ক্ষুদ্ৰ গল্প ( বান বিশেষ) – ঈশ্বৰ প্ৰসন্ন বৰা

১)আল্ট্ৰামডাৰ্ণ

:অ মা,হাউ ফাইন ??? ইয়াত লোৱানা পিক এটা
: অকে অকে
ক্লিক ক্লিক—বন্ধুৰ দিএচএলআৰত বন্দী হল সুন্দৰী বান্ধবীৰ ফটো।
: আজি আপল’ড কৰিম,এনজয়িং ফ্লাড।– বন্ধুলৈ চাই সুন্দৰীৰ মন্তব্য শুনি ঈশান অবাক।ভিন্ন মানুহ,ভিন্ন মন।

২}শংকা

ৰাতিলৈ পানী আৰু বাঢ়িব পাৰে,যিহেতু আগন্তুক চৌব্বিছ ঘন্টাত মূষলধাৰে বৰষুণ দিয়াৰ সম্ভাৱনা।
বাতৰিটো শুনি বৰুৱা মাষ্টৰৰ মুখখন টেমি যেন হল।বেতনবিহীন মাষ্টৰ চাকৰি কৰি জোৰা নমৰাৰ বাবে এইবাৰ কোনোমতে পুখুৰীটোত মাছ কেইটামান জীয়াইছিল—ইফালে বন্ধন গোটৰ লোণ মৰাৰ কথা আছেই।

৩]অসহায়

প্ৰবল বাণৰ মাজত হৰিপদে যিমান বেগাই মাৰিব পাৰে মাৰিছে—কোনোমতে ভূৰখন পাৰ পালেগৈ হ’ল।মাকৰ অবস্থা ক্ৰমান্বয়ে যেন বেয়াৰ ফালে ঢাল লব ধৰিছে— অথচ এই মূহুৰ্তত বঠা এৰি সি মাকৰ মুখত পানী এটুপীও দিব নোৱাৰে,যদিও চাৰিওফালে কেৱল পানী আৰু পানী।

৪]ৰাজনীতি

“বানসমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব নোৱাৰি—যিহেতু ই প্ৰাকৃতিক দুৰ্যোগ”।– মুখপত্ৰ জনৰ কথা শুনি ঈশানে টিভিটো বন্ধ কৰি দিলে।অথচ এওঁলোকৰে নেতাই শীৰ ফুলাই নিৰ্বাচনী সভাত ভাষণ দিছিল– — ক্ষমতালৈ আহিলেই এই বিষয়ত তাৎক্ষণিক পদক্ষেপ লোৱা হব।

৫)দুখ
পানীৰ সোঁতত উটি যোৱা মৰমৰ কলি জনীক বচাব নোৱাৰি হলধৰে চকুপানী বাধা দিব নোৱাৰিলে।

৬]উপলুঙা

আপোনালোকে সাহায্য ঠিকেই পাইছে নে???

সাংবাদিকৰ প্ৰশ্নত বানাক্ৰান্ত ব্যক্তিজনে কি উত্তৰ দিব ক্ষন্তেক তভক মাৰি ভাবি ক’লে
পাইছো,পাইছো—আজি ডেৰকেজি চাউল আৰু এপোৱা ডাইল দি গৈছে।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!