গদাধৰ ৰজা – শ্ৰাৱ্য নাট

 

গদাধৰ ৰজা ( চ’ৰাঘৰীয়া ভাৱনা )
(A Drawingroom Play)
——————————-
বাঁহী: ৯ম বছৰ, ৩য় ৪ৰ্থ সংখ্যা (১৮৪০ শক)-ত প্ৰকাশিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ৰচিত একাংকিকা নাটক ‘গদাধৰ ৰজা’ক তেখেতে নিজে ‘‘চ’ৰাঘৰীয়া ভাৱনা (A Drawing Room Play)!’’ বুলি কৈছে। কাহিনীটো ঐতিহাসিক পটভূমিত ৰচিত৷ গেন্ধেলা নামৰ গাঁৱলীয় মানুহ এটাক পলাতক অৱস্থাত থকা গদাপানি কোঁৱৰ বুলি ধৰি লৈ কমলা আৰু বিমলা নামৰ দুগৰাকী পাটগাভৰুৱে আলহ-উদহকৈ সোধ-পোছ কৰাৰ আমোদজনক ব্যাপাৰটোৱেই এই নাটকখনৰ মূল বিষয়বস্তু৷ কাহিনীৰ সমাপ্তিত ভ্ৰমৰ নিৰসন হৈছে আৰু হাস্যমধুৰ পৰিৱেশ এটাৰ সৃষ্টি হৈছে।

এই নাট্য-পাঠ ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটৰ এটা পৰীক্ষামূলক প্ৰকল্পৰ যোগেদি ‘সামূহিক স্বেচ্ছামূলক অৱদানে’ৰে প্ৰস্তুত কৰি আপোনালোকলৈ আগবঢ়োৱা হৈছে। এইখন মূল নাটকখনৰ শ্ৰাৱ্য ৰূপ হে, ঠিক শ্ৰাৱ্য নাটক পাঠৰ সুবিধাৰ বাবে আটাইখিনি একেলগে গোটাই লোৱা হৈছে।মূল কিতাপখনৰ শ্ৰাৱ্য ৰূপ এটি প্ৰস্তুত কৰাটোহে এই প্ৰকল্পৰ মূল উদ্দেশ্য। এই কৰ্মক আপুনি সম্পূৰ্ণ আৰু অপৰিৱৰ্তিত ৰূপত যিকোনো মাধ্যমত বিতৰণ কৰিব পাৰে। কিন্তু আগতীয়া অনুমতি অবিহনে এই প্ৰকল্পৰ কোনো অংশক আপুনি মূল প্ৰযোজনাৰপৰা নিলগাই ব্যৱহাৰ কৰিব নোৱাৰিব। ইণ্টাৰনেটৰ বাহিৰে অইন মাধ্যমত ইয়াক বিতৰণ কৰিব খুজিলে, আপুনি ফেচবুকৰ ‘অসমীয়াত কথা-বতৰা’ গোটত এবাৰ জাননী দি থ’লে আমি বাধিত হ’ম, যদিও সেইটো বাধ্যতামূলক নহয়।

চৰিত্ৰ ৰূপায়ণত
————————–
কমলা – মৌচুমী ভুঞা চৌধুৰী (জাৰ্মানী)
বিমলা – মিতালী বৰ্মন (নতুন দিল্লী)
গেন্ধেলা – মৃণাল জ্যোতি গোস্বামী (গুৱাহাটী)
মঙলা – প্ৰদ্যুৎ জ্যোতি শইকীয়া (কৰিমগঞ্জ, অসম)
দেউতাকৰ চিঠিৰ পাঠ – পংকজ বৰা (নৰৱে)
আঁত ধৰিছে – উদ্দীপ তালুকদাৰে (বৰপেটা, অসম)।
সম্পাদনা আৰু সংযোজন—চাও দীপাংকৰ বৰুৱা (তিনিচুকীয়া , অসম)
বিশেষ কৃতজ্ঞতা— নাটখন ইউনিক’ডত ৰূপান্তৰ কৰি দিয়াৰ বাবে অঞ্জল বৰা (ইন্দ’ৰ, মধ্য-প্ৰদেশ) আৰু ‘অসমীয়াত কথা-বতৰা’ গোটৰ সমূহ সদস্য।
সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা: উদ্দীপ তালুকদাৰ

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!