গল্ফীৰ ডায়েৰী (মৌচুমী বড়ি)
মাজনী বাইদেৱে ক’ৰবালৈ ওলালে সদায়ে দেৰি কৰিবই ! সেইদিনাখনো বিয়ালৈ বুলি ওলাওঁতে কমখন দেৰি কৰিছে নে !! এদিন অতীষ্ঠ হৈ বীৰুক ক’লো —
“এই মাজনী বাইদেউজনী যে আৰু! ইমান লেজী, ক’ৰবালৈ যাওঁতে পিন্ধি-উৰি ওলাওঁতে সময় লগাবই লগাব!”
বীৰুৱে মোৰ কথা শুনি ভেকাহি মাৰি ক’লে—“এ:, তোমালোক মাইকী মানুহবোৰ সকলো একে…কেতিয়াও সোনকালে ওলাবই নোৱাৰা৷ এটা কাহিনী শুনিবা?”
মই বোলো, “কোৱা”-
বীৰুৱে ক’বলৈ আৰম্ভ কৰিলে —
“এবাৰ তিনিজন বেলেগ বেলেগ ধৰ্মৰ মানুহ এৰোপ্লেনেৰে গৈ আছিল ৷ এজন আছিল মুছলিম সম্প্ৰদায়ৰ, এজন আছিল খ্ৰীষ্টান ধৰ্মৰ আৰু আনজন আছিল হিন্দু ধৰ্মৰ লোক…..গৈ থাকোঁতে হঠাতে এৰোপ্লেনত জুই লাগিল ৷ তিনিওজনে নিজৰ নিজৰ জীৱন বচাবৰ বাবে কি কৰিম কি নকৰিম বুলি ভাৱি খ্ৰীষ্টান ধৰ্মৰ লোকজনে “হে যীশু, মোক ৰক্ষা কৰা বুলি কৈ” এৰোপ্লেনৰ পৰা জপিয়াই দিলে আৰু প্ৰভু যীশুই লগে লগে তেওঁৰ জীৱন ৰক্ষা কৰিলে ৷ মুছলিম সম্প্ৰদায়ৰ লোকজনেও “হে আল্লা, মোক ৰক্ষা কৰা” বুলি কৈ এৰোপ্লেনৰ পৰা জপিয়াই দিলে আৰু আল্লাইও লগে লগে তেওঁৰ জীৱন ৰক্ষা কৰিলে ৷ এইবাৰ হিন্দু ধৰ্মৰ লোক জনে “ হে নাৰায়ণ, হে লক্ষ্মী দেৱী মোক ৰক্ষা কৰা” বুলি কৈ এৰোপ্লেনৰ পৰা জপিয়াই দিলে৷ পিছে তেওঁৰ থিতাতে পৰি মৃত্যু হ’ল৷ হিন্দু ধৰ্মৰ লোকজনৰ আত্মাটোৱে শৰীৰ এৰি নাৰায়ণৰ ওচৰ পালেগৈ আৰু নাৰায়ণক প্ৰশ্ন কৰিলে, “আপুনি মোক নবচালে কিয়?”
“নাৰায়ণে কি উত্তৰ দিলে কোৱাচোন?” বীৰুৱে মোক সুধিলে৷
“মই নাজানো দেই”— বীৰুক ক’লো৷
বীৰুৱে হাঁহি মাৰি ক’লে —
প্ৰভু নাৰায়ণে মানুহজনৰ প্ৰশ্নৰ উত্তৰটো এনেকৈ দিলে—“তুমি মোক মতাৰ লগে লগে মই ঠিকেই ওলাইছিলোঁ, তুমি আকৌ লক্ষ্মীদেৱীকো মাতি দিলা নহয়!!! দেৱী ওলাওঁতে ওলাওঁতে তোমাৰ মৃত্যুৱে ঘটিল৷”
এইবুলি কৈ বীৰুৱে হা: হা: হা: কৈ এনেকৈ হাঁহিলে যে মইও হাঁহি ৰখাব নোৱাৰা হ’লো !!