খগেন মহন্তদেৱৰ কণ্ঠৰ গীত (- পংকজ বৰা)

কাউৰী পৰে,
কলৰে পাততে কাউৰী পৰে,
আগলতী চিত মোৰ লৰে চৰে,
দোম দোম ডবাতে কোনে কোব মাৰে,
আশাৰৰ ডাৱৰৰ আঁৰে আঁৰে,
অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে,
অ’ অ’ জেউতী তোলৈ মোৰ মনত পৰে;
কাউৰী পৰে…..
পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
জাকি মাৰি উৰে,
পাখিত লগাই পাখি জাকি মাৰে উৰে বগ,
জাকি মাৰি উৰে;
উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
উৰণীয়া মন মোৰ বান্ধিব নোৱাৰো,
অ’ অ’ জেউতী তোৰ কাষলৈ উৰা মাৰে;
কাউৰি পৰে…….
অ’ অ’ অ’……
পথাৰত যদিহে উঠিছে ঢল,
হেৰুৱাই নিদিবি মনৰে বল;
ৰাইজে মাৰিব ওখকৈ ভেটা,
ঢলে এৰি যাব পলসৰ এঠা,
বাৰিষা আহিছে ধাৰাসাৰে
মৈ দিয়া বোকাই মোৰ মন কাঢ়ে;
কাউৰি পৰে…….
চকুৰে নেদেখা দূৰণীতে,
আছোহি পিয়নৰ চাকৰিতে;
চকুৰে নেদেখা দূৰণীতে,
আছোহি পিয়নৰ চাকৰিতে;
কোমল ধানৰ কঠীয়া পৰালিলে নাই,
বকুল পৰাৰ কোচ ললিনে নাই,
মন মোৰ উচ-পিচ কৰে;
কাউৰি পৰে…….
চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াওঁ,
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নাপাওঁ;
চিঠিৰ বুজা মই পিঠিত বান্ধি লৈ
পৰৰ চেনেহ কঢ়িয়াওঁ,
মোৰহে চেনেহীয়ে কিনো ভাবিছে
তাৰ একো গমকে নাপাওঁ;
যোৱাবেলি আঘোণতে….
জেউতীৰে কোলাতে,
এৰি অহা সৰু পোনাটিৰ,
আজি থুনুক-থানাক মাতটি,
ঘুনুক-ঘানাক উটি আহে;
দেউতা বেগতে আহিবি,
আহোতে জোনোকা আনিবি;
দেউতা বেগতে আহিবি,
আহোতে জোনোকা আনিবি;
অবুজ চকুলো মোৰ সৰে সৰে,
অবুজ চকুলো মোৰ সৰে সৰে;
কাউৰি পৰে…….
জেউতী অ’….
পোনাটি অ’….
কুশলে আছনে…. ছাগে অ’ অ’ অ

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!