ক্ষণভংগুৰ: দেৱপ্ৰতিম শইকীয়া
বতাহত কাৰ পাঁজিসেৰীয়া আঙুলিৰ বোলন?
কাৰ নিমজ দুহাতৰ জেতুকা জেতুকা গোন্ধ?
কাৰ চুলিৰ চিনাকি উচাট্ কম্পন?
কাৰ ৰভাৰ তলৰ পৰা উফৰি আহে
“ৰামে দি পঠাইছে বিচিত্ৰ অলংকাৰ……”
মই হাবাথুৰি খাই বিচাৰি ফুৰিছোঁ!
একেজাক বতাহত এতিয়া ভাঁহি আছে
দুখন শোতোৰা হাত;
শুকান দেহৰ অনুচ্চ গোন্ধ;
নিথৰ নিথৰ দুচকু
ডুবন্ত এখন টুলবুল নাও !
গোসাঁইঘৰৰ পৰা চিটিকি আহে
“অথিৰ ধন জন জীৱন যৌৱন !”
মই বিচাৰি ফুৰিছোঁ-
কোন ঘাটে মোৰ জীৱন স্পন্দন!
__________________________