গঁড় হত্যা আৰু প্ৰতিৰোধ (অনামিকা চলিহা)
এসপ্তাহত তিনিটা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হ’ল। ইয়াকে ধৰি মুঠ ১৪ টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হ’ল। চকুৰ আগতেই ইটোৰ পিছত সিটোকৈ অসমৰ ৰাজ্যিক প্রতীক এশিঙীয়া গঁড় চোৰাং চিকাৰীৰদ্বাৰা হত্যা হৈ থকা কাণ্ডই হয়তো মোৰ দৰে প্রত্যেকজন অসমীয়া মানুহৰে হৃদয়ত শোকে খুন্দা মাৰি ধৰাৰ লগতে সীমাহীন ক্ষোভৰো সৃষ্টি কৰিছে। একো কৰিব নোৱাৰাৰ ক্ষোভ। হয়তো আমাৰ অৱস্থা মহাভাৰতৰ ভীষ্মৰ নিচিনা হৈছে। চকুৰ আগতেই ধৃতৰাষ্ট্ৰৰ পুত্ৰই ইটোৰ পাছত সিটোকৈ অন্যায় কৰি গৈছে আৰু ভীষ্মই সকলো দেখিও ধৃতৰাষ্ট্ৰৰ পক্ষ লোৱাৰ দৰে আমিও যি হৈ আছে আনৰ ওপৰত এৰি দি উট পক্ষীৰ দৰে বালিত মুখ লুকুৱাৰ চেষ্টা কৰিছোঁ। অসম বুলিলে বাহিৰৰ মানুহে হয়তো আলফা চাহৰ লগতে এশিঙিয়া গঁড়কেইটাৰ নামো লয়। তেনে স্থলত এশিঙীয়া গঁড়কেইটাক চোৰাং চিকাৰীৰ হাতত মৰিবলৈ এৰি দি আমি জানো ভুল কৰা নাই?
এশিঙীয়া গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত৷ অসমৰ কাজিৰঙা, পবিতৰা আৰু মানাহত গঁড় পোৱা যায়৷ ১৯০৪ চনত কাজিৰঙা অঞ্চলত গঁড় চাবলৈ আহিছিল তদানীন্তন ভাৰতবৰ্ষৰ ভাইচৰয় লৰ্ড কাৰ্জনৰ পত্নী মেৰী কাৰ্জনে। এই যাত্ৰাত তেখেতে অকল গঁড়ৰ ভৰিৰ চাপ দেখা পায়, এটাও গঁড় দেখিবলৈ নেপালে। তেখেতৰ লগত যোৱা ‘পশু সন্ধানক’ (animal tracker) বলোৰাম হাজৰিকাই (নিগনা চিকাৰী) গঁড় সংৰক্ষণৰ আৱশ্যকতা সম্পৰ্কে মেৰী কাৰ্জনৰ আগত প্ৰস্তাৱ দাঙি ধৰে। ইয়াৰ পাছতেই তেখেতে স্বামী লৰ্ড কাৰ্জনক গঁড়ৰ সংৰক্ষণৰ বাবে ব্যৱস্থা কৰিবলৈ পতিয়ন নিয়ায়। লৰ্ড কাৰ্জনেই গঁড় সংৰক্ষণৰ বাবে আঁচনি প্ৰস্তুত কৰা কামৰ আৰম্ভণি কৰে। ১৯০৫ চনৰ ১জুনত ‘কাজিৰঙা প্ৰস্তাৱিত সংভাৰতীয় আইনৰ অধীনত বন্য প্ৰাণী সংৰক্ষণৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সৰ্বাধিক ৰক্ষণা-বেক্ষণ দিয়া হৈছে। ১৮৯১ চনৰ ‘অসম বন নিয়ন্ত্ৰণ আইন’ৰপৰা (Assam Forest Regulation of 1891) আৰম্ভ কৰি ২০০২ চনৰ ‘জৈৱ বৈচিত্ৰ সংৰক্ষণ আইন’লৈ (Biodiversity Conservation Act of 200) কেবাখনো আইনৰ জৰিয়তে কাজিৰঙাক বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে।
মেৰী কাৰ্জন তথা তেখেতেৰ স্বামী লৰ্ড কাৰ্জনৰ কথা উল্লেখ কৰাৰ উদ্দেশ্য হ’ল-তেওঁলোকে অসমীয়া নহৈও গঁড় সংৰক্ষণৰ ক্ষেত্ৰত যি গুৰুত্ব দিলে, তাৰ অলপো যদি এশিঙীয়া গঁড়কেইটাক চোৰাং চিকাৰীৰপৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি দিলোহেঁতেন আজি এনে পৰিস্থিতি নাহিলহেঁতেন।
১০০ বছৰ আগতে সমগ্র পৃথিৱীখনতে এশিঙীয়া গঁড়ৰ সংখ্যা আছিল মাত্র দুশটা৷ এতিয়া সেই সংখ্যা বাঢ়ি প্রায় ২,৫০০ টা হৈছেগৈ৷ এশিঙীয়া গঁড় হিমালয়ৰ পাদদেশত অৱস্থিত নেপাল আৰু অসমতে পোৱা যায়৷ ইয়াৰ ভিতৰত ৯৫ শতাংশ এশিঙীয়া গঁড়েই আছে কাজিৰঙাত৷ ঘণ্টাত ৫৫ কিলোমিটাৰ বেগত দৌৰিব পৰা একোটা মতা এশিঙীয়া গঁড়ৰ দৈৰ্ঘ্য ১২.৫ ফুট পর্যন্ত হোৱা দেখা যায়৷ ১৯৪৭ চনত বন্যপ্রাণী উদ্যান হিচাবে ঘোষণা কৰা পবিতৰাত বর্তমান ৮৪ টা গঁড়ৰ অৱস্থিতিৰ কথা জানিব পৰা গৈছে৷ চোৰাংচিকাৰীৰ হাতত ২০০৮ বর্ষত কাজিৰঙাত মৃত্যু হৈছিল মুঠ ৬৪ টা গঁড়৷ ইয়াৰ ভিতৰত চোৰাংচিকাৰীৰ হাতত কেইবাটাও গঁড় নিহত হোৱাৰ লগতে বানপানীৰ ফলতো বহুকেইটা গঁড়ৰ মৃত্যু হৈছিল৷
বিগত বছৰত ৪১ টা গঁড় চোৰাং চিকাৰীৰদ্বাৰা নিহত হৈছিল। ইয়াৰে ৩৪টা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত, ৩টা ওৰাং আৰু ২টাকৈ মানস আৰু পবিতৰাত নিহত হৈছিল। ২০১২চনত কৰা গণনা অনুসৰি মুঠ গঁড় ২৫০৫; তাৰ ভিতৰত ২১৮৬ টা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে। সর্বমুঠ ৫২৪টা গঁড় ১৯৮৬ আৰু ২০১১ ৰ ভিতৰত চোৰাংচিকাৰীৰ দ্বাৰা নিহত হৈছে; আৰু ১১৫ টা গঁড় যোৱা দহ বছৰত মৰা হৈছে। ১৯৮০চনৰ পৰা ২০০৫ চনলৈ ৫৬৭টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছে। বিগত কেইটামান বছৰত এই হাৰ কমি আহি ২০০৭ চনত ১৮টা গঁড় চোৰাংকৈ হত্যা কৰা হৈছে।
গঁড়ৰ নিধন মূলতঃ অন্ধবিশ্বাসৰ বাবেই হয়। প্ৰধানতঃ এই বাবেই কাজিৰঙা, পবিতৰা আৰু মানাহত চোৰাংচিকাৰীসকলে গঁড় হত্যা কৰি আহিছে৷ গঁড়ৰ খড়্গটো দৰাচলতে চুলিৰ এক কঠিন সমষ্টি৷ ইয়াৰ ব্যৱহাৰিক মূল্য একো নাই যদিও বহুতে গঁড়ৰ খড়্গৰ আঙুঠি পিন্ধিলে অথবা ইয়াৰ পৰা প্রস্তুত কৰা দৰৱ ব্যৱহাৰ কৰিলে ভাগ্য উদয় হোৱাৰ লগতে যৌনশক্তি বৃদ্ধি পায় বুলি ভবাৰ বাবেই গঁড়ৰ খড়্গৰ মূল্য বাঢ়ি গৈছে৷ দৰাচলতে এয়া অন্ধবিশ্বাসত বাদে একো নহয়৷ ২০১০ চনৰ পৰা ২০১১চনৰ ভিতৰত কাজিৰঙাত গঁড় হত্যাৰ হাৰ বহু পৰিমাণে কমি গৈছিল। গঁড়ৰ বসতিৰ ঘনত্বৰ ক্ষেত্রত পবিতৰা প্রথম স্থানত আছে৷ ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্রণালয়ে অসমৰ গঁড়ৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে ইণ্ডিয়া ৰাইন’চেৰছ ভিজন ২০২০ আঁচনি গ্রহণ কৰিছে৷ আঁচনিৰ অধীনত ২০০৮চনৰ পৰা ২০১১চনৰ ভিতৰত মুঠ ৭টা গঁড় পবিতৰাৰ পৰা মানাহ অভয়াৰণ্যলৈ নিয়া হৈছে৷ এই আঁচনি ইণ্টাৰনেছনেল ৰাইনোচেৰছ, বিশ্ব বন্যপ্রাণী সংস্থা, কেন্দ্রীয় পৰিৱেশ আৰু বন মন্ত্রালয়ৰ সহযোগত অসম চৰকাৰৰ বন বিভাগে ৰূপায়ণ কৰি আহিছে৷ গঁড়ৰ বংশ বৃদ্ধিৰ বাবে হাতত লোৱা এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্রত কেইবাটাও স্বেচ্ছাসেৱী সংগঠনেও সহায়ৰ হাত আগবঢ়াইছে৷ মূলতঃ চোৰাং চিকাৰীৰ দৌৰাত্ম্যৰ বাবে কাজিৰঙা মানাহকে ধৰি অন্যান্য অভয়াৰণ্যসমূহত গঁড়ৰ সংখ্যা দ্রুতগতিত হ্রাস পাবলৈ ধৰিছে৷ কাজিৰঙাত বনকর্মীৰ চোকা পহৰাৰ মাজতো প্রতি মাহতেই এই বছৰত গড়ে চাৰিটাকৈ গঁড় হত্যা কৰা হৈছে৷ বিশ্ব বন্যপ্রাণী সংস্থাৰ তথ্য অনুসৰি বিশ্বৰ ৬৬খন চিৰিয়াখানাত ১৭৫ টা গঁড় সংৰক্ষিত হৈ আছে৷ কাজিৰঙাৰ লগতে অসমৰ অন্যান্য উদ্যান কেইখনত পর্যাপ্ত সশস্ত্র বনকর্মী নিয়োগ কৰিলেহে গঁড় হত্যা ৰোধ কৰিব পৰা যাব৷ পৰিতাপৰ কথাটো হ’ল কাজিৰঙাৰ বনকর্মীসকলে এতিয়াও ন্যূনতম সা-সুবিধা তথা প্রতিকূল অৱস্থাৰ মাজেৰেই নিজৰ কার্য সম্পাদন কৰি যাবলগীয়া হৈছে৷ ফলত ৰাষ্ট্রীয় উদ্যানখনত গঁড়ৰ নিৰাপত্তাৰ দিশটো ভালেখিনি উপেক্ষিত হৈ ৰৈছে৷
এনেদৰে চোৰাং চিকাৰীৰদ্বাৰা গঁড় হত্যা অব্যাহত থাকিলে অতি সোনকালে যে অসমৰ পৰা এশিঙীয়া গঁড় নোহোৱা হ’ব, সেইয়া নিশ্চিত। বনমন্ত্ৰী ৰকিবুল হুছেইনে কাজিৰঙাৰ বন্যপ্ৰাণী সুৰক্ষাৰ কাৰণে অস্ত্ৰ-শস্ত্ৰৰ যোগান ধৰাৰ লগতে অত্যাধুনিক সুৰক্ষাকর্মী নিয়োগ কৰাৰ উপৰি আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে কৌটি কৌটি টকা যোগান ধৰাৰ পাছতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই কাজিৰঙাৰ গঁড়ক সুৰক্ষা দিয়াত বিফল হৈছে। যদি এয়া সঁচাকৈয়ে হৈছে গঁড়ক সুৰক্ষা দিব নোৱাৰাটো ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষৰ চৰম বিফলতা। আনকি চৰকাৰে গঁড়ৰ জীৱন ৰক্ষাৰ বাবে খড়্গ কটাৰ যি পৰিকল্পনা লৈছে-সেয়াও সমর্থনযোগ্য নহয়। যদিও ই বিজ্ঞানসন্মত পদ্ধতি হয়। গঁড়ক সুৰক্ষা দিব নোৱাৰি গঁড়ৰ জীৱন ৰক্ষাৰ বাবে খড়্গটোকে কাটি পেলোৱাৰ পৰিকল্পনা কৰাটো কোনো বিবেকবান মানুহে নিবিচাৰে। এশিঙীয়া গঁড়ক লৈ আমি গৌৰৱ কৰোঁ, হয়তো কাজিৰঙা উদ্যানলৈও পর্য্যটকৰ আগমন হয় এশিঙীয়া গঁড় চাবৰ বাবেই। ইয়াৰ পৰা ওচৰ চুবুৰীয়া বাসিন্দা উপকৃত হোৱাৰ লগতে আন আন বিভিন্ন লোকো উপকৃত হৈছে আৰু বিভিন্ন পর্য্যটন উদ্যোগো গঢ়ি উঠিছে। ইয়ে অসমৰ নিবনুৱা সমস্যা অলপ হ’লেও কমাইছে।
চোৰাং চিকাৰীয়ে গঁড় হত্যা ৰোধ কৰাত কাষৰীয়া লোকসকলেও গুৰুত্ব দিব লাগে; চোৰাং চিকাৰীৰ সম্ভেদ পালে বা ওচৰৰ কোনো জড়িত থকাৰ সম্ভেদ পালে সংশ্লিষ্ট পক্ষক জনাব লাগে আৰু বন্যপ্ৰাণীৰ হকে কাম কৰা সংগঠনবিলাকেও প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগে। সকলো একগোট হ’ব লাগে, তেতিয়াহে আমি আমাৰ জাতীয় প্রতীক এশিঙীয়া গঁড়কেইটাক চোৰাং চিকাৰীৰ কবলৰপৰা ৰক্ষা কৰিব পাৰিম।