গধূলি গাথা (গৌতম কুমাৰ শৰ্মা)


প্রিয়তম নদীয়েদি
ৰূপোৱালী ঢৌ খেলি উজাই আহিছে
এজনী ৰূপালী মাছ।
দূৰৈৰ অৰণ্যাণীত ৰিণি ৰিণি বাজি আছে
এটা আঁহতৰ পেঁপা,
বুকু ভাঙি যোৱাকৈ বতাহত ওপঙিছে
এটা মাছমৰীয়া গান।
কিহৰ সতে ৰিজাও পথাৰখনক?
এখিলা সিজু গছৰ পাত,
কিহৰ সতে ৰিজাও বাঁহনিদৰাক?
তাইৰ বুকুৰ আঁচল খহাব খোজা
সেউজীয়া দুহাত।
কোন জোপা বৃক্ষৰ ছাঁত জিৰাব অঘৰী
গুণগুণাব গুৰুজনাৰ ভাটিয়লী ৰাগ
এনেকৈওনো সিঁচিব লাগেনে জোনাক?
প্রিয়তম নদীয়েদি
উজাই আহিছে এজনী ৰূপালী মাছ।
ৰূপোৱালী ফিছাৰ নাচোনত তাইৰ
খুলি থওঁ যেন লাগে
যুঁজৰ পোচাক।।
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!