“খুলি দে!” (মৃণাল কুমাৰ বৰা)

লেখক : ছাদাট হাছান মান্ট

অনুবাদক :  মৃণাল কুমাৰ বৰা

 

“খুলি দে!”
******************************************************

(১)

অমৃতসৰৰপৰা দুপৰীয়া দুই বজাত ৰাওনা হোৱা বিশেষ ৰে’লগাড়ীখন আঠঘণ্টাৰ মূৰত মোগলপুৰা ষ্টেচন পালেগৈ। এই বাটতে যাত্ৰীসকলৰ বহুকেইজনক হত্যা কৰা হ’ল, কেইবাজনো বেয়াকৈ আহত হ’ল আৰু ভালেমান যাত্ৰী নিৰুদ্দেশ হ’ল।

পাছদিনা ৰাতিপুৱা চকু মেলিয়েই চিৰাজুদ্দিনে নিজকে এটা শৰণাৰ্থী শিবিৰৰ সেমেকা মজিয়াত আৱিস্কাৰ কৰিলে। মজিয়াখনৰ চেঁচাখিনি তাৰ গালৈ বগাই আহিছিল। সি ইফালে-সিফালে চকু ফুৰাই দেখা পালে যে তাৰ চাৰিফালে এগাল মতা-মাইকী আৰু সৰু ল’ৰা-ছোৱালীৰ জাকে গিজগিজাই আছে। এইসকল লোকৰ আজি কোনো ঘৰ নাই। তাৰ চকুৰ আগত আহি পৰা এই পৰিস্থিতিত কিংকৰ্তব্যবিমূঢ় হৈ সি ভালেমান পৰ উদ্দেশ্যবিহীনভাৱে ধূলিৰে ধূসৰিত আকাশখনৰ পিনে চাই থাকিল। চিৰাজে নাজানে সি সেই ধূলিৰ মাজত কি বিচাৰিছে। শৰণাৰ্থী শিবিৰটোত যথেষ্ট হৈ-হাল্লা হৈ আছিল যদিও চিৰাজ যেন এই সকলোৰে প্ৰতি উদাসীন। তাৰ কাণত সেই হাই-উৰুমি সোমোৱা নাছিল। তাক দেখা যিকোনো মানুহেই বোধহয় ক’লেহেঁতেন যে চিৰাজ নিশ্চয় কোনো গভীৰ চিন্তাত নিমগ্ন হৈ আছে অথবা কোনো অৰ্ন্তবেদনাত জৰ্জৰিত হৈ আছে। কিন্তু প্ৰকৃততে সি এক ভাবলেশহীন অৱস্থাতহে আছিল। নিজৰ মাজতে বিভোৰ হৈ আছিল মানুহটো।

হঠাতে সূৰ্যৰ কিৰণ আহি চকুত পৰাত উচপ খাই উঠাৰ আগমুহুৰ্তলৈকে সি একেথিৰে শূণ্যলৈকে চাই আপোনভোলা হৈ আছিল। সূৰ্যৰ কিৰণৰ তাপখিনি যেন হঠাতে তাৰ দেহৰ ৰন্ধ্ৰে-ৰন্ধ্ৰে সোমাই পৰিল। একেজাঁপে সি বহাৰপৰা অধৈৰ্যভাৱে উঠি থিয় হ’ল। হঠাতে তাৰ চকুৰ আগেৰে কালিৰ ঘটনা কিছুমানৰ ছবি বিজুলী বেগেৰে পাৰ হৈ যাবলৈ ধৰিলে। সি উত্তেজিত হৈ আহিবলৈ ধৰিলে। জুই, লুট-পাট, মানুহৰ দৌৰা-দৌৰি, এটা জনাকীৰ্ণ ভয়াৰ্ত মানুহেৰে ভৰা ষ্টেচন, গুলীৰ শব্দ, আন্ধাৰ আৰু আন্ধাৰ…..ছাকিনা…ছাকিনা। এৰা ছাকিনা। ছাকিনা ক’ত ?

আশংকা, দুঃশ্চিন্তা আৰু উদ্বিগ্নতাই একাকাৰ কৰি পেলোৱা চিৰাজে এইবাৰ উন্মত্তভাৱে শৰণাৰ্থী শিবিৰটোৰ মানুহবোৰৰ মাজত ছাকিনাক বিচাৰিবলৈ ধৰিলে।

তিনিঘণ্টামান একেৰাহে মানুহৰ ভিৰৰ মাজে মাজে ছাকিনাক বিচাৰি বিচাৰি অৱশেষত ভাগৰি পৰিল চিৰাজ। শৰণাৰ্থী শিবিৰটোৰ প্ৰতিটো চুকে-কোণে, প্ৰায় প্ৰতিজনী ছাকিনাৰ বয়সৰ ছোৱালীৰ মুখলৈ তন্ন-তন্নকৈ চাইও চিৰাজে তাৰ একমাত্ৰ কিশোৰী জীয়ৰীজনীৰ কোনো চিহ্নই বিচাৰি নাপালে। গোটেই শিবিৰটোৱেই কোলাহলেৰে ভৰি পৰিছিল। কোনোবাই যদি ভিৰৰ মাজত নিজৰ ল’ৰা-ছোৱালী বিচাৰি ফুৰিছিল, আন কোনোবাই হয়তো বিচাৰি ফুৰিছিল মাকক, আন কোনোবাই হয়তো নিজৰ জীয়েকক বা আন কোনোবাই নিজৰ পত্নীক। চাৰিওফালে মাথো কোলাহল। চিৰাজ খুঁটা এটাত ধৰি মজিয়াতে বহি পৰিল।

ভোক-পিয়াহ, ভাগৰ আৰু বিষণ্ণতাই কোঙা কৰি পেলোৱা চিৰাজে তাৰ স্মৃতিৰ কোঠালিবোৰ খুলিবলৈ আৰম্ভ কৰিলে, ছাকিনা কেনেকৈ আৰু কোনটো সময়ত তাৰ কাষৰপৰা হেৰাই গ’ল। এইবাৰ তাৰ চকুৰ আগত ভাঁহি আহিল আন কিছুমান চিত্ৰ। তাৰ ঘৈণীয়েকৰ নাড়ী-ভুড্ ওলমি ওলাই থকা নিথৰ দেহটো, এডোঙা তেজৰ মাজত পৰি ৰোৱা তাৰ ঘৈণীয়েকৰ মেল খাই থকা চকুজুৰি। সি আৰু ভাবিব নোৱাৰিলে। শূন্যতাৰে ভৰি পৰিল পুনৰবাৰ তাৰ মনটো।

এৰা। ছাকিনাৰ মাকৰ, মানে তাৰ পত্নীৰ মৃত্যু হ’ল। তাৰ চকুৰ সন্মুখতে দুৰ্বৃত্তৰ দলে তাৰ পত্নীক হত্যা কৰিছিল- কিন্তু..কিন্তু..ছাকিনা ক’লৈ গ’ল ? মৃত্যুৰ ঠিক আগমুহুৰ্তত তাৰ ঘৈণীয়েকে সেহাই-সেহাই কৈছিল, “মোৰ কাৰণে চিন্তা কৰি লাভ নাই। মই নাবাচোঁ। ছোৱালীজনীক লৈ এইমাত্ৰই পলাই যাওঁক। আপোনালোকে ইয়াত দেৰী কৰিলে আপোনালোকৰ বিপদ হ’ব।……..”

ছাকিনাক লগত লৈ সি পলাই আহিছিল। দুখে-ক্ষোভে-খঙে তাক জুৰুলা কৰি পেলাইছিল। হয়, সিহঁত দুয়ো খালী ভৰিৰেই দৌৰি-দৌৰি পলাই আহিছিল। দৌৰি আহি থাকোঁতে ছাকিনাৰ চুৰ্ণীখন পৰি গৈছিল। সি সেইখন বুটলিবলৈ ঘুৰিব খোজোঁতে তাই চিঞৰিছিল, “আব্বা, থাকক সেইখন। ব’লা সোনকালে।…” কিন্তু সি চুৰ্ণীখন বুটলি লৈছিল। হয় তাৰ মনত আছে। কিবা এটা মনত পৰাত সি তাৰ পেণ্টৰ পকেটত হাত ভৰাই দিয়াত চুৰ্ণীখন তাৰ পকেটৰপৰা ওলাই আহিল। তাৰ হাতত এতিয়াও ছাকিনাৰ নীলা চুৰ্ণীখন আছে। কিন্তু…কিন্তু..ছাকিনা ক’ত ? ক’ত হেৰাই গ’ল তাই ?

সি কথাবোৰ জুকিয়াই ভাবিবলৈ আপ্ৰাণ চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে সি। তাৰ লগত ছাকিনা কেতিয়ালৈকে আছিল ? তাই তাৰ লগত দৌৰি আহি ষ্টেচন পাইছিলনে নাই ? তাই ৰে’লগাড়ীখনত উঠিছিলনে নাই তাৰ লগত ? আক্ৰমণকাৰীবিলাকে ৰে’লখনত আক্ৰমণ কৰাৰ সময়ত সি বেহুঁচ হৈ পৰইছিল নেকি বাৰু ? সিহঁতে তাৰ ছোৱালীজনীক ধৰি লৈ গ’ল নেকি ? সিহঁতে তাইক….. ? নাই সি ভাবিব নোৱাৰ হ’ল। এসোপা উত্তৰহীন প্ৰশ্নই তাৰ মূৰৰ ভিতৰত নিৰন্তৰ পাকঘূৰণি খাই তাক থেকেচিবলৈ আৰম্ভ কৰিলে। তাৰ ওচৰত এইবোৰ একো প্ৰশ্নৰে উত্তৰ নাই। সি মাত্ৰ জানে তাৰ ঘৈণীয়েকৰ মৃত্যু হ’ল আৰু তাৰ জীয়েকজনী তাৰ কাষত নাই।

চিৰাজ ভাগি পৰিল। তাক সহায় আৰু সান্তনাৰ প্ৰয়োজন হৈছিল। কিন্তু অকল চিৰাজেই নে ? সীমাৰ দুয়োটা পাৰে ক’ত-সহস্ৰ চিৰাজ সেইটো সময়ত ভাগি পৰিছিল সেই হিচাপ তেতিয়া কাৰো হাতত নাছিল। চিৰাজে কান্দিব বিচাৰিছিল, চিঞৰিবলৈ বিচাৰিছিল। কিন্তু নোৱাৰিলে। সি কন্দাৰ শক্তিয়েই হেৰুৱাই পেলাইছিল।

(২)

কিছুদিনৰ পাছত চিৰাজে কেইজনমান যুৱকৰ লগত কথা পাতিবলৈ সক্ষম হ’ল যি তাক সহায় কৰিবলৈ আগুৱাই আহিল। তেওঁলোক মুঠ আঠজন আছিল। তেওঁলোকৰ লগত  এখন ট্ৰাকৰ উপৰিও হাতত বন্দুকো আছিল।

চিৰাজে যুৱক কেইজনক ভুৰি-ভুৰি আশীৰ্বাদ দিলে। সি ল’ৰাকেইজনক ছাকিনা দেখাত কেনেকুৱা সেয়া বৰ্ণনা কৰিবলৈ ধৰিলে, “তাই উজ্জ্বল বৰণৰ আছিল, খুব ধুনীয়া মোৰ ছোৱালীজনী…..মোৰ নিচিনা আপচু নহয়, তাইৰ মাকৰ নিচিনা ধুনীয়া…চকু দুটা ডাঙৰ আছিল তাইৰ, দীঘল ক’লা চুলি..আৰু, আৰু..সোঁফালৰ গালখনত তাইৰ তিল এটা আছিল, …ঠিক..ঠিক এইখিনিতে। তাই মোৰ একমাত্ৰ ছোৱালী আছিল বাচাহঁত। মোক তাইক যেনেতেন আনি দিয়া তোমালোকে। আল্লাই তোমালোকৰ মংগল কৰিব বাচাহঁত। “

সেই স্ব-নিয়োজিত সমাজকৰ্মী দয়ালু যুৱককেইজনে চিৰাজক অভয় দিলে। তেওঁলোকৰ কণ্ঠত চিৰাজে প্ৰত্যয় আৰু আন্তৰিকতাৰ স্বৰ শুনিবলৈ পালে। তেওঁলোকে চিৰাজক কথা দিলে যে যদি তেওঁৰ ছোৱালীজনী জীয়াই আছে তেন্তে তাইক সিহঁতে কেইদিনমানৰ ভিতৰতে আনি শৰণাৰ্থী শিবিৰত চিৰাজৰ হাতত গটাই দিবহি। চিৰাজে আন্ধাৰৰ মাজতে অলপ পোহৰৰ ৰেঙণি দেখা পালে।

(৩)

দয়ালু যুৱককেইজনে চেষ্টাৰ ত্ৰুটি কৰা নাছিল। নিজৰ জীৱনৰ লগত খেলিও তেওঁলোক অমৃতসৰ পালেগৈ। তাৰপৰা তেওঁলোকে বহুসংখ্যক পুৰুষ-মহিলা, ল’ৰা-ছোৱালীক উদ্ধাৰ কৰিলে। বহুত পৰিয়ালত তেওঁলোকে হাঁহি বিৰিঙাবলৈ সক্ষম হ’ল। কিন্তু প্ৰায় দহ-বাৰ দিন বিচাৰিও তেওঁলোকে ছাকিনাৰ কোনো খবৰ নাপালে।

এদিনাখন দয়ালু যুৱকৰ দলটো পুনৰ অমৃতসৰলৈ ঘুৰি গ’ল। উদ্দেশ্য- আৰু কিছুসংখ্যক গৃহহীন, পৰিয়ালহীন লোকক সহায় কৰা। তেওঁলোকে ট্ৰাকৰপৰাই ৰাস্তাৰ কাষত এজনী ছোৱালী ৰৈ থকা দেখা পালে। ট্ৰাকৰ শব্দ শুলিয়েই নিজৰ মাজত বিভোৰ হৈ থকা ছোৱালীজনী ৰাস্তাৰপৰা তললৈ নামি পলাবলৈ ধৰিলে। যুৱককেইজনে ট্ৰাকখন ততাতৈয়াকৈ ৰাখি দুজনমানে তাইৰ পিছে পিছে দৌৰিবলৈ ধৰিলে। পথাৰৰ মাজে মাজে অলপদূৰ দৌৰাৰ পাছত তেওঁলোকে ছোৱালীজনীক ধৰিবলৈ সক্ষম হ’ল। দীঘল চুলিকোছাৰে ধুনীয়া ছোৱালীজনীৰ সোঁফালৰ গালখনত তিল এটা আছে।

ছোৱালীজনীয়ে খুব ভয় খাইছিল। দৌৰাৰ কাৰণে তাই ফোপাইছিলো। এজন যুৱকে ছোৱালীজনীক সুধিলে, “ভয় নাখাবা ভণ্টী। তোমাৰ নাম ছাকিনা নেকি ?”

ছোৱালীজনীৰ শেঁতা মুখখন আৰু বেছি শেঁতা পৰিল। তাই কোনো উত্তৰ নিদিলে। তলমূৰ কৰি ৰৈ থাকিল ধুনীয়া ছোৱালীজনী। যুৱককেইজনে তাইক বাৰে বাৰে বুজাই-মেলি আশ্বাস দিয়াৰ পাছতহে তাই ক’লে যে তায়েই চিৰাজউদ্দিনৰ জীয়েক ছাকিনা।

মৰমীয়াল যুৱককেইজনে ছাকিনাৰ খোৱা-মেলাৰ ব্যৱস্থা কৰি দিলে, ট্ৰাকত উঠাই ল’লে। তেওঁলোকৰ হাতত তাইক দিবপৰা কোনো অতিৰিক্ত কাপোৰ নাছিল। তাইৰ মলিয়ন নীলা চুৰিদাৰযোৰ অ’ত-ত’ত এটা-দুটা ফাট মেলিছিল। তাইৰ বুকুত চুৰ্ণীও নাছিল। তাই মাজে মাজে দুয়োহাতেৰে তাইৰ অৰ্ধউন্মুক্ত উঠন বুকুখন ঢাকি লজ্জা নিবাৰণৰ চেষ্টা কৰিছিল।

(৪)

কেইবাদিনো পাৰ হৈ গৈছিল। চিৰাজে ছাকিনাৰ কোনো খবৰ পোৱা নাছিল। যুৱককেইজন এবাৰ আহিছিল যদিও তেওঁলোকেও ছাকিনাৰ কোনো খবৰ আনি দিব পৰা নাই। বেলেগ বহুত ল’ৰা-ছোৱালী আৰু পুৰুষ-মহিলাক ট্ৰাকত উঠাই আনিছিল কিন্তু তেওঁলোকে আহোঁতে। তেওঁলোক আকৌ কেইদিনমানৰ পাছত উভতি অহাৰ কথা আছিল। কেইবাদিনো পাৰ হৈ গ’ল। অহা নাই তেওঁলোক আকৌ। ৰাতিপুৱাৰপৰা আবেলিলৈকে চিৰাজে ওচৰৰ শৰণাৰ্থী শিবিৰবোৰত ঘুৰি ফুৰে জীয়েকৰ সন্ধানত। সদায় ৰাতি শোৱাৰ সময়ত ওপৰৱালাৰ ওচৰত প্ৰাৰ্থনা কৰে যাতে সেই দয়ালু যুৱককেইজনে যেন তাৰ জীয়েকক বিচাৰি পায়।
হঠাতে এদিন চিৰাজে সেই দয়ালু যুৱককেইজনক শিবিৰত দেখা পালে। তেওঁলোক ট্ৰাকত বহি আছিল আৰু ট্ৰাকখন যাবলৈ ওলাই আছিল। চিৰাজ দৌৰি গ’ল তেওঁলোকৰ ওচৰলৈ। “বাচাহঁত, মোৰ ছোৱালীজনীৰ….ছাকিনাৰ কিবা খবৰ পাইছিলানে ?”

“আমি সোনকালেই আপোনাৰ ছোৱালীজনীক বিচাৰি উলিয়াম, আপুনি কোনো চিন্তা নকৰিব।” তেওঁলোকে ক’লে আৰু ট্ৰাকখন লৈ তাৰপৰা আঁতৰ হ’ল।

চিৰাজে সেই দয়ালু যুৱককেইজনৰ সুস্বাস্থ্য আৰু নিৰাপত্তাৰ বাবে ভগৱানক আকৌ এবাৰ প্ৰাৰ্থনা কৰিলে। তেওঁ ওপৰৱালাক খাটিলে দয়ালু যুৱককেইজনে যেন সোনকালে ছাকিনাক বিচাৰি পায়।

(৫)

সেইদিনাখন ৰাতি চিৰাজ থকাৰ ওচৰতে অলপ হৈ-হাল্লাৰ শব্দত সি শোৱাৰপৰা উঠি বহিল। চাৰিজন মানুহে কাৰোবাক ডাঙি লৈ যোৱা দেখা পালে চিৰাজে। কি হৈছে সোধাত চিৰাজে জানিব পাৰিলে যে তেওঁলোকে ৰে’ললাইনৰ ওচৰত ছোৱালী এজনীক অজ্ঞান অৱস্থাত পাই ডাঙি-মেলি শিবিৰলৈ লৈ আনিছে। চিৰাজে বহাৰপৰা উঠি তেওঁলোকৰ পিছ ল’লে।

তেওঁলোকে ছোৱালীজনীক শিবিৰৰ অস্থায়ী চিকিৎসালয়খনলৈ লৈ গ’ল। চিৰাজে চিকিৎসালয়ৰ ভিতৰলৈ সোমাবলৈ ইতস্ততঃবোধকৰি অলপ সময় বাহিৰৰ বাঁহৰ খুটা এটাৰ কাষতে ৰৈ থাকিল। কিছুসময়ৰ পাছত সি লাহে লাহে, এখোজ-দুখোজকৈ ভিতৰলৈ সোমাই গ’ল। কোঠাটোত কোনো নাছিল।  ষ্ট্ৰেচাৰ এখনত ছোৱালীজনীক মাত্ৰ শুৱাই থোৱা হৈছিল কোঠাটোত।

চিৰাজ লাহে লাহে ছোৱালীজনীৰ ওচৰলৈ আগবাঢ়িল।

কোনোবাই হঠাতে কোঠাটোৰ বিজুলী-বাতিটো জ্বলাই দিলে। সেই পোহৰত চিৰাজে ছোৱালীজনীৰ গালখনত থকা তিলটো ধুনীয়াকৈ দেখা পালে। আৱেগত চিঞৰি উঠিল চিৰাজ। “ছাকিনা!….”

বিজুলী-বাতি জ্বলোৱা মানুহজন ডাক্তৰ আছিল। তেওঁ চিৰাজক সুধিলে, “কি হ’ল ? তোৰ কোন হয় ?”

চিৰাজে কোনোমতে আৱেগক নিয়ন্ত্ৰণ কৰি ক’লে, “মই…মই…মই তাইৰ দেউতাক ছাৰ।”

ডাক্তৰজন ছোৱালীজনীৰ কাষলৈ আহিল আৰু তাইৰ নাড়ী পৰীক্ষা কৰিলে। কোঠাটোৰ খিৰিকীখনলৈ আঙুলিয়াই চিৰাজক উদ্দেশ্যি ক’লে, “খুলি দেছোন।….সেইখন, সেই খিৰিকীখন। “

ষ্ট্ৰেচাৰখনত পৰি থকা ছোৱালীজনীৰ দেহাটো অলপ লৰচৰ কৰি উঠিল।

ছোৱালীজনীয়ে তাইৰ হাত এখন বৰ কষ্টেৰে তাই পিন্ধি থকা চেলোৱাৰটোৰ ৰচীডালৰ ওচৰলৈ আনিলে।

লাহে লাহে তাই চেলোৱাৰটোৰ ৰচীডাল খুলি চেলোৱাৰটো ভৰিৰ তলপিনে ঠেলি দিলে।

চিৰাজউদ্দিনে আনন্দত চিঞৰি উঠিল, “তাই জীয়াই আছে। ছাকিনা জীয়াই আছে। মোৰ ছোৱালীজনী জীয়াই আছে ডাক্তৰ।”

[বি. দ্ৰঃ মূল গল্পৰ নাম “खोल दो”। লেখক ছাদাট হাছান মান্ট'(Saadat Hasan Manto)। দেশ বিভাজনৰ পটভূমিত লিখা মান্ট’ৰ চুটি গল্পসমূহৰ মাজৰ এইটোও এটা। অনুবাদ কৰোঁতে মূল উৰ্দু গল্পটোৰ লগতে ইংৰাজী অনুবাদটোৰো সহায় লোৱা হৈছে। পটভূমি, চৰিত্ৰসমূহৰ নাম মূল গল্পৰ দৰেই ৰখা হৈছে। ]

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!