খোলাচাপৰি পিঠা (মিতালী বৰ্মন)
এতিয়া নতুন চাউলৰ বতৰ। নতুন চাউলেৰে খোলাচাপৰি পিঠা ভাজি খাবলৈ বৰ সোৱাদ লগা হয়। সেয়ে আজি বতৰৰ পিঠা ভজাৰ অতি সহজ প্ৰণালীটোকে আগবঢ়ালোঁ।
উপকৰণ:
পিঠা গুৰি
নিমখ
পানী
ৰিফাইন/ মিঠা তেল
প্ৰণালী:
পিঠা গুৰিৰ বাবে প্ৰথমে চাউলখিনি ধুই খৰাহীৰে পানীখিনি সৰাই লওক। পানী সৰি চাউলখিনি জৰজৰীয়া হ’লে ঢেকী নাইবা আধুনিক প্ৰযুক্তিবিদ্যাৰ অৱদান মিক্সিত খুন্দি লওক। খুন্দা হোৱাৰ পাছত ডাঙৰ ডলা এখনত কাগজ পাৰি তাতে বহলকৈ পিঠা গুৰিখিনি মেলি দি ৰ’দত দিয়ক। এবেলা ৰ’দ লগাৰ পাছত পাত্ৰ এটাত একাপ পিঠা গুৰি লৈ সোৱাদ অনুযায়ী নিমখ দি পানীৰে গুলি লওক। এই মিশ্ৰণটো অলপ পনীয়া হৈ থকাটো বাঞ্ছনীয়। এতিয়া বাতি এটাত অলপ ৰিফাইন বা মিঠা তেল উলিয়াই লওক। টাৱাখন জুইত পাতি গৰম হোৱাৰ পাছত তাত আধা চামুচ ৰিফাইন বা মিঠা তেল দিয়ক। টাৱাখন ঘূৰণীয়াকৈ ঘূৰাই তেলখিনি টাৱাখনৰ চাৰিওফালে বিয়পাই দিয়ক। তেল গৰম হ’লে ইতিমধ্যে প্ৰস্তুত কৰা পিঠা গুৰিৰ ঘোলৰ পৰা গোল হেতা এখনেৰে এহেতা ঘোল তেলত দিয়ক। মধ্যমীয়া জুইত ৩০-৪০চেকেণ্ডমানৰ বাবে ঢাকনি মাৰি থওক। ঢাকনিখন দঙাৰ লগে লগে দেখিব পিঠাখনৰ চাৰিওকাষ সোণালী বৰণৰ হৈ পৰিছে। এতিয়া খণ্টা এখনেৰে সাৱধানে পিঠাখন লুটিয়াই দিয়ক। আকৌ ৩০-৪০ চেকেণ্ডমান ঢাকনি মাৰি থ’ব। ঢাকনিখন দাঙি খণ্টাখনেৰে পিঠাখন নমাই এখন শুকান কাঁহীত থওক। একেদৰে গোটেইখিনি পিঠা ভাজি পেলাওক। গৰমে গৰমে এগিলাচ ধোঁৱাই থকা চাহৰ লগত পৰিবেশন কৰক।
মনকৰিবলগীয়া কিটিপ:
এই পিঠা ভাজোঁতে পিঠা গুৰিৰ ঘোলটো সঘনাই হেতাখনেৰে লৰাই থাকিব লাগে। নহ’লে পিঠা গুৰিখিনি গোট মাৰি তলত ৰৈ যায় আৰু কেৱল পানীখিনিহে ওপৰত থাকে।
পিঠা গুৰিৰ ঘোলটো বেছি ঘন হ’লে পিঠা নুঠিবও পাৰে অৰ্থাৎ পিঠা ভাঙি যোৱাৰ সম্ভাবনা থাকে।
পিঠা গুৰিখিনি ভালে ৰাখিবলৈ প্ৰতিদিনে ৰ’দ লগাব লাগে।
কেঁচা পিঠা গুৰি বহুদিনলৈ ৰাখিলে গোন্ধাই যায়। সেয়ে এই পিঠা খাবৰ বাবে পিঠা গুৰিখিনি শুকান কেৰাহী এটাত অলপ জুইত তপতাই সেইখিনি ঠাণ্ডা হোৱাৰ পাছত বৈয়ামত ভালকৈ সাঁফৰ মাৰি ভৰাই থ’লে বহুদিনলৈ ভালে থাকে আৰু আপুনি যেতিয়াই মন যায় তাৰে খোলা চাপৰি পিঠা ভাজি খাব পাৰে।
বটল/পেকেটৰ পৰা চিধাই টাৱাত তেল বাকি দিলে বেছিকৈ তেল পৰি যাব পাৰে। এনে নহ’বৰ বাবে ৰিফাইন/ মিঠাতেলখিনি বাতি এটাত উলিয়াই ল’ব লাগে আৰু এখন পিঠাৰ বাবে আধা চামুচ তেলহে ব্যৱহাৰ কৰিব লাগে।