গল্পৰ আঁৰৰ মই (কুল শইকীয়া)

গল্পৰ আঁৰৰ মই

“ইয়াৰ আচল হিৰো কোন? জান নে তহঁতে?’’
তেওঁ সুধিলে।
গম পোৱা যায় যে তেওঁৰ প্ৰশ্নটোৰ উত্তৰ তেওঁৰ হাতত আছেই, তেওঁ জানিবলৈ বিচাৰিছে তেওঁৰ সমুখৰ সন্ত্ৰষ্ট আৰু নিৰীহ শ্ৰোতাসমূহৰ এই সম্পৰ্কত জ্ঞান আছে নে নাই!
তেওঁৰ চকু দুটা স্বাভাবিকতকৈ ডাঙৰ হৈ পৰিছে, কিছু দিনৰ পৰা নুখুৰুৱাকৈ ৰাখি থোৱা মুখমণ্ডৰ দাড়ি সমূহে মুখৰ ভাৱ ভংগী আচল ছবিখন  আমাৰ পৰা অদৃশ্য কৰি ৰাখিলেও বুজা যায় তেওঁ খং ৰাগ জাতীয় অনুভূতিৰ দ্বাৰা উত্তেজিত হৈছে, সাধাৰণতে দেখা পোৱা ফূৰ্তিবাজ বাতাবৰণ হঠাৎ ক্লাছৰূমটোৰ পৰা অন্তৰ্ধান হ’ল, ভয়-সন্ত্ৰাসৰ নহ’লেও অবুজ ধৰণৰ এক অহেতুক মানসিক চাঞ্চল্য আৰু উদগ্ৰীৱতাৰ বতাহে আমাক গম নোপোৱাকৈয়ে কঁপাই গ’ল। কিন্তু গম পালোঁ যে মোৰ কাষতে বহা তপনে মোৰ পিঠিত সৰুকৈ খোঁচ এটা মাৰিছে, সেই সংকেতে মোৰ বাবে সৃষ্টি কৰিলে আৰু কিছু সংশয়, সন্দেহ৷ পিছফালে বহা সত্যেনে ভৰিৰ হাৱাই চেণ্ডেলেৰে মোৰ ভৰিত খুণ্ডা মাৰি দিছে, যাৰ অৰ্থ ম‍ই ধৰি ল’লো যে এতিয়া আৰু সকলো শুভ নহ’বও পাৰে। ধৰি ল’লো যে কিবা প্ৰকাৰে মোৰ সহপাঠী সকলে অনুমান কৰি ল’ব পাৰিছে যে পৰিস্থিতিটোৰ ময়েই হৈ পৰিব পাৰোঁ কেন্দ্ৰবিন্দু। মোৰ ফালে টোঁৱাই দিয়া হৈছে চাগে বৰটোপৰ নিচানা, বাওঁফালৰ পৰা কাণৰ কাষত আহি পৰিল “ৰেডি থাক”, গম পালোঁ ফুচফুচনিৰ স্বৰেৰে নিৰ্গত শব্দ দুটা আহিছে ডিম্বেশ্বৰৰ পৰা, মোৰ সমস্ত দেহ মন জোকাৰি বৈ গ’ল মৰুভূমিৰ গৰম বতাহ, পিছফালৰ পৰা চিটিকি আহি মোৰ বেঞ্চত পৰা কাগজৰ টুকুৰাটো তুলি চাবৰ সাহস নহ’ল। আন্দাজ কৰাত কঠিন নহ’ল যে ভবেশৰ পৰা অহা সোতোৰ মোতোৰ কাগজখনে এনে এটা অভয় বাণী কঢ়িয়াই আনিছে , “খা গজা, পা মজা”-
চকীৰ পৰা চাৰ থিয় হ’ল, হাতত তেওঁৰ ওলমি থাকিল দুদিন আগতে গোবিন্দ প্ৰেচৰ পৰা অহা স্কুলৰ অলোচনীখন, যিখন তেওঁ এইমাত্ৰ দুই হাতেৰে মেলি ধৰি আমাৰ ফালে ঘূৰাই দেখুৱালে, ক’লে, “ইয়ে লিখিছে”, তেওঁৰ চকুৰ পৰা নিৰৱচ্ছিন্ন সোঁতে আহি থকা অদৃশ্য মিছাইল সমূহ বুকু পাতি লৈ ম‍ই থিয় হ’লো। “হয় চাৰ ময়েই লিখিছোঁ গল্পটো” ধৰণৰ বাক্য এটা মোৰ কম্পিত ওঁঠৰ ফাঁকেৰে ধ্বনিত হ’ল যেন ভাৱ হ’ল।
বাহিৰত হঠাৎ ফাটিল গৈ থকা ৰিক্সাএখনৰ সমুখৰ চকাটো, আটায়েৰে দৃষ্টিৰ ঋজুৰেখা সেইফালে টোৱাই দিয়া হ’ল, চকুত পৰিল সেউজীয়া ৰঙৰ ইউনিফৰ্ম পিন্ধা ঘৰমুৱা ছাত্ৰীৰ দলটো। “গাৰ্লছ স্কুলৰ ছুটী হ’ল” এনে এক গুমগুমণিয়ে কোঠাৰ পৰিবেশত আনি দিলে কিছু শিথিলতা!
“হিৰ’ ম‍ই!”
চাৰ আগবাঢ়ি আহিল, মোৰফালে, গম পালো তেওঁ এতিয়া মোৰ পৰা প্ৰায় দুফুট দূৰৈত, গম নাপালোঁ চাৰৰ মনৰ ভিতৰত এতিয়া চলিছে কেনেধৰণৰ বাতাবৰণ, কেনেকুৱা আবেদন- ইমোশ্যনে কঁপাই তুলিছে, তেওঁৰ মনৰ ব্ৰহ্মাণ্ড। মোৰ ভৰি দুখনে ক্ৰমান্বয়ে হেৰুৱাই পেলাইছে পেলাইছে মোৰ ক্ষীণ শৰীৰৰ ভৰ কঢ়িওৱাৰ ক্ষমতা।
“বহ!”
শব্দটোত ধমকি নে সহানুভূতিৰ লয় ধ্বনিত হৈছে, ধৰিব নোৱাৰিলোঁ। কিন্তু ধৰিব পাৰিলোঁ যে ক্লাছৰ আটাইবোৰৰ চকুৱে মুখে ওলমি ৰৈছে কিছু প্ৰশ্ন সূচক, কিছু ভাৱবোধক চিহ্নৰ ছবি।
“মোক লৈয়েই ত‍ই গল্পটো লিখিছ?”
ম‍ই কি কোৱা উচিত ভাবিলোঁ!
“অৰ্থাৎ ময়েই হিৰ’, মোৰ জীৱন গাঁথাৰ ত‍ই সৃষ্টি কৰিছ, এক ফিক্সন”
চাৰৰ চশমা নামি আহিল নাকৰ আগলৈ, বাওঁহাতৰ আঙুলিৰে তেওঁ ঠেলি দিলে পুনৰ আগৰ স্থানলৈ।
“ত‍ই ইতিকিং কৰিছ মোক!”
হাই ডেচিবেলৰ শব্দকেইটাই কঁপাই থৈ গ’ল কোঠাটোৰ ভিতৰখন, ভাব হ’ল টুক কৈ পকা মজিয়াত সৰি পৰিল ভবেনৰ কলমটো, কোনোবাই সশব্দে বন্ধ কৰিলে জ্যামিতি বক্সটো, যেন বন্ধ হ’ল ক্ষন্তেকৰ বাবে নাতি দূৰৈৰ ৰাস্তাত চলি থকা ৰিক্সা-চাইকেল-ঘোঁৰাগাড়ীৰ শব্দৰ মিচিল।
ম‍ই জানো যে তেতিয়ালৈকে আমাৰ শ্ৰেণীৰ কোনেও পঢ়া নাই আলোচনীখন, কাৰণ দুই এজন ছাত্ৰৰ হাতত সেইখন পৰিলেও আটায়ে এতিয়া ক্লাছবোৰত ব্যস্ত হৈ আছে, মাথোঁ মাজতে পঢ়াৰ নিচাৰে সদায় আসক্ত সত্যেনে কৈছে, “গল্পটোৰ শিৰোনামাটো ভাল লাগিছে, লগতে আৰম্ভণিতে দিয়া প্ৰদীপৰ স্কেচ্ছটো, ঠিক যেন ইয়ে কৈ পেলাব খুজিছে গল্পটোৰ সাৰমৰ্ম।” আৰু এনে এক মন্তব্যত ম‍ই নিশ্চিত ভাৱে আনন্দিত হৈ উঠিছোঁ, তাক কৈছো, “গল্পটো পঢ়ি কবিচোন কেনে লাগে, অন্ততঃ ভাব হৈছে পঢ়ি ভালেই পাব পাঠকে।”
“সঁচা কথা লিখিছ ত‍ই-”,  গম পালোঁ চাৰে মোকেই কৈছে, গম নাপালো বাক্য শাৰীত খং আছেনে আছে ক্ষোভ, কিন্তু দুয়োটা আবেগেই মোৰ বাবে অশান্তিৰ ভাব আনিব বুলি ম‍ই নিশ্চিত হ’লো, অতএব চাৰক এনেদৰে সুধিব খুজিলো “চাৰ আপুনি কিয়?”, কিন্তু প্ৰশ্নটো মনৰ ভিতৰত সম্পূৰ্ণভাৱে সকলো আৱশ্যকীয় শব্দেৰে গঢ় লৈ উঠাৰ আগেয়ে চাৰৰ হুংকাৰত কঁপি উঠিলোঁ, চাৰে ক’লে- “গল্পৰ হিৰ’ ম‍য়ো হ’ব পাৰোঁ, অন্যও হ’ব পাৰে”, কিছু ক্ষণৰ বিৰতিয়ে তেওঁৰ মুখৰ আকৃতি সলাই পেলালে, মুখমণ্ডললৈ নামি আহিল কিছু শান্ত ৰূপ, মন কৰিলোঁ শ্ৰেণীৰ আটাইৰে স্তব্ধপ্ৰায় শ্বাস-প্ৰশ্বাসবোৰ যেন পুনৰ চালু হ’ল। দুখন বেঞ্চৰ দুৰৈত বহা আফটাবে চিধা হৈ বহোঁতে বেঞ্চত আৱাজ হ’ল “কেৰেক”, পশ্চিমৰ ফালৰ খিড়িকীৰ আইনাৰে আহি পৰা ৰ’দৰ ৰেঙণিয়ে ব’ৰ্ডত সৃষ্টি কৰিলে এটা বগা বৃত্তাকাৰ ছবি।
“তোৰ গল্পৰ কাহিনীত চৰিত্ৰবোৰ হ’ব পাৰে কাল্পনিক, গোটেই ঘটনাবোৰ হৈ পৰিব পাৰে কল্পনাৰ এক বিস্তৃত সমুদ্ৰ, তাত ক্ৰীড়া কৰা মাছ, মত্‍স, মগৰ, অক্টোপাচ- আদিবোৰো হৈ পৰিব পাৰে মাথোঁ কল্পনাৰে জীৱনপ্ৰাপ্ত একো একোটা চৰিত্ৰ” চাৰৰ কথাৰ মাজত লাহে লাহে এটা কবিতাই আকৃতি ল’বলৈ ধৰা যেন লাগিল,
“সেই কাল্পনিক জগত ফিক্সনৰ মাজত যদি কোনোবাই বিচাৰি পাইছে নিজক বা কোনোবা আপোনজনক-” গম পাইছো যে চাৰৰ কথাষাৰ শেষ হোৱা নাই, নিস্তব্ধতাৰে শুনি ল’লো পিছৰ শব্দ কেইটা, “বাঃ! সেয়ে তোৰ আটাইতকৈ ডাঙৰ সৃষ্টি, ত‍ই বিচাৰি পাবি নিজৰ সৃষ্টিশীলতাৰ মাপকাঠি কাৰণ ত‍ই যদি কাৰোবাক ভবাই তুলিছ যে, তোৰ গল্পৰ চৰিত্ৰত তেওঁ বিচৰণ কৰি ফুৰিছে, কাহিনীৰ মায়াজালত বৰ্ণিত হৈছে তেওঁৰ জীৱন গাথাঁ আনে নজনা অভিজ্ঞতা , হাঁ সেয়ে হ’ব তোৰ উত্‍কৃষ্ট সৃষ্টি-”
ইয়াৰ পিছৰ ঘটনা প্ৰবাহ মনলৈ অহা নাই, হয়তো ইয়াৰ পিছত চলিছিল চাৰৰ নিয়মিত ক্লাছৰ ভাষণ, পাঠ্যপুঠিৰ প্ৰবন্ধৰ ব্যাখ্যা, তাৰপিচত নিশ্চয় শ্ৰেণী শেষ হোৱাৰ ঘণ্টা পৰিছিল, অষ্টম শ্ৰেণীৰ কোঠাটোৰ পৰা আমি ওলাই আহিছিলোঁ ঘৰমুৱা পথেদি-
আবেলিৰ বেলিটো পিঠিত তুলি হোৱা নিয়মমাফিক মোৰ ঘৰলৈ ওভতনি যাত্ৰাত মোৰ মনত অনুৰণিত হৈ আছিল, চাৰৰ গল্প লিখাৰ প্ৰেৰণাসমৃদ্ধ কথাখিনি!
মোৰ গল্পৰ চৰিত্ৰই কয় নে আপোনাক যে আপুনিয়েই-
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments