খহনীয়া – আব্দুল ৰাকিব
সিহঁত এইবাৰ কেনেকৈ আহিব!
মাকে সজাই থোৱা বিহুৰ জলপানখিনি সন্মুখত লৈ আমন জনকৈ ছোৱালীজনীয়ে পদুলিলৈ চকু দি বহি থাকিল৷
“বেয়া নেপাবি দেই!
নাৱৰীয়ালৈ বাট চাঁওতে চাঁওতেই বেলি লাহিয়ালে ৷”
তাই সিহঁতক সাৱটি কলে,
“খহনীয়াই দলংখনহে উটুৱাই নিলে৷
মৰমবোৰ কেনেকৈ উটোৱাব !
আমি মৰমৰ খহনীয়া হবলৈ নিদিওঁ৷
কাহানিও নিদিওঁ৷”