‘ক্যা দিল্লী ক্যা লাহোৰ’ – এখন শ্বায়েৰীধৰ্মী ছবি( উদ্দীপ তালুকদাৰ)


দিল্লীৰপৰা পাকিস্তানৰ লাহোৰলৈ নিৰ্মাণ হ’বলগীয়া সুৰংগৰ গোপন নথি হাচিল কৰিবলৈ পাকিস্তানৰ সেনাৰ এজন সাধাৰণ সৈনিক সীমান্তস্থিত এক ভাৰতীয় সেনাবাহৰত উপস্থিত হয়। সেনাবাহৰটোত মাত্ৰ এজনেই ব্যক্তি, তেৱোঁ পেচাত সেনাৰ ৰান্ধনীহে। তেওঁ পাকিস্তানী সৈনিকজনক বাধা দিয়াৰ চেষ্টা কৰে। কিন্তু সৈনিকজনে বাহৰৰ বাহিৰত বেৰিকেডৰ আশ্ৰয় লয়, আৰু ৰান্ধনীজনে ভিতৰত। দুয়োজনৰ হাততেই গুলীৰ সংখ্যা তাকৰ, সেয়ে সীহৰ সলনি কথাৰ গুলী মাৰিবলৈ আৰম্ভ কৰে। দুয়োৰে সংলাপৰ মাজে মাজে ওলাই পৰে ভাৰত-পাকিস্তানে পুহি ৰখা ঘৃণাৰ ভাৱ, আঁৰত লুকাই থকা পুৰণি ঘাঁ-বোৰ, আৰু উৰাবাতৰিৰ প্ৰভাৱ। এটা সময়ত ভাৰতীয়জনৰ গাত গুলী লাগে আৰু পাকিস্তানী সৈনিকজনে তেখেতৰ ধৰি লৈ যাবলৈ সক্ষম হয়। কিন্তু বাটতে কাহিনীয়ে ওভোটা মোৰ লয়, আৰু পাকিস্তানী সৈনিকজন বন্দী হয় ভাৰতীয় সেনাৰ ডাক-সেৱা বিভাগৰ কৰ্মচাৰী এজনৰ হাতত। পিছে কাহিনীৰ প্লট আকৌ ওভোটা মূৰে ঘূৰিবলৈ আৰম্ভ কৰে। বিজয় ৰাজ পৰিচালিত হিন্দী ছবি ’ক্যা দিল্লী ক্যা লাহোৰ’ নামৰ চিনেমাখনৰৰ মূল কাহিনীভাগ এইখিনিয়েই। ছবিখনৰ বেছিভাগ সময় এই দুই চৰিত্ৰৰ কথোপকথন। সমগ্ৰ ছবিখনতে মুঠ চৰিত্ৰ চাৰিটা। কিন্তু প্ৰতিটো চৰিত্ৰই একোটা চৰিত্ৰ মাত্ৰ হৈ নাথাকি দুই দেশৰ ভাৱনাৰ প্ৰতিৰূপ হৈ পৰে। চিনেমাখনৰ কাহিনীকাৰ আৰু চিত্ৰনাট্যকাৰ অসীম অৰোৰাৰ সফলতা তাতেই।
চিনেমাখনৰ আটাইতকৈ উল্লেখনীয় আৰু সফল অংশ হৈছে মনু ঋষিৰ ৰচিত সংলাপ। আৱদ্ধ হৈ ৰোৱা সময়ত দুয়োৰে মাজত আদান-প্ৰদান সংলাপত দুই দেশৰ জনসাধাৰণে ইখনে আনখনৰ প্ৰতি আজিও পোষণ কৰি অহা মনোভাৱ সমূহ সুন্দৰকৈ ফুটি ওলায়। আমাৰ যিসকলে বিভিন্ন ছ’চিয়েল নেটৱৰ্কিং ছাইটত ভাৰতীয়-পাকিস্তানীৰ মাজত তীব্ৰ মন্তব্যৰ আদান-প্ৰদান দেখিছে, তেওঁলোকে চিনেমাখনৰ সংলাপৰ লগত তাৰ সাদৃশ্য দেখিব। কিন্তু একে সময়তে সংলাপ ৰচনাত ’ছাৰকাষ্টিক’ হাস্যৰস আৰু কাব্যিক ব্যঞ্জনাৰ প্ৰকাশ মন কৰিবলগীয়া।
এইখিনি লিখাৰ আগতে মই বিভিন্ন ৱেবছাইটত চিনেমাখনৰ ৰিভিউবোৰ চাই লৈছোঁ। বেছিভাগ ৰিভিউ’তে চৰিত্ৰসমূহ একধৰ্মী, বা সৈনিকসুলভ নহয় আদি বিভূষণেৰে অভিহিত কৰিছে। কিন্তু মোৰ ব্যক্তিগত মতামত, এনে ৰিভিউবোৰে চৰিত্ৰকেইটাক অকল চৰিত্ৰ হিচাপে লক্ষ্য কৰিছে। এটা ৰিভিউত লিখিছে পাকিস্তানী সৈনিকজন সিমান উগ্ৰ নহয়, বা ভাৰতীয় সৈনিকজন কান্দুৰা। কিন্তু সৈনিক মানেই বীৰোচিত, উগ্ৰ, কঠোৰ আদিবোৰ আমি চিনেমাত চাই ধাৰণা কৰি লোৱাহে। সৈনিকসকলো মানুহহে। নিজস্ব ভয়, শংকা, মানসিক বেদনা, আদি তেওঁলোকৰো থাকে। হয়তো এটা গোট হিচাপে তেওঁলোকৰ সেই নিজস্বতা দেখা পোৱা নাযায়। কিন্তু নিভৃতত প্ৰতিজন সৈনিকেই এজন মানুহেই। bollywoodmdb-ৰ ৰিভিউলিখকে কিজানি চিনেমাত দেখা সেনাই বাস্তৱ সেনাৰ চৰিত্ৰ বুলি ধৰি লৈছে।
চৰিত্ৰসমূহৰ চিত্ৰণত এক ধৰণৰ কেৰিকেচাৰধৰ্মীতা লক্ষ্য কৰা যায়। এইটো কথাতো বেছিভাগ ৰিভিউ-য়ে আপত্তি তুলিছে। কিন্তু সেইটো মোৰ বোধেৰে পৰিচালকৰ মনঃপ্ৰসূত। কাৰণ চিনেমাখন মূলতেই এখন অন্ধকাৰ হাস্য-ৰসৰ ছবিহে। সেয়েহে, ইয়াত চৰিত্ৰসমূহ বাস্তৱতকৈ বেছি প্ৰতীকধৰ্মী হৈ পৰে। আৰু প্ৰতীকলৈ গ’লেই যিকোনো চৰিত্ৰই নিজস্বতা হেৰুৱাই এটা শ্ৰেণীৰ প্ৰতিভূ হৈ পৰে। কিছুমান চিনেমাৰ বাবে এনে প্ৰতীকধৰ্মী চৰিত্ৰ উপযোগী নহ’ব পাৰে, কিন্তু ক্যা দিল্লী ক্যা লাহোৰ-ৰ যিটো উদ্দেশ্য, সেইটোৰ বাবে এনে কেৰিকেচাৰধৰ্মী চৰিত্ৰই বেছি ফলপ্ৰসূ।
সীমান্তৰ ছবি হিচাপে অস্কাৰ বিজয়ী ’ন’ মেন্ছ লেণ্ড’-ৰ লগত ’ক্যা দিল্লী ক্যা লাহোৰ’-ৰ তুলনা অৱধাৰিতভাৱেই আহে। বেছিভাগ ৰিভিউতে সেইটো কৰিছেও। কিন্তু মোৰ দৃষ্টিত ইয়াতো এটা ভুল হৈ আছে। যুদ্ধবিৰোধী আৰু প্ৰায় একে থীমৰ ছবি হ’লেও ন’ মেন্ছ লেণ্ড-ৰ লগত ক্যা দিল্লী ক্য লাহোৰৰ তুলনা কৰিব নোৱাৰি। কাৰণ ক্যা দিল্লী…ৰ মূল ভাৱটো অকল যুদ্ধৰ বিৰোধিতা নহয়, বৰং ভাৰত আৰু পাকিস্তানৰ পাৰস্পৰিক আৱেগধৰ্মী বৈৰী মনোভাৱৰ উন্মোচনো ছবিখনৰ এটা উদ্দেশ্য। সেয়ে, ক্যা দিল্লী.. চাবলৈ, বুজিবলৈ ভাৰত-পাকিস্তান বিভাজনৰ সম্যক জ্ঞান জৰুৰী। অতন্ত: ভাৰতীয় বা পাকিস্তানী হোৱাটো জৰুৰী। ইয়াৰ অন্যথা চিনেমাখনৰ সংলাপৰ বহুমাত্ৰিকতা, পেৰ’ডীবোৰ বুজিয়েই পোৱা নাযায়। সেয়ে ’ক্যা দিল্লী…’ৰ আবেদন সাৰ্বজনীন নহয়।
মূল চৰিত্ৰ দুটাৰ এটা পাকিস্তানী সৈনিকজনক চৰিত্ৰত বিজয় ৰাজৰ অভিনয় সুন্দৰ। তেখেতৰ ৰুক্ষ প্ৰকাশ-ভংগীয়ে দেশ বিভাজনৰ কৰুণ অভিজ্ঞতা আৰু তাৰ পৰিণতিত জন্মা ভাৰত-বিদ্বেষৰ ৰূপ সুন্দৰকৈ ফুটাই তোলে। কিন্তু তাতকৈ বেছি অনবদ্য অভিনয় ভাৰতীয় সৈনিকজনৰ চৰিত্ৰত মনু ঋষিৰ। ভাৰতীয় সৈনিকজনৰ চৰিত্ৰত মন কৰিবলগীয়া কথাটো হ’ল তেওঁ ঠিক সৈনিক নহয়। প্ৰত্যক্ষ যুদ্ধৰ অভিজ্ঞতাও তেখেতৰ নাই। সেয়ে, একে সময়তে ভয়, বিব্ৰতবোধ, দেশ-ভক্তি, পাকিস্তান বিদ্বেষ আদিৰে তেওঁৰ চৰিত্ৰটোৱে কেবাটাও মাত্ৰাত খেলা কৰে। মনু ঋষিৰে দেহাৱয়ব, ভাষা আদিয়ে এই গোটেইখিনি কথা একেলগে নিৰ্দেশ কৰে। কিন্তু আঘাতপ্ৰাপ্ত হোৱাৰ পাছত তেখেতৰ অভিনয় বাস্তৱতাৰ খাতিৰতে স্তিমিত হৈ পৰে।
আজিকালি বেছিভাগ ৰিভিউ কৰোঁতাৰ এটা মনোবৃত্তি লক্ষ্য কৰোঁ, সেইটো হ’ল: চিনেমা এখন প্ৰচাৰধৰ্মী বা চব ভাল হোৱা বুলি দেখুৱালে তেওঁলোকৰ মতে সি বাস্তৱধৰ্মী চিনেমা নহয়। মই ব্যক্তিগতভাৱে এই মনোভাৱটো বুজি নাপাওঁ। চিনেমা মানে যদি কাহিনী বুলি মানি লওঁ, তেন্তে তাৰ মেছেজ ধনাত্মক বা ঋণাত্মক সেইটো চিনেমা এখন ভাল নে বেয়া তাৰ মাপক হ’ব নোৱাৰে। চিনেমাখনৰ সামগ্ৰিক ৰূপটো মোৰ ভাল লাগিল নে নাই, সেইটোহে মোৰ বোধেৰে চিনেমা এখনৰ সফলতাৰ মাপকাঠী। বিশুদ্ধবাদী চলচ্চিত্ৰৰসিকৰ বাবে ’ক্যা দিল্লী ক্যা লাহোৰ’ খুব ভাল চিনেমা নহ’ব, কাৰণ ইয়াত বহু ঠাইত কাহিনী, দৃশ্য, একচন আদিতকৈ সংলাপতহে গুৰুত্ব দিয়া হৈছে, যাৰ কাৰণে মাজে মাজে নাটকৰ প্ৰভাৱ লক্ষ্য কৰা যায়। ’ক্যা দিল্লী..’ সেয়ে চলচ্চিত্ৰতকৈ বেছি সাহিত্যৰ ওচৰচপা। ক্যা দিল্লীক সেয়ে বোধকৰোঁ ’সাহিত্যধৰ্মী ছবি’ বুলিব পাৰি, বা ’শ্বায়েৰীধৰ্মী ছবি’। ’সাহিত্যধৰ্মী ছবি’ শব্দটো শ্ৰদ্ধাৰ ভবেন্দ্ৰনাথ শইকীয়াই নিজৰ ছবিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল। শইকীয়া ছাৰৰ ছবিতো কিছুমান সমালোচকে সংলাপৰ গুৰুত্বৰ বাবে চিনেমাৰ ধৰ্মৰপৰা আঁতৰি অহা বুলি সমালোচনা কৰিছিল। আমোদজনক ভাৱে ছবিখনৰ শেষৰফালে যেতিয়া সংলাপতকৈ প্ৰকৃত একশ্যন বাঢ়ি যায়, তেতিয়াহে ছবিখন অলপ বেছি দীঘল হৈ যোৱা যেন অনুভৱ হয়।
’ক্য দিল্লী ক্যা লাহোৰ’ অলপ ভাল চিনেমা চাব বিচৰা যিকোনো চলচ্চিত্ৰৰসিকেই সুন্দৰকৈ চাব পাৰিব। ওলাই আহোঁতে অলপপৰ নিশ্চয় ভাবিব–
লকীৰে হে তো ৰেহ্নে দো
কিসীনে ৰুথ কৰ শ্বায়দ গুস্সে মে খীচ দি থী
উন্হিকো অৱ বনাও পালা
অউৰ আও কাবাড্ডী খেল্তে হে!
লকীৰে হে তো ৰেহ্নে দো!

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!