ত্ৰয়োদশ বৰ্ষ, চতুৰ্থ সংখ্যা, আঘোণ, ১৯৪৫ শক, নবেম্বৰ, ২০২৩

খাদ্যৰ পৰা কীটনাশক কেনেকৈ আতৰাব? – জাহ্নব ভৰদ্বাজ

শাক-পাছলি আৰু ফল-মূলত পোৱা কীটনাশককে ধৰি অন্যান্য ক্ষতিকাৰক ৰসায়নবোৰ আধুনিক জীৱন শৈলীৰ অন্যতম সমস্যা হিচাপে দেখা দিছে। এই ৰসায়নসমুহৰ কাৰণে খাদ্যৰ বিষক্ৰিয়া, ডায়েৰীয়া, হৰমনৰ অসাম্যাৱস্থা, ছাল আৰু চুলিৰ ক্ষতিৰ দৰে হস্ব্ৰম্যাদী সমস্যাৰ পৰা কৰ্কট ৰোগৰ দৰে ভয়ানক ৰোগৰ সম্ভাৱনা উদ্বেগৰ কাৰণ হৈ পৰিছে। আহক প্ৰথম জানো কেনেধৰনৰ ৰসায়ন ব্যৱহাৰ কৰা হয় আৰু তাক কেনেকৈ আঁতৰ কৰিব পাৰি।

মূলতে তিনি প্ৰকাৰৰ ৰসায়ন শাক-পাছলি আৰু ফল-মূল উৎপাদন তথা বিক্ৰীত ব্যৱহাৰ হয়।

১) ফল পকোৱা ৰসায়ন (Ripening agent) : গ্ৰাহকৰ চাহিদা পূৰাবলৈ কেঁচা হৈ থকা ফল যেনে কল, আপেল আদি ফল-মূলবোৰক পৈণত কৰিবলৈ মূলত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰা হয়। এই ৰসায়নত সীহ, পাৰাৰ দৰে গধুৰ ধাতু ব্যৱহাৰ হয় আৰু ই আমাৰ দেহৰ বাবে অত্যন্ত ক্ষতিকাৰক।
প্ৰতিকাৰ : ক) আবতৰীয়া ফলমূল নিকিনিব।
খ) ফল কিনোতে ঠাৰিটো লক্ষ্য কৰিব। উদাহৰণ স্বৰূপে, কলৰ ক্ষেত্ৰত যদি পকা যেন ফলটোৰ ঠাৰি সেউজীয়া হৈ আছে, তাত কাৰ্বাইড ব্যৱহাৰ হৈছে।
গ) আমদানি কৰি অনা ফল কিনাৰ পৰা বিৰত থাকক।

২) কোটিং এজেণ্ট : আপেল, ষ্ট্ৰবেৰী, আঙুৰ আদি ফলৰ এক চিকমিকনি লক্ষ্য কৰেনে? এনেধৰণৰ ফলবোৰ বহুদিনলৈ সতেজ যেন দেখিবলৈ কিছুমান কোটিং এজেণ্ট ব্যবহাৰ কৰে। আঙুৰ কিনিবলৈ যাওতে বগা বগা পাওদাৰ এটা ফলবোৰৰ গাত যে দেখা পায়, সেয়াও একপ্ৰকাৰৰ ৰসায়ন যি আঙুৰটোক সতেজ যেন কৰি ৰাখে। মূলত দুইধৰণৰ কোটিং এজেণ্ট, ৱাক্স আৰু DPA ব্যৱহাৰ কৰে যি শৰীৰত প্ৰৱেশ কৰি দেহৰ ক্ষতি কৰিব পাৰে।
প্ৰতিকাৰ: ক) ভালদৰে ফলমূলবোৰ ধুব।
খ) পাৰিলে ফলটো কটাৰ আগত বাকলি গুছাই লব।
গ) আমদানি কৰা ফল নোখোৱাই উচিত।

৩)কীটনাশক: এইবিধ ৰসায়ন আমাৰ দেহৰ বাবে আটাইতকৈ ক্ষতিকাৰক। যিমান আপুনি পানীৰে ধুলেও কিছু পৰিমাণে কীটনাশক পাছলিত থাকি যায়। দুইধৰণৰ কীটনাশক মূলত চিষ্টেমেটিক আৰু কনটেক্ট কীটনাশক কৃষি উৎপাদনত ব্যৱহাৰ কৰে। চিষ্টেমেটিক কীটনাশকবোৰ স্প্ৰে কৰা হয় আৰু কনটেক্ট কীটনাশক গছৰ গুৰিত, শিপাত দিয়া হয় যাৰ অংশ গা গছ আৰু পাছলি, ফলটোত থাকি যায় এই কীটনাশক সমূহে লিভাৰ, কিডনী আদি অংগৰ প্ৰচুৰ ক্ষতি কৰে।
প্ৰতিকাৰ: তলত উল্লেখ কৰা প্ৰতিকাৰ টোৱে ৯৮% কীটনাশক আতৰ কৰাত সহায় কৰে।
-> প্ৰথমে পাছলিবোৰ দুই এটা পাত্ৰত ৰাখি ডুব যোৱাকৈ পানী দিয়ক।
-> এচামুচ বেকিংচ’ডা পাত্ৰটোত দি দিয়ক আৰু ১৫-২০ মিনিটৰ বাবে থৈ দিয়ক।
-> তাৰ পাছত টেপৰ পানীত ভালদৰে ধোৱক আৰু ব্যৱহাৰ কৰক।

আৰু কিছুমান প্ৰতিকাৰ
ক) বন্ধাকবিৰ বাকলি ভালকৈ গুছাওক আৰু তাৰ পাছত ওপৰোক্ত বেকিংচ’ডাৰ ৱাশ্বিংটো ব্যৱহাৰ কৰক।
খ) পাছলি ভাজোতে খোলা কেৰাহী ব্যৱহাৰ কৰিব। ভাপৰ লগতো বহুখিনি কীটনাশক আঁতৰ হয়।
গ) বতৰৰ পাছলিহে কিনক। লাগিলে দাম দুটকা বেছি দিব কিন্তু গুণাগুণৰ ওপৰত ধ্যান ৰাখিব।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!