰাস্তাটোত যে এখনো চাহৰ দোকান খোলা থাকিব তাৰ লেশমানো আশা নাই। গৰম লাল চাহ একাপ ঘৰতেই খোৱাৰ সিদ্ধান্ত কৰি গাড়ীখনৰ স্পীড আগতকৈ বঢ়াই দিলে নিলয়ে। অৱশ্যে বেছি দূৰ আগবাঢ়িব লগা নহ’লেই সি। জনশূন্য ৰাস্তাটোৰ বাঁওকাষে তেতিয়াও গ্ৰাহকৰ অপেক্ষাত থকা চাহৰ দোকান এখন সহজেই পৰিদৃষ্ট হ’ল নিলয়ৰ।
“কাকতি টি ষ্টল, ফিফটি টি ফ্লেভাৰচ এভেইলেৱল হিয়েৰ।”
নামফলকখন পঢ়ি অৱসাদবোৰৰ মাজতো এমোকোৰা হাঁহি ওলাই আহিল নিলয়ৰ। সেই সময়ত সৰু গুমটি এখন পোৱা হ’লেও নিলয়ৰ নিচিনা টিহ’লিক এটাই ঈশ্বৰক দেখা দি দেখিলেহেঁতেন। ইমানবোৰ বন্ধ দোকান অতিক্ৰম কৰি পঞ্চাশটাকৈ ফ্লেভাৰত চাহ উপলভ্য হোৱা দোকান এখন খোলা পাই সৰগ ঢুকি পোৱাৰ দৰে লাগিল তাৰ। নেদেখাজনক এগালমান ধন্যবাদ দি ৰাস্তাৰ দাঁতিত জীপখন ৰখাই দোকানখনৰ ভিতৰলৈ সোমাই গ’ল সি। ঠিক দোকান নহয় এটা আহল বহল কোঠা। এখন হাফ ৱালেৰে কোঠাটোক ভাগ কৰা হৈছে দুটা ভাগত। কোঠাটোৰ এটা ভাগত গ্ৰাহকৰ সুবিধাৰ্থে কেইবাখনো প্লাষ্টিকৰ টুল, এখন ড্ৰয়াৰ টেবুলৰ সৈতে এখন আৰামী চকী আৰু এটা কিতাপেৰে পৰিপূৰ্ণ আলমিৰা। সম্ভৱতঃ দোকানখনৰ মালিক এজন খুব ভাল কিতাপ পঢ়ুৱৈ; আজৰি সময়বোৰ চাগৈ তেওঁ পাৰ কৰে কিতাপবোৰৰ লগত। দোকানখনত সোমায়ে কিবা এটা ভাল লাগি গ’ল নিলয়ৰ।
“একাপ চাহ হ’ব নেকি?”
ষ্টলখনত উপস্থিত থকা একমাত্ৰ ব্যক্তিজন সেই সময়ত ব্যস্ত আছিল। বোধহয় দিনটোৰ ব্যস্ততাবোৰ সামৰি তেওঁ দোকান বন্ধ কৰাৰ যো-জা চলাইছে। নিলয়ৰ মাতটোত ঘূৰি চালে মানুহজনে। দামী অভাৰকোট, ৰাউণ্ড ফ্ৰেমৰ ব্ৰেণ্ডেড চশমা, শ্মশ্ৰুবিহীন চিকুণ তেজগোৰা মুখখনৰ সৈতে ষাঠিৰ উৰ্দ্ধৰ মানুহজন বেছ আঢ্যবন্ত যেনেই লাগিল নিলয়ৰ। হয়তো মানুহজন ষ্টলখনৰ মালিক।
”নিশ্চয় হ’ব। এই সেঙেতা লগা জাৰবোৰ কাটিবলৈ একাপ গৰম চাহ বিচাৰি অহা আপোনাৰ দৰে মুছাফিৰসকলৰ বাবেইতো এই হেন ৰাতিলৈকে বোন্দাপৰ দি দি ৰৈ আছো।”
পাৱাৰ টিলাৰৰ ইঞ্জিনটোৰ দৰে ঢেক্ ঢেক্ শব্দ তুলি হাঁহি এটাৰে মানুহজনে উত্তৰ দিলে। অৱশ্যে তেওঁৰ ৰসিকতাৰ প্ৰতি অলপমানো আগ্ৰহ নেদেখুৱালে নিলয়ে। সেই সময়ত কথা পতাতকৈও একাপ চাহ খাই সোনকালে ঘৰ কেনেকৈ পাব পাৰি তাৰ চিন্তাত আছিল নিলয়।
“ছৰী অলপ ৰগৰ কৰিলোঁ। এইবোৰৰ মাজৰ কোনবিধ আপোনাৰ পচন্দৰ?”
বেৰখনত লগাই থোৱা বৰ্ডখন মানুহজনে আঙুলিয়াই দিয়াতহে চকুত পৰিল তাৰ। কাৰ্ডামম, চ’ক’লেট, মিণ্ট, ভেটিভাৰ, ক্ৰেনবেৰী, ষ্ট্ৰ’বেৰী ইত্যাদি ইত্যাদি পঞ্চাশবিধ বিভিন্ন ফ্লেভাৰৰ চাহৰ নামেৰে পৰিপূৰ্ণ বৰ্ডখন। এই সময়ত হাড়কঁপোৱা ঠাণ্ডাৰ পৰা শৰীৰটোক উপশম দিবলৈ সাধাৰণ লাল চাহ একাপেই যথেষ্ট আছিল তাৰ বাবে। বৰ্ডখনত চকু ফুৰাই বিবুধিতেই পৰিল নিলয়। বৰ্ডখনত লিখি থোৱা প্ৰায় ৩০টা মান ফ্লেভাৰৰ নাম হয়তো নিলয়ে সেই মুহূৰ্ততহে প্ৰথম শুনা পাইছে। সাংঘাতিকভাৱে ভাল পায় সি চাহৰ সোৱাদ লৈ; আই এম এ টিহ’লিক বুলি কেতিয়াবা কেতিয়াবা গৰ্বও কৰে সি বহুতৰ আগত। ভালেকেইটা ফ্লেভাৰৰ চাহৰ সোৱাদো লৈ পাইছে সি। তাৰ পাছতো মানুহজনৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ ভীষণ অপ্ৰস্তুত হ’ল নিলয়।
“বাৰু ইয়াত থকা পঞ্চাশটা ফ্লেভাৰৰ আপোনাৰ আটাইতকৈ পচন্দৰ কোনবিধ?” মানুহজনৰ প্ৰশ্নটোৰ পৰা বাচিবলৈ বিশেষ কায়দাৰ ব্যৱহাৰ কৰিলে সি।
“এক্সুৱেলী মোৰ আটাইতকৈ পচন্দৰ ফ্লেভাৰটো মই কাষ্টমাৰৰ বাবে ৰখাই নাই। সেইটো এটা স্পেচিয়েল ফ্লেভাৰ মোৰ বাবে। কাৰণ সেইটো মোৰ সম্পূৰ্ণ নিজা সৃষ্টি।” গৰ্বেৰে উত্তৰ দিলে মানুহজনে।
“কিয়, সেইটো ফ্লেভাৰ আনে টেষ্ট কৰিব নোৱাৰিব নেকি?”
“ওহো! কাৰণ এই সোৱাদৰ ভাগ নহয়।” কৈয়ে মানুহজনে আকৌ ঢেকঢেকাই হাঁহি দিলে।
“পিছে কিয় নাজানো এই মুহূৰ্তত মোৰ ঠাণ্ডাত কঁপি থকা শৰীৰটোৱে আপোনাৰ সেই বিশেষ চাহকাপৰহে সোৱাদ ল’বলৈ ইচ্ছা কৰিছে।”
মানুহজনৰ কথাবোৰলৈ লক্ষ্য কৰি চাহকাপৰ প্ৰতি কিবা এটা বিশেষ আকৰ্ষণ অনুভৱ কৰিলে নিলয়ে।
“যি দেখিছো আপুনি সেই কাপ চাহৰ সোৱাদ লৈহে এৰিব। ভালেই হ’ল, এনেয়ো মই দোকান সামৰাৰ আগেয়ে এইকাপ চাহ খাৱেঁই বাৰু। আজি লগ এটাকে হ’ল নে কি কয়? আচ্ছা এনেই সুধিছোহে সকলো পুলিচৰ মানুহ আপোনাৰ দৰেই চালাকনে বাৰু?”
মানুহজনৰ ৰসিকতাত এইবাৰ নিলয়েও সজোৰে হাঁহি দিলে। বয়স হৈছে যদিও মানুহজন ৰসিক, গ্ৰাহকক আকৰ্ষণ কৰিব পৰাৰ ভালেখিনি কায়দা তেওঁৰ আছে। অলপমান কথা পাতিয়ে সেয়া অনুমান কৰিব পাৰিছে সি। নিলয়ক অলপমান সময় বহিবলৈ দি গেছৰ ষ্ট’ভটো অন কৰি চচপেনটো তুলি দিলে মানুহজনে। মানুহজন চালপেনীয়া, চাহ বনোৱাৰ সময়খিনিও তেওঁ ইটো সিটো কথা আৰম্ভ কৰি দিলে নিলয়ৰ লগত। বোধহয় তাক পুলিচৰ পোছাকত দেখি বেছিয়েই যেন আগ্ৰহ দেখুৱাইছে তেওঁ। ষাঠিয়ে গৰকা মানুহজনৰ নাম প্ৰভাত কাকতি, জন্মসূত্ৰে ডিব্ৰুগড়ৰ; পিছে এতিয়া এইখন চহৰৰ স্থায়ী বাসিন্দা। কাকতি তাহানিৰ দিনৰে এগ্ৰি গেজুৱেট। টি হাজবেন্দ্ৰি এণ্ড টেকন’লজিত মাষ্টাৰ্চ কমপ্লিট কৰাৰ পাচত তেওঁ টি বৰ্ডৰ চাকৰিত সোমাল, নিজাকৈ ঘৰ-সংসাৰ এখনো হ’ল। তাৰ পাছত ব্যস্ততা মাথোঁ ব্যস্ততা। জীৱনটোত কাকতিয়ে বহু কিবাকিবি পালেও, বহু কিবাকিবি হেৰুৱালেও। তেতিয়াৰ পৰা এতিয়ালৈ বহুখিনি সলনিও হ’ল; কিন্তু সেই তেতিয়াৰ পৰা কাকতিৰ চাহৰ লগত যি সম্বন্ধ সেইয়াহে এতিয়ালৈকে একেই থাকিল।
“চাকৰি কৰি থাকোঁতেই তেওঁ ঢুকাল। একমাত্ৰ ল’ৰাটো বহিৰত এতিয়া ৱেল এষ্টাব্লিচড্। অকলে অকলে অৱসৰৰ সময়বোৰ পাৰ কৰিবলৈ বৰ কঠিন। সেইকাৰণেই এইখন খুলি ল’লোঁ। ভাবিলোঁ, চাকৰিৰ জীৱনটো চাহৰ লগতেই কটালোঁ যেতিয়া বাকী দিনকেইটাও চাহৰ লগতেই কটাও। এতিয়া পিছে ভাল লাগে, দিনটো বিভিন্ন তৰহৰ মানুহক লগ পাওঁ, দুই এষাৰ কথাও পতা হয়।”
মানুহটো কথাচহী, আধাবলিয়া ইত্যাদি ইত্যাদি; একপ্ৰকাৰ ভুল ধাৰণাই কৰি পেলাইছিল নিলয়ে। কাকতিৰ কথা-বতৰাবোৰে তাৰ মনটোত গোজ লোৱা ধাৰণাবোৰেই সলাই পেলালে পলকতে। প্ৰভাত কাকতিৰ প্ৰতি শ্ৰদ্ধাত অজানিতেই মূৰটো দোঁ-খাই আহিল নিলয়ৰ।
“টি বৰ্ডত থাকোঁতেই অদ্ভুত নিচা এটাই লগ লৈছিল মোৰ। যেতিয়াই সময় পাওঁ বিভিন্ন বস্তু চাহৰ লগত যোগ দি বেলেগ বেলেগ ফ্লেভাৰ বনাই সোৱাদ লৈ চাওঁ। এইবোৰ কৰি কৰি কোনোবা এখিনিত সাংঘাতিক ধৰণে টি এডিক্টেদ হৈ পৰিলোঁ মই। মাজতে মোৰ এনে হৈছিল সদায় এটা নতুন ফ্লেভাৰৰ সোৱাদ ল’বলৈ মন যায়। কিন্তু কিয় জানো এটা ফ্লেভাৰ একেৰাহে দুবাৰ টেষ্ট কৰাৰ পাছত আকৌ তৃতীয়বাৰ তাৰ সোৱাদ ল’বলৈ মন নোযোৱা হয় মোৰ। আৰু সেইবাবে সদায়ে এটাকৈ নতুন বস্তু যোগ দি মই একাপ একাপ চাহৰ জুতি লওঁ। এইবোৰ কৰি কৰি হয়তো নিজেই নজনাকৈয়ে মই অসংখ্য চাহৰ ফ্লেভাৰ আৱিষ্কাৰ কৰি পেলালোঁ। আপুনি হয়তো বিশ্বাস নকৰিব এই বৰ্ডখনত থকা পঞ্চাশটা ফ্লেভাৰৰ বেছিভাগেই মোৰ নিজৰ আৱিষ্কাৰ।” জীৱনৰ অভিজ্ঞতাৰেপুষ্ট ৰসাল কথাবোৰ কৈ থকাৰ মাজতেই চাহ কৰা পৰ্ব শেষ হৈছিল কাকতিৰ।
“এণ্ড ডা টি ইজ ৰেডি।”
কাঁচৰ দুটা কাপত দুভাগ চাহ সুন্দৰকৈ সজাই আনি একাপ নিলয়লৈ আগবঢ়াই দিলে তেওঁ। তেজৰঙীন একাপ চাহ! উদগ্ৰ সুঘ্ৰাণ, আকৰ্ষণীয়া কালাৰেৰে ধূমাচ্ছন্ন চাহকাপ হাতত লৈ মোহাচ্ছন্ন হৈ পৰিল নিলয়। ইমান সময়ে প্ৰভাত কাকতিৰ সৰস কথাবোৰে নিলয়ৰ অৱসন্নতাবোধ ভালেমান দূৰলৈ ঠেলি পঠিয়াইছিল। স্পেচিয়েল চাহকাপ হাতত লৈ আগ্ৰহেৰে চুমুক দিলে নিলয়ে। আহ! কি অপূৰ্ব সোৱাদ আছে এই ৰঙীন চাহ কাপত। আদা, তুলসী, ইলাচী, ডালচেনি ঢালি হাজাৰ চেষ্টা কৰিলেও মানুহে এনেকুৱা এটা সৰ্বোৎকৃষ্ট সোৱাদৰ সৃষ্টি কৰিব নোৱাৰে। মচলা চাহ? নাই তুলনাই হ’ব নোৱাৰে এই কাপৰ সৈতে। কেইবাটাও স্পেচিয়েল ফ্লেভাৰৰ চাহ পূৰ্বে টেষ্ট কৰিছে সি, যোৱাবছৰ চেন্নাই যাওঁতে এশটা ফ্লেভাৰৰ চাহ পোৱা এখন ষ্টলত একে বহাতে দহটামান ফ্লেভাৰ টেষ্ট কৰি অহা মানুহ নিলয়। কিন্তু এই কাপ চাহৰ দৰে সোৱাদ আৰু সুঘ্ৰাণ? নাই, সি নালাগে তাৰ দৰে বহুসংখ্যক চাহপ্ৰেমীয়ে সোৱাদ লৈ পোৱা নাই এনে একাপ চাহৰ। সম্ভৱতঃ কিবা এক আচৰিত বস্তু ব্যৱহাৰ কৰিছে কাকতিয়ে যিটো আন কোনোৱেই নাজানে একমাত্ৰ তেওঁৰ বাহিৰে; হয়তো তেওঁ কাকো জানিবলৈও দিয়া নাই।
“ৱাহ! হোৱাট্ এ টেষ্ট। সঁচাকৈ আপোনাৰ হাতত যাদু আছে।” প্ৰশংসাত পঞ্চমুখ হৈ পৰিল নিলয়। দিনটোৰ তিক্ততাবোৰক ইতিমধ্যেই দূৰলৈ খেদি পঠাইছিল চাহকাপে।
“এক্সুৱেলী এই কাপ চাহৰ সোৱাদ লোৱাৰ সৌভাগ্য এতিয়ালৈকে মাত্ৰ ছয়জন ব্যক্তিৰহে হৈছে। এণ্ড ইউ আৰ চ’ লাকী দেট ইউ আৰ দ্য চেভেন্থ ৱান। আৰু তাতোকৈ আচৰিত কথা কি জানে এতিয়ালৈকে এইকাপ চাহৰ সোৱাদ লৈ পোৱা কেইজনে দ্বিতীয়বাৰলৈ আৰু আন ফ্লেভাৰৰ চাহৰ সোৱাদ লৈয়ে পোৱা নাই৷” ঈষৎ হাঁহি এটা মাৰিলে প্ৰভাত কাকতিয়ে।
“আৰে ৱাহ্। পিছে এইটো ফ্লেভাৰৰ নামটো জানিবলৈহে মোৰ বিৰাট ইচ্ছা হৈছে। ক্ৰেনবেৰী ফ্লেভাৰ নেকি?” এনেকুৱা একাপ ৰঙীন ফ্লেভাৰৰ চাহৰ সোৱাদ আগতেও লৈছে সি। কিন্তু সেইকাপৰ সোৱাদ আজিৰ কাপতকৈ সম্পূৰ্ণ বেলেগ আছিল। তথাপিও নামটো জনাৰ আপাহতে শূন্যতে এককোব ঘূৰাই চালে নিলয়ে।
“জেতুলীপকা? নাই তুলনাই নহয় এইকাপৰ লগত।” আকৌ এটা ৰহস্যময় হাঁহি কাকতিৰ।
“তেন্তে চিউৰ টেঙামৰা।” আকৌ এবাৰ চেষ্টা কৰি চালে সি৷
“ওহো, বোলে কয়েই নহয় গছৰ গুটি খাবা নাম নক’বা। আজি নাম নজনাকৈয়ে টেষ্ট লওকচোন বাৰু নে কি কয়।” চান্স পালেই ৰসিকতা ঢলাত কৃপণালি নকৰে কাকতিয়ে। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল।
”আচ্ছা এতিয়া আপোনাৰ সেই আগৰ অভ্যাসবোৰ আছে নে। মানে সদায়ে নতুন নতুন বস্তুৰে চাহ কৰা অভ্যাসটো।” চাহ কাপ শেষ হোৱালৈকে এটা নতুন প্ৰশ্নৰ অৱতাৰণা কৰিলে নিলয়ে।
“নাই নাই এই নতুন ফ্লেভাৰৰ চাহবিধৰ সৃষ্টি কৰাৰে পৰা সেইবোৰ অভ্যাস মোৰ নাইকিয়া হৈছে। এই ফ্লেভাৰটোৰ চাহকাপত সাংঘাতিক সোৱাদ এটা পাওঁ মই। যেন কিবা এটা অদ্ভুত নিচা আছে ইয়াৰ। এতিয়া মোৰ এনে হৈছে দিনটোত এনেকুৱা দুকাপ চাহ খাবলৈ নাপালে মোৰ শৰীৰটোৱে শান্তি নাপায়। আৰু কি জানে আন ফ্লেভাৰৰ চাহত মই আজিকালি অকণো সোৱাদেই নাপাওঁ, মানে খাবলৈ এৰিয়েই দিছো প্ৰায়।” হাঁহি হাঁহি উত্তৰ দিলে কাকতিয়ে।
“এনি ৱে এই ডিচেম্বৰ মাহৰ ৰাতিখন আপোনাক লগ পাই এটা ভাল অভিজ্ঞতা হ’ল মোৰ। থেংক ইউ চ’ মাচ যে আপোনাৰ আটাইতকৈ ফেভৰিট স্পেচিয়েল চাহকাপৰ সোৱাদৰ ময়ো অংশীদাৰ হ’বলৈ পালোঁ।” খালী হোৱা কাপটো ট্ৰেখনত ৰাখি কৰমৰ্দনৰ উদ্দেশ্যি হাতখন আগবঢ়াই দিলে নিলয়ে, প্ৰত্যুত্তৰত কাকতিয়েও।
”উফফ!” অজানিতে চিৎকাৰ এটা ওলাই আহিল নিলয়ৰ মুখেৰে। সোঁহাতৰ তলুৱাখনত এটা মৃদু খোঁচ অনুভৱ কৰিলে নিলয়ে, ঠিক যেন চেফটি পিন এটাৰ দৰে কিবা এটাই খুচি দিয়া হৈছে তাক। কাকতিৰ হাতটোৰ বন্ধনৰ পৰা নিজৰ হাতখন উলিয়াই আনিলে সি। মধ্যমা আঙুলিটোৰ ঠিক তলৰ পৰাই বিৰিঙি আহিছে তেজৰ সৰু টোপাল এটা। নিলয়ে কিবা এটা বুজি উঠাৰ পূৰ্বেই তাক আচৰিত কৰি প্ৰভাত কাকতিৰ সেই অবিকল্প হাঁহিটোৱে সেই সময়ত কঁপাই তুলিলে নিশাটোৰ নিস্তব্ধতাবোৰক। কাকতিৰ সোঁহাতখনৰ একমাত্ৰ আঙুঠিটোৰ পৰা বাঢ়ি অহা সূক্ষ্ম পিনটো তেতিয়াহে ধৰা পৰিল নিলয়ৰ চকুত। সন্দেহৰ পোক এটাই হঠাৎ উকমুকাই উঠিল নিলয়ৰ মনটোত।
দেহাটো ক্ৰমাৎ চেঁচা পৰি যোৱাৰ দৰে লাগিল নিলয়ৰ। মূৰটোও যেন গধুৰ হৈ আহিছে আগতকৈ, দৃষ্টিশক্তিবোৰো যেন ক্ৰমশ ধূসৰ হৈ আহিছে তাৰ। শৰীৰত থকা শক্তিবোৰো যেন শেষ হৈ আহিছে নিলয়ৰ। অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোক কোঠাটোত থকা আৰামী চকীখনত বহুৱাই দিলে কাকতিয়ে।
“আপুনি বোধহয় ভাগৰিছে। লেট মি হেল্প ইউ।”
ৰহস্যাবৃত হাঁহি এটা মাৰি টেবুলৰ ড্ৰয়াৰটোৰ পৰা বাটাৰফ্লাই নিড’ল আৰু কাঁচৰ বটল এটা উলিয়াই আনিলে প্ৰভাত কাকতিয়ে। এইখিনিটো মানুহৰ ব্লাড কালেক্ট কৰিবলৈ ব্যৱহাৰ কৰে। মানুহটোৰ আচহুৱা কাণ্ড কাৰখানাবোৰে সন্দেহৰ পোকটো যেন ক্ৰমাৎ বঢ়াই আনিলে নিলয়ৰ। ব্ৰেণ্ডেড চশমা জোৰৰ তলৰ চকুজুৰিৰ কুটিল চাৱনিটোৱে যেন বহু কথাই কৈ গ’ল নিলয়ক।
”ইটচ এ ট্ৰেপ, ইটচ এ ট্ৰেপ।” ধূসৰতাৰ মাজতো সম্পূৰ্ণ ছবিখন স্পষ্ট হৈ পৰিল নিলয়ৰ চকুৰ আগত। চিঞৰি উঠিল নিলয়ে, পাচে নিলয়ৰ চিঞৰখিনিকো তল পেলাই উচ্চস্বৰত বাজি উঠা প্ৰভাত কাকতিৰ উদ্ভট হাঁহিটোত ৰজনজনাই গ’ল সমগ্ৰ কোঠাটো, যেন এক অট্টহাস্য। ইতিপূৰ্বে হোৱা আটাইকেইটা হত্যাকাণ্ডতেই প্ৰথমতে ভিক্টিমৰ শৰীৰৰ তেজবোৰ সম্পূৰ্ণৰূপে উলিয়াই আনি নিৰ্মমভাৱে হত্যা কৰা হয় তেওঁলোকক। ফৰেনছিক ৰিপৰ্টটোত সকলোবোৰ কথাই স্পষ্ট হৈ আছিল। প্ৰভাত কাকতিয়ে ঠিকেই কৈছিল নিলয়ক। এই স্পেচিয়েল চাহৰ সোৱাদ যি ছয়জনে লৈ পাইছে তেওঁলোকে আৰু আন ফ্লেভাৰত চাহৰ সোৱাদ লৈয়ে পোৱা নাই। নিজৰ অজ্ঞতাৰ ওপৰতেই ধিক্কাৰ জন্মিল নিলয়ৰ। আহ! কি চমৎকাৰ প্লেন! আচলতে সন্দেহ কৰিব পৰাকৈ একো অৱকাশেই ৰখা নাছিল মানুজনে। শৰীৰত বাচি থকা শক্তিখিনিৰে শেষ চেষ্টা এটা চলোৱাৰো সুবিধা নাপালে নিলয়ে। ক্ৰমশঃ দুৰ্বল হৈ পৰা নিলয়ৰ সোঁহাতখনৰ মেডিয়ান কিউবিটেল ভেইনডালত বাটাৰফ্লাই নিড’লটো সজোৰে গুজি দিলে কাকতিয়ে। ষাঠিৰ উৰ্দ্ধৰ ওস্তাদ চিকাৰীজনৰ ক্ৰুৰতাবোৰৰ ওচৰত যেন অকাতৰে আত্মসমৰ্পণ কৰি পেলালে নিলয়ে।
“ৱাহহ! কি ধুনীয়া কালাৰ! কাইলৈৰ ৰাতিপুৱাৰ স্পেচিয়েল চাহ কাপ! অহ গ’ড ইট ৱিল বি এ ভেৰী ডিলিচিয়াছ ৱান৷”
কাঁচৰ বটলটোত জমা হোৱা তেজবোৰলৈ চাই বিস্ময়কৰ শব্দ এটা কৰি জিহ্বাখনেৰে এক অদ্ভুত ধৰণেৰে টকালি পাৰিলে প্ৰভাত কাকতিয়ে। ইলেকট্ৰিক বাল্বটোৰ ক্ষীণ পোহৰবোৰৰ মাজতো মানুহটোৰ পৈশাচিক হাঁহিটো নাওনিমিতকৈ চকুত পৰিল নিলয়ৰ।
“ৱেইট ৱেইট, য়ু ৱানা ন’ দ্য নেম অফ ডেট স্পেচিয়েল ফ্লেভাৰ না? ইট্জ নেম ইচ অলচ’ স্পেচিয়েল। মাই অল টাইম ফেভৰিট টি– দ্য ড্ৰাকুলা টি।”
ক্ৰমশঃ অৱশ হৈ পৰা নিলয়ৰ শৰীৰটোৰ ওচৰত ফুচফুচাই উঠিল ৰহস্যময় মানুহজনে। নিশা তেতিয়া প্ৰায় দহ বাজিবৰেই হৈছিল। দুঃসহ যন্ত্ৰণাত মৰণোন্মুখ হৈ পৰা নিলয়ৰ চক্ষুজুৰি আৰু নিস্তব্ধ ৰাস্তাটোৰ কাষত খোলা থকা একমাত্ৰ দোকানখনৰ মুখ্য দুৱাৰখন বন্ধ হৈ পৰিল একে সময়তে।
ভাল লাগিল পঢ়ি। ভাল হৈছে কাহিনীটো।