খেতিৰ মাজত আঁৰি ৰখা মানুহৰ মুখাকৃতি অংকিত টেকেলি
খেতিৰ মাজত আঁৰি ৰখা মানুহৰ মুখাকৃতি অংকিত টেকেলি
ৰুদ্ৰ নাৰায়ণ বৰকাকতি
কৃষকসকলে ধান ৰোৱাৰ অলপ দিনৰ পাছত, ধাননিত বাহৰ জেং পুতি দিয়ে। বাহৰ জেঙত চৰাই পৰি, ধানৰ ক্ষতিকাৰী পোক-পতংগৰ পলুবোৰ ভক্ষণ কৰি ধাননিডৰা ৰক্ষা কৰে। অৱশ্যে ধান পকাৰ সময়ত এই জেং গুচাই দিয়া হয়। কিয়নো এই সময়ত পক্ষীৰ আগমনে ধান নষ্ট কৰিব পাৰে। এই পদ্ধতিক কৃষকসকলে পৰম্পৰাগতভাৱে অতীজৰে পৰা ব্যৱহাৰ কৰি আহিছে।
কিন্তু শাক-পাচলিৰ বাগিচাৰ মাজত মানুহৰ মুখাকৃতি অংকিত সজাই ৰখা টেকেলিবিলাক মুখ লগা/নজৰ লগা/চকু পৰাৰ পৰা খেতি বচাবলৈ ব্যৱহৃত হয় নেকি? বিজ্ঞজনৰ পৰা জানিব বিচাৰিছোঁ।
দেৱৰাজ কেওঁটঃ
চৰাই-চিৰিকটিক ভয় খুৱাবৰ বাবে ৰখা হয় বুলি জানোঁ।
পঙ্কজ মহন্তঃ
আচলতে শাক-পাচলি খোৱা জীৱ-জন্তু, চৰাই-চিৰিকতিয়ে যাতে জুমুঠিটোক মানুহ বুলি ভয় কৰে……! পাছে সিদিনা ৰাস্তাৰ পৰা দেখিলোঁ খেতি এডৰাৰ মাজত থকা জুমুঠি এটাৰ কান্ধত মলুৱা এটা বহি, দাঁত নিকটাই থকা মূৰটো সোলোকাই আছে!
আৰাধনা বৰুৱাঃ
মই জনা মতে শস্য নষ্ট কৰা চৰাই আাদিক ভয় খুৱাবৰ বাবে ৰখা হয়।
মাখন লাল দাসঃ
ইংৰাজীত কোৱা হয় Scare Crow বুলি। অৰ্থাৎ কাউৰীক ভয় খুওৱা বস্তু। অনিষ্টকাৰী চৰাইবোৰক ভয় খুৱাবলৈকে ৰখা হয় বুলি ভাবোঁ।
সমুদ্ৰ কাজল শইকীয়াঃ
ইয়াৰ অসমীয়া নাম চং। হিন্দী নাম বিজুকা।
ৰুদ্ৰ নাৰায়ণ বৰকাকতিঃ
কিন্তু চৰাই-চিৰিকতিয়ে এই চঙৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে, বোধহয়!
চৈতন্য কে ভৰদ্বাজঃ
ক’ৰবাত অসমীয়া নাম ‘চৌৰ’ বুলি পাইছিলোঁ।
পঙ্কজ ঠাকুৰীয়াঃ
এটা নতুন পদ্ধতি দেখা পাইছোঁ। আজিকালি ‘চিডি’ বেয়া হোৱাৰ পিছত পেলাই দিবলৈ ঠাইৰ অভাৱ। এই ‘চিডি’বোৰ জেঙত আঠা লগাই সুফল পাব পাৰি।
মাখন লাল দাসঃ
বৰপেটাৰ ফালে “চৌ” বুলি কোৱা হয়।
ৰুদ্ৰ নাৰায়ণ বৰকাকতিঃ
আগতে গানৰ কেছেটৰ ৰিলটোও দীঘলে দীঘলে বান্ধি চৰাইক ভয় খুওৱাৰ ব্যৱস্থা কৰা হৈছিল, বোধহয় পঙ্কজ ঠাকুৰীয়া।
পঙ্কজ ঠাকুৰীয়াঃ
তামোলৰ ‘ঢোকোনা’ একোটা দুডাল বাঁহৰ মাজত এনেকে বান্ধি দিয়া হয় যাতে বতাহত ঢোকোনাটো ইফালে সিফালে উৰিলে বাঁহত খুন্দা খায় আৰু শব্দ হয়। ঢোকোনাটোৰ দুইকাষে কামি এচটা বান্ধি দিব লাগে যাতে খুন্দা খাই ফাটি নাযায়।
[ এইটো এটা আলোচনাৰ এক অংশহে মাথোঁ। আলোচনাৰ মূল বিষয়বস্তুৰ প্ৰতি লক্ষ্য ৰাখি ব্যক্তিগত শুভেচ্ছামূলক তথা প্ৰশংসাসূচক মন্তব্যসমূহ দিয়াৰ পৰা বিৰত থকা হ’ল-সম্পাদক]