খেল (মালবিকা বৰা)

malabikaসৌ তাহানিতে হস্তিনাপুৰত যে
আঙুলিৰ চাতুৰীত খেল এখন হৈছিল!
ভাগ্যৰ চকৰিত ঘূণপোকে ধৰিছিল।
বঙহৰ তেজক নিচিনাৰ ভাও ধৰি,
বঙহে তিয়াইছিল গা!
মানুহেই সংগোপনে
খেলক খেল বুলি নোকোৱাৰ যোজনা ৰচিছিল।
নতুন নিয়মেৰে জাল এখন পাতি
চুকে কোণে সামৰি লৈছিল!
আপাত:ত,
ইতিহাসে নিৰোৱা বাটেৰে আহিছে বাবেই
সাধাৰণ খেলবোৰ কুটিল হৈ পৰিছে।
হাজাৰ জনতাৰ হাতৰ চাপৰি বাজিছে।
আনন্দৰ নিস্পাপ টুকুৰা সময়ত
কোনোবাই বৰবিহৰ ছিটিকনি পেলাইছে।
কিৰিলি উঠিছে জীৱনৰ নে মৃত্যুৰ,
খোল তাল বৰকাঁহৰ শৱদত!
আমি প্ৰশ্নবোধক হৈ ৰৈ আছোঁ,
নিশ্চিত উত্তৰৰ অধীৰ অপেক্ষাত!
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!