খাপ্পা বা খাৰৰ সৈতে তেল নোহোৱাকৈ বনোৱা মাংস

লেখক- দীপালী দাস

উপকৰণ : ১)পিঁয়াজৰ পাত

২)পিঁয়াজ

৩)আদা ,নহৰু,কেঁচা জলকীয়া 

৪)মুৰ্গীৰ মাংস অথবা ছাগলীৰ মাংস অলপ 

৫)কলখাৰ

৬)জোখ অনুযায়ী নিমখ

৭)লাইশাক (ঐচ্ছিক )

৮)কেপচিকাম(ঐচ্ছিক )

প্ৰণালী: 

প্ৰথমতে মাংসখিনি ভালদৰে ধুই পিঁয়াজৰ পাত,পিঁয়াজ ,আদা ,নহৰু ,কেপচিকাম,লাই শাকখিনি সৰুকৈ ভালদৰে কুটি লৈ জলকীয়াখিনি ফালি ল’ব ।এতিয়া কেৰাহী এখন গৰম হ’বলৈ দি কুটি লোৱা সামগ্ৰীখিনি গৰম কেৰাহীখনত দি কিছু সময় লৰাই থাকি ধুই থোৱা মাংসখিনি দি সোৱাদ অনুযায়ী নিমখ দি কলখাৰখিনি ঢালি দি কম জুইত ঢাকোন দি সিজিবলৈ দিব । মাজে মাজে মাংসখিনি লৰাই থাকি পানীটো শুকাই যোৱাৰ পাছত অলপ থপথপীয়া হ’লে  নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Don`t copy text!