খোজনীয়া (-ভাস্কৰ ভাজিনী )

প্ৰথম পট:
আজি পুৱাৰ ভাগত ৰে’লেৰে যাত্ৰা৷ বেছি দূৰলৈ নহয়৷ শিৱসাগৰ চহৰলৈ৷ আন দিনাৰ দৰে ৰে’লত লগ পালোঁ একাধিক খোজনীয়া৷ খুচুৰা পইচাৰ অভাৱত গান গাই ফুৰা মাত্ৰ এজন পচন্দৰ খোজনীয়াক টকা এটা আগবঢ়াই দিলোঁ ৷ “ভগৱানে দয়া কৰক” বুলি কৈ তেওঁৱো নিৰ্বিবাদে টকাটো গ্ৰহণ কৰি নিজ বাটে আঁতৰি গ’ল৷ টকাটো পাই তেওঁ সন্তুষ্ট, দি মই সন্তুষ্ট৷
begger
দ্বিতীয় পট:
গন্তব্য স্থান শিৱসাগৰ নগৰত লগ পালো আন এজন খোজনীয়াক৷ সাজে-পোচাকে সাইলাখ ভকতৰ দৰে৷ উপযাচি ওচৰলৈ আহি চিনাকি ব্যক্তিৰ দৰে তেওঁ সুধিলে, “ভালনে আপোনাৰ?”
মই বোলোঁ – ভালেই৷
এইবাৰ তেওঁ নিজৰ বিষয়ে বকলা মেলি কলে, “মোৰ সৰু ল’ৰাটোৰ ভালেমান দিনৰ পৰা ভৰিৰ বিষ, ডাক্টৰৰ তালৈ নিব লাগে, কিবা এটা দি সহায় কৰক ৷”
মানুহজনৰ অনুৰোধ নেওচিব নোৱাৰি হাতত থকা বিশ টকা এটা আগবঢ়াই দিলোঁ৷ অকণো পলম নকৰি মোৰ হাতৰ পৰা মানুহজনে কুৰি টকাটো হস্তগত কৰি ক’লে
-আৰু কেইটকামান দিব নোৱাৰিলে?
এইবাৰ কিন্তু মই অনুভৱ কৰিলোঁ যে কুৰি টকা পায়ো ভকতৰূপী সেই খোজনীয়াজন অসন্তুষ্ট আৰু দি মই অসন্তুষ্ট৷ ৷

একেই স্থানত থকা দুজন সুকীয়া ব্যক্তিৰ মনৰ মাজত কিমান যে আচৰিত বৈসাদৃশ্য!!
***

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!