গান্ধী (- মালবিকা বৰা )

kobita gandhi
সাধাৰণ যেন লগা মানুহজন হ’লে
অসাধাৰণেই আছিল
অকলে ভেটা দি ধৰিছিল
এখন আগ্ৰাসী সাম্ৰাজ্য
অকণো হোঁহকা-পিচলা নকৰাকৈ
বহুতকে চিনাকি কৰি দিছিল
সিংহবোৰৰ স’তে
সিহঁত তেতিয়া বুকুৱে বুকুৱে শুই আছিল
তেওঁ যুদ্ধৰ বিৰোধী আছিল
গোঁজৰণিবোৰ শীতল মাতেৰে হেঁচি
জাগৰণ এটা আনিছিল
ভৰিৰ সাঁচবোৰ দকৈয়ে পৰিছিল
তাতে খোপনি পুতি আগবাঢ়িছিল সমদল
মুক্তিৰ সোৱাদেৰে তৃপ্ত হৈছিল জানো তেওঁ?
ভাগৰত গধুৰ হৈ পৰা দেহাৰ বাবে
ক্ষণিকৰো আহৰি নাছিল
তেওঁ প্ৰশান্তিৰ ভোকত ছটফটাইছিল
কামবোৰ আধৰুৱা হৈ থাকোঁতেই
মহাপ্ৰয়াণ লৈছিল তেওঁ
অসাধাৰণৰ পৰা সাধাৰণ হৈ
কিয় উচ্চাৰি উঠিছিল
হে ৰাম!!!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!