গান্ধাৰী (ভাস্বতী বৰুৱা)
ক’লা বগা পোছাকযোৰৰ মাজত
ওলমি থাকে এটা জীৱন,
নৰকীয় নাটকত প্ৰায়েই বলি হয় নাৰী চৰিত্ৰ ।
কেমেৰাৰ পিছে পিছে দৌৰা
সেই তীক্ষ্ণ চকু দুটাই
কি কুৎসিত ভংগীমাৰে চাই ৰয় তাইলৈ…
চাৰিওফালে মুখা আৰু মুখা
ধোঁৱা হৈ উৰি যায় সত্য,
মই সেই সত্যক চাব বিচাৰোঁ
কিন্তু
চকুত কাপোৰ বন্ধা মানুহ এজনী
মোৰ সন্মুখলৈ আহি থাকে।