গল্ফীৰ ডায়েৰী ( মৌচুমী বৰি )
আমাৰ গাঁৱৰ মোহনৰ কথা কৈ শেষ কৰিব নোৱাৰি৷
এবাৰ মোহনে বাইকৰ পৰা পৰি বেয়াকৈ দুখ পালে৷ ঘৰত মাকে ভালকৈ বাইক চলাব নাজান বাবে বিপদ ঘটাইছ বুলি গালি দিলত মোহনে মাকক ক’লে—“গালি পাৰি নাথাকিবাছোন! বিপদে চিঠি দি আহে নেকি?”
মোহনৰ চকু দুটা বৰ সৰু সৰু আছিল৷ এদিন দেউতাকে ঘৰৰ ভিতৰৰ পৰা দা খন আনিবলৈ মোহনক পাচিলে৷ তাৰ পিছে আনি দিবলৈ মন নাই, সেয়ে সি দেউতাকক ক’লে – “চোৱা দেউতা মোৰ চকু দুটা ইমান সৰু, মই দা খন দেখিকে নাপাওঁ, কেনেকৈ আনিম?”
এদিন ৰাতি সি আঁঠুৱাৰ বাহিৰত শুই আছিল৷ মাকে দেখি মোহনক জগালে আৰু সুধিলে –“তই যে আঁঠুৱাৰ ভিতৰত নুশুই আঁঠুৱাৰ বাহিৰত শুইছ কি কথা?”
মোহনে ক’লে – “আঁঠুৱাৰ ভিতৰত ইমান ম’হ! সিহঁতকে তাত শুবলৈ দি মই বাহিৰত শুই আছোঁ!”