গল্পঃ নিজাম চাহাবৰ ভূত,মূলঃ হুমায়ুন আহমেদ —অনুবাদঃ কলচুম বিবি




পলিথিনৰ বেগত পাঁচটা শিঙি মাছ লৈ নিজাম চাহাব ঘৰলৈ উভতিছে। মাছবিলাক যাতে মৰি নাযায় তাৰ বাবে বুদ্ধি কৰি বেগত অলপমান পানী আনিছিল। এতিয়া ভাব হৈছে বেগত পানী অনাটো বৰ মুৰ্খামী হৈছে। পানী চিটিকি চিটিকি পৰিব ধৰিছে। তেওঁৰ পেণ্টটো ইতিমধ্যে ভিজি গৈছে। নিজাম চাহাবে লক্ষ্য কৰিছে, তেওঁৰ ৪১ বছৰীয়া জীৱনত তেওঁ বুদ্ধি কৰি যিকেইটা কাম কৰিছে সকলো কেইটাই চূড়ান্ত মূৰ্খামী বুলি পৰৱৰ্তী সময়ত প্ৰমাণ হৈছে। আচলতে বুদ্ধি খটাই তেওঁ একো কৰাই উচিত নহয়। 

পাঁচটা শিঙি মাছৰ দাম লৈছে চল্লিশ টকা। ঠগাইছে বুলি মনত ভাব হৈছে। প্ৰতিটো শিঙি মাছৰ দাম আঠ টকা। শিঙি মাছ সস্তীয়া ধৰণৰ মাছ–সাপৰ দৰে কিলবিলাই থাকে। এই মাছ প্ৰতিটোতে আঠ টকা হ’বই নোৱাৰে। ঘৰ পালে পত্নীৰ পৰা প্ৰচণ্ড ধমক খাব লাগিব। নিজাম চাহাবৰ পত্নী ফৰিদা তামোল গছৰ দৰে তীক্ষ্ন। তাইৰ বুদ্ধিও তীক্ষ্ন। ভয়ানক সাহস। ফৰিদাৰ তীক্ষ্ন বুদ্ধি তথা ভয়ানক সাহসৰ ওচৰত নিজাম চাহাব কেঁচুৰ দৰে হৈ থাকে। মাজে মাজে ভাব হয় জোখমতে গাত এটা পালে গাতৰ ভিতৰতে সোমাই থাকিলহেঁতেন। 

বজাৰ চাই ফৰিদাই কি কব পাৰে তাকে কল্পনা কৰি কৰি নিজাম চাহাব যাবলৈ ধৰিলে। প্ৰথমেই ফৰিদাই বৰফ যেন শীতল মাতেৰে ক’ব–

—মাছ তৰকাৰি পৃথকে আনিছে তো? সেই দিনাখনৰ দৰে মাছ-তৰকাৰি-পান-তামোল সকলো একেলগে অনা নাইতো? 

নাই, সেই ভুল নিজাম চাহেবে নকৰে। মাছ বেলেগে আছে। 

–’কেঁচা তামোল আনিব কৈছিলোঁ, আনিছে? নে পাহৰি বহি আছে? যিটো কওঁ সেইটোতো মনত নাথাকে।’ 

আজি মনত আছে। বজাৰত সোমায়েই প্ৰথমে কেঁচা তামোল কিনিছে। 

’শিঙি মাছ আনিবলৈ কৈছিলোঁ, আনিছে? নে ৰাক্ষসী মাগুৰৰ পোৱালি লৈ আহিছে? তুমি সৰু কেঁচুৱাৰ দৰে, যিয়ে যি কয় তাকে বিশ্বাস কৰা। আচৰিত মানুহ। কিমান কৰি আনিছে মাছ? ‘

’পঁচিশ টকা লৈছে। প্ৰতিটোত পাঁচ টকাকৈ। ‘

(নিজাম চাহাবে মিছা কব নোৱাৰে। মিছা কথা তেওঁৰ ডিঙিৰে পাৰ নহয়। তেওঁৰ ধাৰণা তেওঁৰ 

ডিঙিৰ ফুটাটো খুব ঠেক বাবে এই সমস্যা হয়। তথাপিও আজি বাধ্য হৈয়েই মিছা কব লাগিব। )

’পাঁচটা মাছ পঁচিশ টকা ললে? ঘৰত কি টকাৰ গছ ৰুই থৈছে? নে তুমি বাংলাদেশৰ মন্ত্ৰী-মিনিষ্টাৰ? এটা দাম ক’ব আৰু খৰধৰকৈ দি দিব? নে মাছৰ দৰে খোজকাঢ়ি ডাঙৰ মানুহৰ চাল দেখুৱায়? এই শিঙি মাছবোৰৰ শিং কি সোণেৰে বনাইছে? ‘

ফৰিদাৰ এইবোৰ কথা তেওঁ মাথা তললৈ কৰি শুনিব লাগিব। কোনো উপায় নাই। তেওঁ যদি কয় মাছ পোন্ধৰ টকা হৈছে,  তিনি টকাকৈ পিচ। তাৰ পিছতো কথা শুনিবই লাগিব। 

’শংখ চূণ আনিবলৈ কৈছিলোঁ, আনিছে? ‘

নিজাম চাহাব চক খাই উঠিল। শংখ চূণ অনা হোৱা নাই। কি সৰ্বনাশ! ভাবি থৈছিল সকলো বজাৰ কৰা হ’লে চূণ কিনিব। এইটোৱেই ভুল হ’ল। কেঁচা তামোল কিনাৰ সময়ত চূণ কিনা উচিত আছিল। চূণ অবিহনে ঘৰলৈ নোৱাৰা যাব। তেওঁ দীৰ্ঘনিশ্বাস এৰিলে। তেওঁৰ উচিত আছিল যিফালে ঘূৰি আহিছে সেইফালে ৰাওনা হোৱাটো—সেইটো নকৰি তেওঁ ঠিক কৰিলে ৰাস্তা পাৰ হ’ব। এটা পুৰণি কুসংস্কাৰ আছে–যি ৰাস্তাৰে আহিবা সেই ৰাস্তাৰে ঘূৰি নাযাবা। 

 ৰাস্তা সলনি কৰি গৈ থাকোঁতে দুৰ্ঘটনাটো ঘটিল। দহ টনৰ এখন ট্ৰাক তেওঁৰ দেহৰ ওপৰেদি পাৰ হ’ল। তেওঁক চেপি থৈ উল্কাৰ দৰে পাৰ হৈ গ’ল। এক্সিডেণ্টৰ সময়ত ট্ৰাক চালকবোৰ বৰ সাৱধানে থাকে। ট্ৰাক নৰখায়। ট্ৰাক ৰখালে পাব্লিকৰ হাতত ধৰা পৰিব। এইটো হ’বলৈ দিব নোৱাৰি। 

 দহ টন মাল লৈ এখন ট্ৰাক নিজাম চাহাবৰ ওপৰেদি গৈছে, তাৰ পিছত তেওঁ খুব বিস্ময়েৰে লগে লগে লক্ষ্য কৰিলে, তেওঁ ইমান দুখ নাই পোৱা। ইনজেকচনৰ বেজীৰে খুচি দিয়াৰ সমান কষ্টও হোৱা নাই। ট্ৰাকৰ চেপা খালেও যে কষ্ট পোৱা নাযায়–এই সত্য আৱিষ্কাৰৰ আনন্দ লৈ তেওঁ থিয় হ’ল। হাতৰ তৰকাৰী আৰু মাছৰ বেগটো চিটিকি পৰি গৈছিল। মাছৰ বেগৰ পৰা মাছবিলাক বাহিৰ হৈ ইফালে সিফালে গৈছে। নৰ্দমাত পৰিলে ইহঁতক আৰু পোৱা নাযাব। নিজাম চাহাব বৰ ব্যস্ত হৈ মাছবিলাকৰ কাষলৈ বেগাবেগিকৈ গ’ল। ঘৰলৈ শিঙি মাছ লৈ নগ’লে ভূমিকম্প হৈ যাব। তেওঁ যে ট্ৰাকৰ চেপা খাইছে এই কথা শুনিও ফৰিদাই ৰেহাই নিদিব। 

 নিজাম চাহাব উবুৰি হৈয়ে বহিল, মাছ ধৰিবলৈ গ’ল, ধৰিব নোৱাৰিলে। আঙুলিৰ ফাঁকেৰে অদ্ভুত ধৰণে মাছবোৰ বাহিৰ হৈ গৈছে। কি আচৰিত কাণ্ড। ঘটনাটো কি? ইয়াৰ মাজতে বৰ হুলস্থূল আৰম্ভ হৈছে। ৰাস্তাৰ ওপৰত শ শ মানুহ জমা হৈছে। ভাব হৈছে ভয়ঙ্কৰ কিবা এটা ঘটিছে। নিজাম চাহাব থিয় হ’ল। কৌতুহলী হৈ জুমি চাই দেখিলে– তেজ ৰাস্তাত ভাঁহি আছে। সেই তেজত লুটুৰি পুটুৰি হৈ যিজন শুই আছে সেইজন আন কোনো নহয় তেওঁ নিজে। 

এই দৃশ্য চোৱাৰ পিছতো তেওঁৰ বুজিবলৈ অলপ সময় লাগিল যে তেওঁৰ আচলতে মৃত্যু ঘটিছে। দুৰ্ঘটনাবশত হোৱা মৃত্যুৰ পিছত মানুহ ভূত হয়। তেওঁৰো সেয়াই হৈছে। ভূত হৈছে বাবেই কোনেও তেওঁক দেখা পোৱা নাই—সেইবাবে তেওঁ নিজকে নিজে পৰিষ্কাৰ দেখিবলৈ পাইছে। যদিও তেওঁৰ কিছু শাৰীৰিক পৰিৱৰ্তন হৈছে। তেওঁ শিঙি মাছ ধৰিব পৰা নাই। মাছবোৰ হাতৰ আঙুলি পাৰ হৈ বাহিৰ হৈ গৈছে। 

মৃত্যুৰ আগতে তেওঁৰ দেহত যি পোছাক আছিল, ভূত হিচাবেও তেওঁৰ দেহত একেই পোচাক। আনকি শিঙি মাছৰ পানী লাগি পেণ্ট ভিজি গৈছিল–এতিয়াও পেণ্টটো ভিজা। ভিজা পেণ্টৰ পৰা আঁহীয়া গোন্ধাইছে। ভূতবোৰেও তাৰমানে গোন্ধ পায়। এই ৰহস্যময় ঘটনাটোৰ মানে কি কোনে জানে। এতিয়া কোনো ৰহস্যময় ঘটনা লৈ মাথা ঘমোৱাৰ ইচ্ছা কৰা নাই। মাথাটো ভোঁ ভোঁ কৈ ঘূৰিছে। অভ্যস্ত হ’বলৈ সময় লাগিব। চিগাৰেট খাব পাৰিলে হয়। ভূতে চিগাৰেট খায় কি নাই তেওঁ নাজানে। 

এক্সিডেণ্টৰ জাগাত সাংঘাতিক ভীৰ। পুলিচ আহিছে। ট্ৰেফিক পুলিচে পে পো কৈ হুইছেল বজাইছে। কি হৈছে সকলোৱে এবাৰ চাব বিচাৰে। তেৱোঁ জুমি চালে। ইমানেই ভিৰ যে একো দেখাই নাযায়। নিজৰ ডেডবডি অথচ তেওঁ নিজে চাবলৈ পৰা নাই। ইয়াতকৈ ডাঙৰ ট্ৰেজেদী আৰু কি হ’ব পাৰে? তেওঁ ফাঁকেদি সোমোৱাৰ চেষ্টা কৰিবলৈ ধৰিলে। তেনে সময়ত তেওঁৰ পিঠিত কোনোবাই যেন হাত থৈ ক’লে, 

—’চাৰ আপুনি মৰিছে? ‘

নিজাম চাহাবে বিনয়ী ভাৱেৰে ক’লে–’হয়। ‘

নিজৰ মৃত্যুৰ কথা নিজৰ মুখেৰে কওঁতে লাজ লাগিল। 

’বৰ আফচোচৰ কথা। ভেৰি চেড। ‘

মানুহজনৰ কথাত নিজাম অভিভূত হ’ল। যেতিয়া মানুহ আছিল তেতিয়া ইমান সহানুভূতিৰে কোনেও তেওঁৰ লগত কথা পতা নাছিল। ভূত হোৱাৰ পিছত সহানুভূতি পাইছে, এইটো তুচ্ছ বুলিব পৰা কথা নহয়। 

’চাৰ আপোনাৰ নাম কি? ‘

’নিজাম। নিজামুদ্দিন। ‘

-’মোৰ নাম মোতালেব। ময়ো আপোনাৰ দৰে ভূত। এই যে টাইলচৰ এখন দোকান দেখিছে–ইউৰেকা টাইলচ, মই সেই দোকানৰ মেনেজাৰ আছিলোঁ। ‘

–’ও। ‘

–’দোকানৰ মাজতে বেয়াকৈ ভৰি পিছলি পৰিছিলোঁ। লগে লগে মৃত্যু। হস্পিটাললৈ নিবলৈও সুযোগ নাপালে। ‘

–’ও। ‘

’তাৰপিছৰ পৰা ইয়াতেই আছোঁ। ৰাতি দোকানত ঘুমাও। 

নিজাম চাহাবে আকৌ ক’লে–’ও। ‘

’মেইন ৰাস্তাৰ ওপৰত দোকান। ট্ৰাক-ফ্ৰাক গোটেই ৰাতি চলি থাকে, ঘূমটি ভাল নহয়। ‘

ভূতবোৰৰ ঘুমটিৰ প্ৰয়োজন হয় তেওঁ জনা নাছিল। ভূত-জগত সম্বন্ধে তেওঁ একোকে নাজানে। ধীৰে ধীৰে সকলো জানিব। মোতালেব চাহাবক পাই তেওঁৰ লাভ হৈছে। তেওঁৰ কাষত থকি সাধাৰণ বস্তুবোৰ জানি বুজি লৈ যাব। 

মোতালেবে ক’লে—’ইয়াতে অকলে অকলে থিয় হৈ সময় নষ্ট কৰি কি কৰিব চাৰ, গুচি যাওক। ‘

নিজাম চাহাবে ক’লে, 

—’ক’ত যাম? ‘

—’বৌৰ কাষলৈ যাওক। ইমান ডাঙৰ দুৰ্ঘটনা ঘটিছে, বৌৰ আশে পাশে থকাটোও এটা সান্ত্বনা। ‘

—-’কেনেকৈ যাম। ‘

-’ৰিক্সা ধৰি গুচি যাওক। আপোনাৰটো আৰু ৰিক্সা ভাড়া নালাগে। মাত্ৰ এখন ৰিক্সাত জাপ মাৰি চিটত উঠি বহি লওক। আপোনাৰ ঘৰ ক’ত? ‘

—’কলাবাগান। ‘

—’এই ফালে গৈ এতিয়া এখন ৰিক্সাত উঠি বহক। মই অৱশ্যে ক’ৰবালৈ যাবলৈ হ’লে গাড়ীত উঠি যাওঁ। তথাপিও ৰিক্সাৰ সুকীয়া মজা আছে। ‘

নিজাম চাহাব চুপ হৈ আছে। ইমান দিন ভাবিছিল। ভূতে বতাহ হৈ বাহিৰত ঘূৰে–এতিয়া দেখা গৈছে কথাটো সেই ধৰণৰ নহয়। চলাফুৰাৰ বাবে সিহঁতকো ৰিক্সা, বেবিটেক্সি লাগে। 

মোতালেবে সুধিলে

—-’চাৰৰ মনটো ইমান বেয়া কিয়? ‘

নিজাম চাহাবে ক’লে–’নাই, নাই, মন বেয়া নহয়। 

অলপ এনেকুৱা লাগিছে। কথা নাই বতৰা নাই হঠাৎ ভূত হৈ গ’লো। ‘

মোতালেবে ক’লে–’অলপটো এনেকুৱা লাগিবই। অকল এইটোৱেই নহয়, বহুতেই এনেধৰণে লাগিব। আধাঘণ্টা আগত মানুহ আছিল আৰু এতিয়া হৈছে ভূত। মই যেতিয়া প্ৰথম ভূত হওঁ–কি অভিজ্ঞতা! কি কৰিম কি নকৰিম একোৱেই জনা নাছিলোঁ। তেতিয়া আছিল ঘোৰ বাৰিষা, বুজিলেনে ভাই চাহাব। মই মূৰ্খৰ দৰে গোটেই ৰাতি বৰষুণত ভিজিলোঁ। সেইটোৰ কোনো প্ৰয়োজন নাছিল। ইচ্ছা কৰিলেই যিকোনো ঘৰতে সোমাই যাব পাৰিলোহেঁতেন। আমি হ’লো ভূত–দৰ্জা বন্ধ থাকক, আমি যে কোনো ফুটা-চুটাৰে সোমাব পাৰোঁ। নহয় জানো? ‘

একো নুবুজাকৈ নিজাম চাহাবে ক’লে–’হয়। ‘

’বুজিলেনে ভাই চাহাব, যিহেতু একো নাজানো–গোটেই ৰাতি বৰষুণত ভিজি মোৰ চৰ্দি হৈ গ’ল। বুকুত কফ জমা হ’ল–খকৰ খকৰ কৰি কাঁহিলো। 

নিজাম চাহাবে ক্ষীণ মাতেৰে ক’লে–’ভূতৰো চৰ্দি হয়। ‘

মোতালেবে বিৰক্ত হৈ ক’লে–বেঙৰ চৰ্দি হ’ব পাৰে, ভূতৰ কিয় নহ’ব? আমি কি বেঙতকৈও বেয়া। ‘

নিজাম চাহাবে একো নক’লে। তেওঁৰ মূৰত সকলো মিক্স হৈ পাক খাবলৈ ধৰিলে। মোতালেবে ক’লে-

–’মিছামিছি কিয় দেৰি কৰি আছে চাৰ? গুচি যাওক। বৌৰ কাষত বহি থাকক। আপোনাৰ মৃত্যুৰ খবৰ পোৱাৰ পিছত বৌৱে বাগৰি বাগৰি কান্দিব। এই দৃশ্য চাই খুব মজা পাব। এখন ৰিক্সা লৈ গুছি যাওক। তথাপিও চকু-কাণ খোলা ৰাখিব–অলপমান সাৱধানে থাকিব। ‘

–’সাৱধানে থাকিম কিয়? ‘

–’কিছুমান সন্ত্ৰাসী ভূত আছ। ধান্দাবাজ। ভদ্ৰতা বুলি একোৱে নাজানে। মানুহ থাকোঁতে যিদৰে বেয়া আছিল, মৰি আৰু বেয়া হৈছে। অকাৰণে মাৰধৰ কৰে। ‘

নিজাম চাহাবে আতংকিত হৈ ক’লে–’সেইটো কিয়? ‘

—’পৰহি দিনৰ ঘটনা–এখন পাজেৰো গাড়ী ৰাস্তাৰে গৈ আছিল। নতুন গাড়ী দেখি লোভ লাগিল। গাড়ীৰ প্ৰতি মোৰ আৰু এটা দুৰ্বলতা আছে। আবেলি পৰত গাড়ীত বহি ঘূৰি ফুৰিবলৈ ভাল লাগে। পাজেৰো দেখি লোভ সামৰিব নোৱাৰিলোঁ। জাপ দি গাড়ীত সোমাই গ’লো। গাড়ী গুলছানৰ ফালে গৈ আছিল। ফাৰ্মগেটত ৰেড লাইট। গাড়ী ৰৈছে। মই বুৰ্বকৰ দৰে মূৰ বাহিৰ কৰিলোঁ। মোক দেখি চাৰি-পাঁচটা সন্ত্ৰাসী ভূত হৈ চৈ কৰি খেদি আহিল। মই কিবা বুজি পোৱাৰ আগেয়েই খিৰিকীৰে টানি বাহিৰ কৰি পেলালে। দলিয়াই দিলে–এতিয়াও মোৰ হাত-ভৰিত বিষ। ‘

নিজাম চাহাবে শুকান মাতেৰে ক’লে–’সৰ্বনাশ। ‘

—’দুৰ্ঘটনাত যিসকল মৰে সিহঁতেইটো ভূত হয়– দুৰ্ঘটনাত কোন মৰে? সন্ত্ৰাসবাদী-খুনী-ধান্দাবাজ। আমি যিসকল সাধাৰণ ভূত সেইসকল ইহঁতৰ হাতত পণবন্দী। কাওৰান বজাৰত এটা খুনী ভূত আছে–ৰামদা হাতত লৈ বহি থাকে। কাৰোবাক দেখিলেই হুঁ হুঁ হুঁ শব্দ কৰি ৰামদা হাতত লৈ খেদি আহে। ভাই চাহাব, কাওৰান বজাৰ এলেকাৰ ফালে ভুলতো নাযাব। ‘ 

–’জি আচ্ছা। ‘

—’মিৰপুৰ চাৰি নম্বৰতো নাযাব। ‘

—’এইফালে কিয়? ‘

—’মিৰপুৰত দুজন ভাই আছে–ছদৰুল–বদৰুল, দুয়োজনেই ভয়ংকৰ। মোৰ ফেমিলী মিৰপুৰত থাকে। দুবছৰৰ ওপৰ হৈ গ’ল, সিহঁতক চাবলৈ যাব পৰা নাই। মনে নামানে, চাবলৈ ইচ্ছা কৰে–বুৰ্বকৰ দৰে এবাৰ লুকাই লুকাই গুছি গৈছিলোঁ, ঘৰ পোৱাৰ আগতেই দুয়োজনৰ হাতত ধৰা পৰিলোঁ। ছোঁ মাৰি ধৰি সিহঁতে মোৰ বাওঁ ভৰিখন হাতৰ তলত লৈ কাটি পেলালে–তাৰপিছত সেই কটা ভৰিখন লৈ কি আনন্দ! ফুটবলৰ দৰে দলিয়া-দলি কৰিব ধৰিলে। সেই ভৰিখন লৈয়ে লফিয়া-লফি কৰিছিল, মই সেই ফাঁকতে কোনোমতে পলাই আহিছোঁ। দুমাহ ভুগিলোঁ–দুই মাহত নতুন ভৰি গজিল। ‘

—–’ভৰি গজে। ‘

—–ই গজে। নেজৰ দৰে বাঢ়ে–ভূত হোৱাৰ এয়ে সুবিধা। যেতিয়া ভৰি কটা গৈছিল তেতিয়া জনা নাছিলোঁ ভৰি আকৌ গজিব বুলি। বৰ মনোকষ্টত আছিলোঁ, তাৰপিছত এদিন দেখিলোঁ ভৰিখন বাঢ়ি আছে। চাওঁক না। ‘

ভদ্ৰলোকজনে পায়জামা পিন্ধি আছিল। পায়জামাটো দাঙি বাঢ়ি অহা ভৰিখন দেখুৱালে। আৰু নিশ্বাস পেলাই ক’লে

—’গজি অহা ভৰি আচল ভৰিৰ দৰে নহয়। দুৰ্বল হয়–জোৰ পোৱা নাযায়। তথাপিও ভৰি যে গজে সেইটো কম নহয়। ভূতৰ জীৱনত দুৰ্ঘটনা হৈয়েই থাকে। হাত-ভৰি গজাৰ চিষ্টেম নাথাকিলে বৰ বিপদ হ’লহেঁতেন। ‘

–’মূৰ গজে। ‘

–’মূৰ কটা গ’লে মূৰো গজিব। সেই মূৰ চাইজত সৰু হয়। ‘

নিজাম চাহাবে ক্ষীণ মাতেৰে ক’লে–’ভাই চাহাব আপুনি মোৰ লগত অলপ আহিব নেকি? অকলে যাবলৈ ভয় ভয় লাগিছে। ‘

মোতালেবে লগে লগে ক’লে—’বলক। আপোনাৰ প্ৰতি মোৰ মায়া ওপজিছে। আপোনাক অকলে এৰিবলৈও মন যোৱা নাই। ভূতে যদি ভূতকে নাচায়, তেনেহ’লে কাক চাব? একটা গান আছে নহয়—-ভূত ভূতৰ বাবে—’

মোতালেবে গান গালে। ডিঙিৰ সুৰ বৰ ভাল। অলপ অলপ নাই হোৱা তাৰপিছতো শুনি বেয়া লগা নাই। কেইবাটাও লাইন গাই ক’লে, 

—’চাৰৰ গান-বাজনাৰ চৰ্চা আছে নেকি? ‘

–’নাই। ‘

—’চৰ্চা থাকিলে ভাল হ’লহেঁতেন। আমাৰ সময় পাৰে নহয়টো–গান-বাজনা কৰি সময় কটাও। বলক ৰাওনা হওঁ–ৰিক্সাত যাব নে গাড়ীত? ৰিক্সাত যোৱাই ভাল। আপোনাৰ নিশ্চয় চলন্ত গাড়ীত জাঁপ দি উঠাৰ অভ্যাস নাই। শিকি যাব। বাচি থকাৰ বাবে সকলো শিকিব লাগিব। সংগ্ৰাম কৰিব লাগিব। ভূতৰ জীৱন হৈছে সংগ্ৰামী জীৱন। ‘

নিজাম চাহাব চমকি উঠিল। ভূতৰ জীৱন সংগ্ৰামী জীৱন–তাৰ মানে কি? বাচি থাকোঁতে সংগ্ৰাম, মৰাৰ পিছতো সংগ্ৰাম। কি ধৰণৰ সংগ্ৰামৰ কথা মোতালেবে কৈছে জানি থোৱা ভাল। 

মোতালেবক সোধা নহ’ল। তাৰ আগতেই সি 

গান ধৰিলে—

’আজি পাঁশা খেলিম ভূতনী

ও ভূতনী তোমাৰ লগতে। 

অকলে পাইছিলোঁ ভূতনী

এই গভীৰ বনত—-’

নিজাম চাহাবৰ ভাল লাগিল। মোতালেবৰ কণ্ঠ সঁচাকৈয়ে ভাল। তালৰ জ্ঞানো ঠিকেই আছে। নিজাম চাহাবে তাল দিবলৈ ধৰিলে। মোতালেবে গান বন্ধ কৰি ক’লে–

–’চাৰ। ‘

–’হয়। ‘

—’এখন খালী ৰিক্সা গৈ আছে, বলক উঠিবলৈ। মোৰ হাতত ধৰি জাপ দিব। হাই জাম্প। সৰুকালত হাই জাম্প দিছেনে? ‘

–’নাই। ‘

সৰুকালত হাই জাম্প নামাৰিলেও নিজাম চাহাবে ভালেই জাপ দিলে। ৰিক্সাৰ ওপৰত পাক খাই পৰিল। মোতালেবে তাক টানি-টুনি তুলিলে।  নিজাম চাহাবে ক’লে–

–’ৰিক্সাত পেচেঞ্জাৰ উঠিলে আমি কি কৰিম? ‘

মোতালেবে হামিয়াই হামিয়াই ক’লে–’কোনো সমস্যা নাই। তেতিয়া আমি পেচেঞ্জাৰৰ কোলাত বহি থাকিম। ভূত হোৱাৰ ইও এক মজা। মানুহৰ কোলাত বহি বহি জীৱন পাৰ কৰি দিয়া যায়। ‘

মানুহৰ কোলাত বহি জীৱন পাৰ কৰাৰ কথাটো নিজাম চাহাবৰ মনত বৰ ৰুচিকৰ নহ’ল। তেওঁ একো নক’লে। ৰিক্সাৰ ওপৰত ধৰি বহি থাকিল। হঠাৎ তাৰ বোধ হ’ল, তেওঁৰ পিঠিত এক ধৰণৰ বিষ অনুভব কৰিছে। অস্বস্তিকৰ বিষ। যেন মেৰুদণ্ডত ধৰি তেওঁক কোনোবা এজনে লাহে লাহে পিছফালে টানিছে। যন্ত্ৰণা আৰম্ভণিতে কম হ’লেও ৰিক্সা যিমানে আগবাঢ়িছে সিমানেই বাঢ়িছে। মোতালেবক কথাটো ক’বনে নকয়, তেওঁ ভাবি নাপালে। ভৌতিক কথা হয়তো সি বৰ ভালদৰে জানে। ৰিক্সাত উঠিলে হয়তো সকলো ভূতৰেই পিঠিত যন্ত্ৰণা হয়। এইটোৱেই নিয়ম। যন্ত্ৰণা বাঢ়িছে, একোৰে নাযায়। যন্ত্ৰণা কমাবৰ বাবে নিজাম চাহাবে খুক খুক কৰি কাহিলে। মোতালেবে মাথা ঘূৰাই বিস্মিত কণ্ঠেৰে ক’লে–

–’কাহিছে কিয়? ‘

—’কাহ উঠিছে, এইবাবে কাহিলোঁ। ভূতবোৰৰ কাহা নিষেধ নেকি? ‘

—’কাহা নিষেধ নহয়। আপোনাৰ কাহৰ ধৰণটো ভাল নহয়। পিঠিত বিষ আছে নেকি? ‘

নিজাম চাহাবে আচৰিত হৈ ক’লে–’অ’ আছে। 

–’মেৰুদণ্ডত? ‘

—’হয়। ‘

—’সৰ্বনাশ!  ৰিক্সাৰ পৰা জাপ মাৰি নামক চাওঁ। 

নিজাম চাহাব ৰিক্সাৰ পৰা জাপ মাৰি নামিলে। শংকিত কণ্ঠেৰে ক’লে–

’কি হৈছে? ‘

—’সকলো সৰ্বনাশ হৈ গৈছে। পিছৰ ফালে চাওঁক। ‘

নিজাম চাহাবে পিছফালে ঘূৰি দেখিলে—তেওঁৰ পিঠিত এডাল ৰঙীন ফিতা–ফিতাৰ এটা মূৰ তেওঁৰ পিঠিত লাগিছে, আনটো মূৰ বহুদূৰ গুছি গৈছে। 

মোতালেবে বিৰক্ত হৈ ক’লে–’কিবা বুজিব পাৰিছেনে? ‘

–’নাই নহয়। ‘

—’আৰে ভাই আপুনি এতিয়াও মৰা নাই। ভাব হৈছে ডাক্তৰে আপোনাৰ জীৱন বচাবলৈ চেষ্টা কৰিছে। কিছুমান নিৰ্বোধ ডাক্টৰ আছে, ৰোগীক বচাবৰ বাবে জীৱন দি দিয়ে। এজন মৰিবলৈ বিচাৰিছে মৰিবলৈ দিয়ক–সিহঁতে নিদিয়ে। জীয়াই তুলিব। জীয়াই তুলি লাভ কি? ‘

নিজামে ক’লে—’ ফিতাৰ কথাটো বুজিব পৰা নাই। ‘

’আপোনাৰ তেজ-মঙহৰ শৰীৰৰ লগত এই ফিতা লগাইছে। ফিতাত টান পৰিছে, তাৰমানে আপুনি সেই শৰীৰত সোমাব লাগিব। দুখ, যন্ত্ৰণা, চিকিৎসা চলিব–সেই শৰীৰত প্ৰবেশ কৰিব বিচাৰে? 

–’বুজিব পৰা নাই। ‘

–’কোনো দৰকাৰ নাই। যি আছে ভালে আছে। চেষ্টা কৰি চাওঁ ৰব ফিতা চিঙিব পাৰিনে নাই। আপুনিও হাত লগাওঁক। আৰু কেইজনমান ভূত পালে ভাল আছিল–একেলগে টানাটানি কৰি চিঙি পেলালোঁহেতেন। আপুনি থিয় হৈ থাকক–মই চাই কেইজনমানক লৈ আহোঁ। খবৰদাৰ, নাযাব। এই টেলিফোনৰ খুঁটা ধৰি ৰৈ থাকক। দুইহাতে জোৰেৰে খুঁটা ধৰি থাকক, নহ’লে ফিতাৰ টনাৰ জোৰত উঠি গুচি যাব। চাওক মহাবিপদত পৰিলোঁ। 

নিজাম চাহাবে টেলিফোনৰ খুঁটাৰ ৰছীত ধৰি অপেক্ষা কৰি থাকিলে। পিঠিৰ ফালে বেছিকৈ টানিছে। তেওঁৰ এবাৰ ভাব হ’ল খুঁটাৰ সৈতে যেন তেওঁক উৰাই লৈ যাব, ইমানেই জোৰ। ইতিমধ্যে মোতালেব তিনি-চাৰিজন ভূত লৈ উপস্থিত হৈছে। তেওঁলোকে ফিতা চিঙিবলৈ চেষ্টা কৰিছে। লাভ একো হোৱা নাই। এটা সময়ত টান প্ৰবল হ’ল–নিজাম চাহাবে টেলিফোনৰ খুঁটা এৰি দিলে। তেওঁৰ ভাব হ’ল তেওঁ ধুমুহাৰ দৰে বেগেৰে যাব ধৰিছে। ভয়াৱহ অৱস্থা। মানুহ (নে ভূত) এনেকৈ বিপদত পৰে! 

নিজাম চাহাবৰ মূৰৰ অপাৰেচন শেষ হৈছে। নিউৰোল’জিৰ ছাৰ্জেণ্ট ইফটেখাৰুল ইছলামে হাতৰ গ্লোভছ খুলি খুলি ক’লে–’অপাৰেচন চাকচেচফুল হৈছে বুলিয়েই আমাৰ ধাৰণা হৈছে। ৰোগী বাচি থাকিব লাগে। অৱশ্যে চৌবিশ ঘণ্টা পাৰ নোহোৱাকৈ একো কোৱা নাযায়—তথাপিও আমি আশাবাদী। চকুৰ মণিত পোহৰ পেলাই চোৱাচোন ৰিফ্লেক্স এক্সন কেনেকুৱা? 

এজন ডাক্টৰ নিজাম চাহাবৰ চকুৰ মণিত পোহৰ পেলালে। চকুৰ মণি ডাঙৰ ডাঙৰ হৈ আছে। নিজাম চাহাবৰ ভূত তেওঁৰ শৰীৰৰ কাষতে বহিছে। তেওঁ শৰীৰৰ ভিতৰত প্ৰবেশ কৰাৰ তীব্ৰ আকৰ্ষণ অনুভব কৰিছে–কোনফালেৰে প্ৰবেশ কৰিব বুজিব পৰা নাই। 

–’চাৰ। ‘

নিজাম চাহাব চক খাই লক্ষ্য কৰিলে মোতালেব গুচি আহিছে। বোধহয় দৌৰি আহিছে। ফোঁপাই আছে। 

নিজাম চাহাবে মোতালেবৰ ফালে চালে। মোতালেবে ক’লে–’মিছামিছি কিয় বহি আছে? মনে কয় এওঁলোকে আপোনাক বচাবই–শৰীৰত সোমাই যাওক। 

–’কোনফালে সোমাম। ‘

—চকুৰ মণিৰে সোমাই যাওক। চকুৰ মণিৰে সোমোৱাটো সহজ হ’ব। 

–’ভয় লাগিছে দেখোন। ‘

—’ ভয় লাগিছে, সৰু কেঁচুৱা নেকি। বৌৰ লগত দেখা হৈছে। ‘

–’নাই। ‘

—’সেইয়া কি। হস্পিটেলৰ বাৰাণ্ডাত দীঘল হৈ পৰি আছে। বৌৰ লগত আপোনাৰ সৰু ছোৱালীজনীও আছে। বেচেৰী বোধহয় বৰ পিতাভক্ত। যিধৰণে কন্দা-কটা কৰিছে, ক’বলৈ ভাষা নাই। ‘

–’বৰকৈ কান্দিছে। ‘

–’আৰে, কেৱল কথা কৈ সময় নষ্ট কৰিছে। সোমাই যাওকচোন। ‘

নিজাম চাহাব তেওঁৰ চকুৰ মণিৰ ভিতৰেদি নিজৰ শৰীৰত সোমালে। 

যিজন ডাক্তৰে চকুৰ মণিৰ ওপৰত পোহৰ পেলাইছিল সেইজনে আনন্দিত মাতেৰে ক’লে–’ৰিফ্লেক্স এক্সন ভাল। চকুৰ মণি সৰু হৈছে। এই যাত্ৰা বোধহয় টিকি থাকিল। ট্ৰাকৰ তলত পৰিও বাচি যায়–এয়া প্ৰথম দেখিলোঁ। ইয়াকেই কয় ভাগ্য। ‘

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments