গাজৰৰ হালোৱা- নাজিয়া হাচান

 

সামগ্ৰীঃ

১/ ৰোকা গাজৰ আধা কেজি
২/ ডেৰ লিটাৰ সৰ পৰা ডাঠ গাখীৰ,
৩/ দুকাপ চেনি (মই মিঠা কম হোৱাকৈ কৰিছো আপোনালোকে সোৱাদ অনুসৰি চেনিৰ পৰিমাণ কম বেছি কৰি লব পাৰে৷ )
৪/ একাপ ঘিঁউ
৫/ দুটা ইলাচী, এটুকুৰা ডালচেনি, দুখিলা সৰু তেজপাত
৬/ পাঁচটা বাছটা কাজু, কিছমিছ আৰু অলমণ্ড

প্ৰণালীঃ কেৰাহীত ঘিঁউ গৰম কৰি তাত ডালচেনি, ইলাচী, তেজপাত দি অলপকৈ লৰাই লব৷ ইয়াৰ পিছত, লগে লগে কেৰাহীত ৰোকা গাজৰখিনি দি কম জুইত পোন্ধৰ/বিশ মিনিটমান সময় গাজৰৰপৰা পানী অলপকৈ শুকাই যোৱাকৈ ভাজি লৈ তাৰ ওপৰত পগাই থোৱা গাখীৰখিনি দি দিব আৰু কম জুইত পুনৰ এইবাৰ গাখীৰখিনি শুকাই গাজৰৰ সৈতে থুপথুুুপিয়া হোৱালৈকে চামুচেৰে মাজে মাজে লৰাই থাকিব৷

এইবাৰ টুকুৰা কৰি ৰখা কাজু, কিছমিছ, অলমণ্ডৰ লগত মিঠা সোৱাদৰ বাবে চেনি দি গোটেই সামগ্ৰীখিনি পুনৰ চামুচৰ সহায়েৰে লৰাই পাঁচমিনিট সময় জুইৰ ওপৰত ৰাখি প্ৰস্তুত হোৱা গাজৰৰ হালোৱা জুইৰ ওপৰৰপৰা নমাই গৰমে গৰমে পৰিবেশন কৰক৷ গাজৰৰ হালোৱা ফ্ৰীজ ত ৰাখি ঠাণ্ডা কৰি খায়ো বহুতে ভাল পায়৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!