গাৰলিক ছিকেন – ৰূপলেখা দেৱী

উপকৰণঃ-
হাড় নোহোৱা মাংস তিনিশ গ্ৰাম
নহৰু এটা(চকলিয়াই ল’ব)
মজলীয়া আকাৰৰ পিয়াঁজ দুটা(পাহি বোৰ এৰুৱাই বৰ্গাকাৰত কাটি ল’ব)
ৰেডচিলি চচ দুচামুচ
চয়া চচ দুচামুচ
টমেটো চচ এচামুচ
জলকীয়াৰ গুৰি এচামুচ
কৰ্ণ ফ্লোৰ পাউদাৰ দুচামুচ
জালুকৰ গুৰি এচামুচ
কচুৰী মিথি অলপ
পিয়াঁজ পাত বা স্পিং অনিয়ন অলপ (এতিয়া বজাৰত উপলব্ধ নহয় বাবে মই মান ধনিয়াৰ পাত কেইটামান মিহিকৈ কাটি দিছোঁ)
নিমখ আন্দাজ মতে
ৰিফাইন তেল ভাজিবলৈ জোখ মতে

প্ৰণালীঃ–
কেৰাহী জুইত পাতি গৰম হ’লে ৰিফাইন তেল দিব৷ চকলিয়াই লোৱা নহৰুখিনি তেলত দি ৰঙচুৱাকৈ ভাজি কাটি থোৱা পিয়াঁজখিনি দি কিছু সময় ভাজি মাংসখিনি দিব৷ জুই বেছিকৈ দি ভালকৈ ভাজিব৷ এইবাৰ ওপৰৰ জোখ মতে চয়া চচ, চিলি চচ, টমেটো চচ আৰু নিমখ মিহলাই লৰাব৷ নিমখটো অলপ কম পৰিমাণে দিব কাৰণ তিনিও বিধ চচতে অলপ নিমখ থাকেই৷ এইবাৰ মাংস সিজাৰ জোখত অলপ পানী দি ঢাকি দিব৷ মাংস সিজিলে কৰ্ণ ফ্লোৰখিনি পানীৰে গুলি ঢালি দি লুপথুপীয়া হ’লে কচুৰী মিথি অলপ হাতেৰে মোহাৰি দিব আৰু মানধনীয়াৰ পাত বা স্পিং অনিয়ন দি নমাই থ’ব৷ এই ব্যঞ্জনখন চাওমিন, পোলাও আৰু ৰুটীৰ লগত খাই খুব ভাল লাগে৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!