কৰ্কট ৰোগ আৰু ইয়াৰ বিকল্প চিকিত্সা (ডা. বৰ্ণালী দেউৰী)
সাম্প্ৰতিক সময়ত কৰ্কট ৰোগৰ বিকল্প চিকিত্সা সম্পৰ্কে যথেষ্ট আলোচনা আৰু বিতৰ্কৰ সৄষ্টি হৈছে। ই জনসাধাৰণৰ মাজত উত্সুকতাৰ লগতে আশাৰো সঞ্চাৰ কৰিছে। কৰ্কট ৰোগৰ ভয়াবহতাৰ বিষয়ে দুনাই উনুকিওৱাৰ প্ৰয়োজন নাই। এইখিনিতে আহি পৰা প্ৰশ্নটো হ’ল কৰ্কট ৰোগৰ বিকল্প চিকিত্সা কি আৰু ই আৱশ্যকীয় হৈ পৰিছে নেকি? এই বিষয়ে বিস্তৃত আলোচনা কৰাৰ আগতে থোৰতে কৰ্কট ৰোগৰ বিষয়ে দুআষাৰমান পাতি লওঁ আহক।
প্ৰাচীন গ্ৰীক আৰু ৰোমান সকলে কৰ্কট ৰোগ মানৱ শৰীৰৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গত টেমুনা হিচাপে দেখা দিয়া বুলি উল্লেখ কৰি গৈছে। গ্ৰীক শব্দ “কাৰ্কিন’ছ” (Karkinos) আৰু লেটিন শব্দ “কেঞ্চাৰ” (cancer=crab) ৰ পৰা কৰ্কট শব্দৰ উত্পত্তি হৈছে। কেঁকোৰাৰ দৰেই ই এঠাইৰ পৰাই আন ঠাইলৈ ইয়াৰ হাত সম্প্ৰসাৰিত কৰে আৰু চেপি ধৰে। গ্ৰীক সকলে স্তন কেঞ্চাৰৰ মানুহৰ বাচি থকাৰ সম্ভাৱনা (prognosis) যে কম সেই পূৰ্বানুমান কৰিব পাৰিছিল আৰু ৰোগগ্ৰস্ত অংশটো কাটি পেলালে ৰোগৰ উপশম হয় বুলি বিধান দি গৈছে।
কৰ্কট ৰোগ হ’ল শৰীৰৰ কোনো দেখা দিয়া অনিয়ন্ত্ৰিত কোশৰ বংশ বৄদ্ধিৰ ফলত জন্ম হোৱা টেমুনা বা উখহি উঠা অংশ। আমাৰ শৰীৰৰ সকলো অংশৰ বিকাশ আৰু পৰিচালনা, জন্মৰ পৰা মৄত্যুলৈকে এক সুশৄংখলিত পদ্ধতিৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে। যেতিয়াই এই নিয়মৰ হীন-দেৰি ঘটে তেতিয়াই দেহত গঢ় লৈ উঠে নিয়ম নমনা কিছুমান কোষৰ আৰু যাৰ ফলত শৰীৰৰ কিছু কোষে ইয়াৰ ভাৰসাম্য হেৰুৱাই পেলায় । কিছু নতুন পৰিৱৰ্তনৰ ফলত দেহত থকা শৰীৰ ৰক্ষাকাৰী কোষবোৰেও ইয়াৰ চিনাক্তকৰণত ব্যৰ্থ হয়। আৰু অবিৰত গতিত চলি থাকে বংশবৃদ্ধিৰ কাৰ্য্য। এই কোষ বোৰকেই আমি কৰ্কট কোষ বুলি কওঁ, যি জন্ম দিয়ে কৰ্কট ৰোগৰ।
থূলমূলকৈ এয়াই হ’ল এই ৰোগৰ বিৱৰণ। সকলো টেমুনাই কৰ্কট ৰোগ নহয়। গতিকে এই টেমুনা বোৰক দুটা ভাগত ভগাব পাৰি| বেনাইন টিউমাৰ, (benign Tumour) বা যিবোৰ টিউমাৰৰ কৰ্কট ৰোগলৈ পৰিৱৰ্তন হোৱাৰ আশংকা নাই। দ্বিতীয় বিধ হ’ল মেলিগন্টেট টিউমাৰ (malignant tumour) বা কৰ্কট ৰোগৰ টেমুনা।
১৮৩৬ চনত জোহানেচ মোলাৰে পোন প্ৰথম বাৰৰ বাবে অনুবীক্ষণ যন্ত্ৰৰ সহায়ত বেনাইন টিউমাৰ আৰু মেলিগন্টেট টিউমাৰৰ মাজত থকা পাৰ্থক্য ধৰা পেলায়। ইয়েই ১৯শ শতিকাত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ চিনাক্তকৰণতো সহায় কৰে।
বিংশ শতিকাত কৰ্কট ৰোগ কেনেকৈ হয় ইয়াৰ কাৰণ সম্পৰ্কে বহুতো গৱেষণা আৰম্ভ হয়। ক্ৰমজমৰ বিসংগতি তত্ব, পেশীত অক্সিজেনৰ অভাৱ তত্ব ইত্যাদি নতুন তত্বৰ প্ৰস্তাৱনা কৰা হয়। ১৯৪৪ চন ফ্ৰিড্ৱাল্ড আৰু ৰ’চে দুটা প্ৰক্ৰিয়াত কৰ্কট ৰোগৰ বৄদ্ধি হয় বুলি মত আগবঢ়ালে…১) আৰম্ভণি ২) প্ৰৱৰ্তন। ১৯৭১ চনত নাড্চনে “টু হিট থিয়ৰি” আগবঢ়ায়। ইয়াৰ মতে কৰ্কট ৰোগ হ’বলৈ দুটা ঘটনাৰ আৱশ্যক। এটা বংশগত ত্ৰুটি , যিটো বংশগত বা আৰ্জিত। আৰু আনটো পিছৰ পৰ্য্যায়ত হোৱা এটা কাৰ্চিনোজেনিক পৰিঘটনা যি আকৌ বংশগত বা আৰ্জিত হ’ব পাৰে। লাহে লাহে অণু-পৰমাণু স্তৰত হোৱা পৰীক্ষা-নিৰীক্ষাই ইয়াক প্ৰমাণ কৰিলে যে বহুতো টিউমাৰ কাৰক জিন বা অঙ্ক’জিন আৰু টিউমাৰ বাধক জিন বা অৱদমন কাৰক জিন এই প্ৰক্ৰিয়াটোৰ লগত জড়িত।
এতিয়া এটা কথা পৰিষ্কাৰ হৈ উঠিছে যে এটা সুস্থ কোষ কৰ্কট কোষলৈ পৰিৱৰ্তন হ’বলৈ লাগে, বহুতো সৰু সৰু বংশগত কাৰকৰ সমষ্টিৰ দ্বাৰা নিৰ্মিত এটা জটিল প্ৰচেষ্টাৰ |”
….আগলৈ…
প্ৰৱন্ধটো পঢ়ি বৰ ভাল লাগিল ৷ অলপতে ডাঃ সিদ্ধাৰ্থ মুখাৰ্জীৰ The Emperor of All Maladies
নামৰ কৰ্কট ৰোগৰ বিষয়ে লিখা কিতাপ খন পঢ়ি শেষ কৰিছো (বৰ ভাল কিতাপ) ৷