কৰ্ণপ্ৰেম – প্ৰণৱ কুমাৰ বৰ্মন
উস্ কি সেই ব্যৰ্থ শৰাঘাত
পৰাজিত মই মূক
তোমাৰ হৃদয় শুকান সৰাপাত
হে বিভাজ্য প্ৰনয়িণী
অহংকাৰ ৰহিত মাটিত কাণ পাতি শুনা
এটি গুবৰুৱাৰ পাখিৰ কঁপনি
আঁচল খহি পৰক
ৰাতিৰ জোন সৰাদি ৰূপালী নদীৰ ঘাটত
ৰজস্বলা এন্ধাৰত সময়
মই পাপৰ পপীয়া তৰা
তোমাৰ নগ্নতা মোৰ জয়
নাবান্ধিবা খোপা
মেলা চুলিৰে তোমাৰ নামি আহে
জোনাক এসোপা
মোৰ দুখ! মোৰ জন্মৰ
অনাহুত হু হু যাতনাগ্নিৰে
মই অনায়ক
ক্ষমা কৰা যাজ্ঞসেনী
ঈৰ্ষাৰ বহ্নিৰে পুৰুষ
অভিভূত হ’লো ।