ক্ষয়ৰোগাক্রান্ত (জ্যোতিষ কুমাৰ দেৱ)
হুমুনিয়াহ কাঢ়ি জীয়াই থকা
মানুহবোৰৰ শেতা পৰা মুখত
এটি সকাহৰ ঢৌ খেলি যায়
পোহৰৰ ৰেঙনিয়ে অকণ
বেঙুনিয়া ৰহন সানি দিয়ে
ক্ষয়ৰোগাক্রান্ত জাতিয়ে
যেন এট স্যানেটৰৈয় পায়
ঢাপলি মেলে নিৰাপত্তা বিচাৰি
ভেৰনীয়া কক্কাচবোৰে
কিৰিলী পাৰি জপিয়াই
ভয় নাই আৰু ভয় নাই
ৰুকি খাবলে ইমান যে মজা
হাড় মজ্জা হাওঁফাওঁ হৃদয়
কণা হৰিণাৰ বুদ্ধিও কণা
জানিও নজনাৰ ভাও জোৰা
ঢোঁৰাকাউৰী স্বর্গদেও
লগতে হয়ভৰ দিয়া ফেহু
জমিব জমিব অহাবাৰ বিহু