খেতি-বাতি, শিল্প বিপ্লব, গোলকীকৰণ আৰু অসমৰ শুৱনি ধাননি পথাৰ : অচিন্ত বৰঠাকুৰ
খেতি-বাতি, শিল্প বিপ্লব, গোলকীকৰণ আৰু অসমৰ শুৱনি ধাননি পথাৰ
অচিন্ত বৰঠাকুৰ
খেতিৰ দিনত পূবে ঢলফাট দিয়াৰ সময়তে চৰাইৰ কিচিৰ-মিচিৰ শব্দত সাৰ পাই ঘৰৰ গিৰিহতে গোহালিৰ বলদ হাল খুলি আৰু কাণ্ধত পিৰালিৰ নাঙল-যুঁৱলি লৈ পথাৰলৈ ওলাই যোৱাটো গাঁৱৰ প্রতিঘৰ মানুহৰ দৈনন্দিন কার্যসূচী আছিল । কিছু সময়ৰ পিছত হাতত ছাহ আৰু জলপানৰ টোপোলা লৈ গৃহিনী অথবা ঘৰৰ ডেকা ল’ৰাহঁত পথাৰলৈ গৈ ইতিমধ্যে হাল বাই থকা মানুহজনক সময়িক ভাবে এক ছাহ বিৰতিৰ সুবিধা দিয়ে । সুযোগ বুজি ডেকাহঁতে তেখেতৰ পৰা হালখন তেতিয়াই চম্ভালি লয় আৰু সলনা সলনিকৈ প্রায় ন, চাৰে ন বজালৈকে মাটি চহোৱা, মৈ দিয়া বা বোকা দিয়া কামত লাগি গৰুহাল যুঁৱলিৰ পৰা মুক্ত কৰি দিয়ে । বোকাৰে লুতুৰি পুতুৰি হৈ পৰা বলদহালক কোনোবা এজনে নোৱাই ধুৱাই ঘাঁহ খাবলৈ এৰি দিয়ে আৰু আনসকলে কঠিয়া তোলা, আলি দিয়া বা খেতিৰ আন আন কামত লাগি থাকে । আহাৰ-শাওন মহীয়া খাওঁ খাওঁ মূর্ত্তি ধৰি ওলোৱা ৰ’দৰ প্রকোপলৈ চাই এটা সময়ত তেওঁলোকেও মুকলি পথাৰৰ পৰা আতৰি আহে । দুপৰীয়াটো জিৰাই সতাই উঠাৰ পিছত পিছবেলালৈ ৰ’দ পাতলিলে একেখিনি মানু্হেই আকৌ খেতিৰ কামত পথাৰলৈ ঢাপলি মেলিছিল আৰু সন্ধ্যা নমাৰ লগে লগে ঘৰমূখী হৈছিল । গাওঁখনৰ এজনে আনজনক খেতিত সহায় কৰি দিয়াটো এক অলিখিত নিয়ম যেনেই আছিল বাবে খেতিৰ বতৰত কাৰো আজৰি নাছিল আৰু সৰু পৰিয়াল বিলাকেও অকলে ইমান কাম কৰিবলগীয়া হ’ব বুলি চিন্তা কৰিবলগীয়াও নহৈছিল । এয়া আছিল আজিৰ পৰা ১৫-২০ বছৰৰ আগৰ অসমৰ চিনাকি অচিনাকি যি কোনো গাৱঁৰ পৰিচিত ছবি ।
শিল্প বিপ্লবৰ যুগান্তকাৰী আবিষ্কাৰ বিলাকে লাহে লাহে গাৱঁৰ সেই চিনাকি ছবিখন আমাৰ চকুৰ আগৰ পৰাই নোহোৱা কৰি নিলে। এলাৰ্ম ঘড়ী সুলভ হোৱাৰ পিছত বা গাৰুৰ তলত মোবাইল ফোনত এলার্ম দি ৰাখিব পৰা হোৱাৰ পাছৰ পৰা চৰাইৰ মাতত এতিয়া সাৰ পোৱাৰ প্রয়োজন নাই, বৈদ্যুতিক পাংখাৰ হো-হোৱনিত সুখনিদ্রাত মগ্ন সকলৰ কাণত চৰাইৰ মাতে ৰাতি পূওৱাৰ জাননী দিয়াৰ অৱকাশেই বা ক’ত ! খেতি খেতি বুলি এতিয়া আৰু গোটেই ঘৰখনৰ সকলো মানুহ ব্যস্ত হোৱাৰ প্রয়োজন নাই । গাৱঁৰে পাৱাৰ টিলাৰ থকা মানু্হ জনক বা কাষৰ খন গাঁৱৰ ট্রেক্টৰ খনক আগতীয়াকৈ খবৰ দি থোৱা থাকেই যেতিয়া সময়মতে হাল বোৱা হৈ যোৱাটো নিশ্চিত।সেইবিলাকেৰে হাল বাবলৈ বৰষুণ হোৱা নোহোৱাৰো ইমান এটা কথা নাই। ট্রেক্টৰ বা পাৱাৰ টিলাৰেৰে দিনে ৰাতিয়ে হাল বালেও কোনো ক্ষতি নাই, কাৰণ গৰুৰ দৰে ঘাঁহ খাবলৈ ইহঁতক বেলেগকৈ সময় নালাগে আৰু ইহঁতৰ ভাগৰ লগাৰ সম্ভাৱনাও কম । অতি বেছি মন গ’লে যন্ত্র বিধ চলাই থকা মানুহ জনক সময়ত ছাহ একাপ আৰু ভাত সাঁজ যোগান ধৰিলেই হ’ল । ঠিকা হিছাবত কাম কৰা এনে যান্ত্রিক হালোৱা মানুহজনে কথা পাতি বা ছাহ খোৱাৰ আচিলাত হাল নাবাই ৰৈ থকাৰ ভয়ো কম, গতিকে পথাৰলৈ সেয়া তদাৰক কৰিবলৈ যোৱাৰ কষ্টও কমিল । খেতিৰ বতৰটোত ১৫ ৰ পৰা ২০ ঘণ্টালৈকে কাম কৰি অসমৰ পথাৰত তেওঁলোকে অন্য এক পৰম্পৰাৰ প্রচলন কৰিলে আৰু ডেকা-বুঢ়া সকলো পুৰুষৰ কষ্টও বহুলাংশে লাঘব কৰিলে। খেতি পথাৰত ৰাসায়ণিক সাৰৰ প্রয়োগ নিশ্চিত কৰাৰ পৰম্পৰা এটাও সমসাময়িকভাৱে গঢ় লৈ উঠিল। হাল বোৱা যন্ত্র সমূহৰ উপৰি কঠিয়া বা ডাঙৰি অনা নিয়া কৰিবলৈ গৰু গাড়ীৰ ঠাইত ঠেলা আৰু বিভিন্ন ডিজেল চালিত বাহনৰ ব্যৱহাৰৰ ফলত শেষত এনেকৈয়ে খেতি পথাৰত চিকুণ বলদ হাল অপ্রাসংগিক হৈ পৰিল ।
ইতিমধ্যে গোলকীকৰণৰ আন এক সুফলেও(!) গাওঁ বিলাকত দেখা দিবলৈ ল’লে । কঠিয়া তোলা আৰু ভূঁই ৰোৱাৰ বাবে সুলভ মূল্যত চুবুৰীয়া জিলা (দেশ?)ৰ পৰা অহা বনুৱা সমূহ সহজলভ্য হৈ উঠিল । হিছাবতকৈ বেছি পৰিশ্রমী এই দেশী বিদেশী বনুৱা সকলক ৰোৱা-তোলাৰ কামত লগাই দি গিৰিহঁত নিচিন্ত হ’ব পৰা হ’ল । কামৰ সময়ত ৰ’দ, বৰষুণ, গৰম, ঠাণ্ডা অথবা ঘড়ীৰ কাটাৰ গতিৰ প্রতি উদাসীন এই শ্ৰমিক সকলৰ কামতো বিশেষ তদাৰক কৰিবলগীয়া নাথাকে, কেৱল খাদ্য(ভবাতকৈ অধিক পৰিমাণৰ) বা খাদ্যৰ কেছামাল আৰু পানীৰ যোগান ধৰিলেই হ’ল, বেলি ওলোৱাৰ পৰা বেলি ডুবালৈকে তেওঁলোকে কাম কৰি যাব । দুই-এক সংগঠণে এই ধৰণৰ শ্রমিকৰ নাগৰিকত্বত সন্দেহ কৰি মাজে মাজে চলোৱা অভিযানৰ বৌদ্ধিক মোকাবিলা কৰাতো তেওঁলোক ইতিমধ্যে অভিজ্ঞ হৈ পৰিছে । সি যি কি নহওক, গোলকীকৰণৰ দ্বাৰা অসমৰ পথাৰত এই ধৰণৰ শ্রমিকৰ সহজলভ্যতাৰ বাবেই টিকাফটা ৰ’দত গাঁৱৰ যুবতী সকলে আগৰ দৰে বোকাত নামি ভূঁই ৰোৱাৰ পৰম্পৰাৰো অৱসান ঘটিল ।
গোলকীকৰণ আৰু শিল্প বিপ্লবৰ এই অৱদানসমূহৰ ফলত বজাৰত পোৱা চাউলৰ মূল্যতকৈ ঘৰুৱাভাৱে উৎপাদন কৰা চাউলৰ প্রতি কে.জি.ত দহৰ পৰা পোন্ধৰ টকা অধিক খৰছা পৰিবলৈ লাগিল আৰু বিশ্ব অর্থনীতিত অসমৰ খেতি পথাৰে এক সুকীয়া বৰঙণি (?) যোগাবলৈ লাগিল ।