“খাটনিয়াৰ খৰিকটীয়া” – (বিপুল কুমাৰ দত্ত)
মানুহজন ইয়াতে থাকে—
‘গণেশ টিম্বাৰচ’ কালাগ হাটখোলা
ডাকঘৰ- কালাগ, নলবাৰী
পিন – 781351
দৰিদ্ৰতাৰ বিজ্ঞাপন এখন দেহত ওলোমাই
ছবজাৰ পৰা ছবজালৈ হেই-চ’ হেই-চ’ কৰি
আপোনমনে কৰতত শব্দ তুলি, সুৰ ঢালি ঢালি
মানুহজন ইয়াতে থাকে
অহা ৰাতিপুৱাটো গামোচাত বান্ধি
প্ৰতিসন্ধা তেওঁ এইবাটেই যায়
চহৰৰ বস্তিত চাৰিখন মুখে তেওঁলৈ বাট চায়
শীতৰ বিন্দু বিন্দু ঘামে তেওঁক মনে মনে কৈ যায়
তোৰ বাবে বতাহত অম্লজান নাই
দেহৰ উত্তাপেহে ক’ব
মালিকে তেওঁক কেতিয়ালৈ ৰুটী দিব
মালিকসকলে মানুহজনক বৰ ভাল পায়
দুকুৰিৰো দুটকা কমত তেওঁ কাম কৰি যায়
নিৰ্বাচনৰ বতৰত তেওঁ হেনো গাড়ীত উঠিবলৈ পায়
এই ধৰক, হাতত ধৰি হাতীত উঠি, পদুমৰ সুগন্ধি টানি
তেওঁ ভোকৰ বৈতৰণী পাৰ হবলৈ যায়
অথচ অন্ধত্বই তেওঁক প্ৰতিবাৰেই
“গণেশ টিম্বাৰচ” লৈ ঠেলি পঠায়
মানুহজন ইয়াতেই থাকে
খাটনিয়াৰ খৰিকটীয়া ইয়াতেই থাকে
মানুহজনে মাটিক মাটি বুলি কৈ ভাল পায়
তেওঁৰ বাবে ৰুটী ৰাতিপুৱাৰ সমাৰ্থক
তেওঁ জানে
দুখ মানেই প্ৰসৱ বেদনা
আৰু তাৰ পিছত
এটা জন্মোৎসৱ