গীত (কঙ্কনা বৰুৱা)

গীত



গছৰ ডালত কুঁহিপাত
কপৌ ফুলে তাৰে গাত
কেতেকীৰে বিননি
বসন্তৰে কুলিৰ মাত
জুৰ পৰে হিয়াখনি
বিহু বিহু লাগে মোৰ গাত ৷
 
অ’ চেনাই, অ’ চেনাই
বিহু বিহু জানো লগা নাই
বহাহত বিহুৰ সুৰ
তুমি জানো শুনা নাই
দিগন্তলৈ চাবা
বনগীত গাবা
তোমাৰ হিয়াখনিত
মোকে দেখা পাবা ৷
 
গছৰ ডালত কুঁহি পাত……
যোৰ পাতি উৰি যায়
চাকৈ-চকোৱা
তুমি মোৰ কাষতে নাই
মনৰ লুইত শুকাই যায়
তাৰে বলুকাত
বালিতে আঁকি যাওঁ
তোমাৰে ছবিটি
হিয়াখনে ল’ব সাবটি।
গছৰ ডালত কুঁহি পাত……..

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!