গালি পাৰোঁ আহক(-ধ্ৰুৱজ্যোতি শৰ্মা)
“’শ্যালা’, ’কুকুৰৰ বাচ্চা’, ’নৰাধম’, ’চুৱা পাতনিত বাহ লোৱা’, ’মৰঙে মাৰা’, ’শগনে খোৱা’, য’তে ত’তে ৰাতিলৈকে ’চুৱা চেলেকি’ ডিঙিলৈকে এসোপা গিলি ’ধুইমহা’ৰ দৰে হঠাতে আহি ওলাবি আৰু এই বুঢ়া মাৰ-বাপেৰক ’ধিকাচ্চাৰে’ মাৰিবি…. ’অধপাতে’ যাবি তই … ’ভিঠাত জুই লাগব’ বুলি এনেয়ে সেদিনা মাষ্টৰৰ ঘৈনীয়েকে গালি দিছিল নে.. তোক নি ’যমে সুদা ভাত খাব’ ’ডেকা গাড়ীত জুই লাগিব’ তোৰ| এনেতো ’কুকুৰীকণা’ই হৈ থাক, অ’ৰ ’তিৰিংকুটা’ এটা নালাৰ’, ’বিহে ধচ্চি’ ’গজমুৰা’ৰ| ’মৰবা ঠাই নাপাই’ মোৰ ঘৰত জন্মিছিল… মোয়ো জানো কি পাপ কৰিছিলো… এনে ’কুবস্তু’ এটাকহে পো হিচাপে পালো| কিমান ’চিৰ্হৈছো’ সেই ’গৈৰেনী’ৰ ’মেখেলাৰ তলত’ নাথাকিবলৈ… শুনিলেহে পাচে…. এই ধুম মৰদটো হৈ বাপেকৰ ওপৰত বহি বহি খাব পাইছ তো ! অলপো ’চৰম’ আছে যদি ’ধিতিঙালি’ এৰি কিবা এটা কৰ| আমি মৰাৰ পাছত ’ভিঠাত জুই লাগিব’ নহ’লে|(এখন কাজিয়া শুনাৰ সৌভাগ্য হৈছিল, য’ত বিচাৰি পাইছিলো এটা ভঁৰাল – .অসমীয়া গালিৰ ভঁৰাল, যাৰ চাৰি ভাগৰ এভাগেই মনত ৰখাটো মোৰ পক্ষে সম্ভৱ নহ’ল| তাৰে একাংশ আপোনালোকলৈ আগবঢ়ালো)
মাওৰা মৰা
ভীষণ বেয়া লাগিল