গণতন্ত্ৰই দেখুৱাওক ‘স্বৰূপ’ – নিৰুপমা ডেকা

হৃদয়ৱানৰ বগা সাজ পিন্ধি

গান্ধী টুপীৰে সত্যৰ প্ৰতিমূৰ্তি হৈ

হাতত লৈ উৰুৱাই

গণতন্ত্ৰৰ গৌৰৱ ইতিহাস

তিনিবৰণীয়া জাতীয় পতাকাই

নীল আকাশত নাচি জিলিকি উঠে

 

বগা বহল জেপত সুমুৱাই লয়

তেওঁলোকে গণতন্ত্ৰৰ নীতি

ভৰিৰ গচকত চেপেটা হয়

সংবিধানৰ বহুতো অনুচ্ছেদ

জনগণ অধিনায়কৰ কুচ-কাৱাজৰ

তালে তালে চেপা মাতত

ভোকক জয় কৰাৰ প্ৰয়াসৰ গীত

 

সন্ত্ৰাসবাদৰ নিৰ্মোহ হত্যাকাণ্ডক

মূৰ পাতি আত্মত্যাগৰ কাহিনী হোৱা

বহুজনৰ তেজৰ ইতিহাস পাহৰাই

কপালত উঠাই লয় চালামীৰ হাত

জয়হিন্দ জয়হিন্দ ধ্বনিত ভাঁহি আহে

হৃদয় ভঙা বহু উচুপনি

গুজৰি-গুমৰি উঠা চেপা আৰ্তনাদ

প্ৰতিবাদৰ

 

তেওঁলোক সাধাৰণ

জনসাধাৰণ

বুকুৰ বেজাৰ শিলহৈ পৰে অৱহেলাত

আচলতে তেওঁলোকৰ সকলো দুখ

ত্ৰিৰংগাৰ খাদী কাপোৰে মোহাৰে

মূৰ দাঙি আকাশলৈ চালে মুক্ত আকাশত উৰা ত্ৰিৰংগাৰ লহৰে

বুকৱে বুকৱে আশাৰ শ্ৰাৱণ আনে

 

অম্বিকাগিৰিয়ে কোৱাৰ দৰে

“জ্বলক ভাৰত মাতা বিশ্বত বিজয়ী বৰ্মেৰে

সাজি অপৰূপ—বৰ্মেৰে সাজি অপৰূপ”

কামনা জনতাৰ প্ৰস্ফুটিত হেঁপাহত

গণতন্ত্ৰই দেখুৱাওক ‘স্বৰূপ’

গণতন্ত্ৰই দেখুৱাওক ‘স্বৰূপ’……
————————————–

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!