গুলী আৰু বন্দুক : শান্তনু চাংমাই

গুলী আৰু বন্দুক

লিখক: শান্তনু চাংমাই

তোৰে বিৰহতে ঐ মোৰ লাহৰী
একেবাৰে গ’লো শুকাই খীণাই
তোৰে বিৰহতে ঐ মোৰ লাহৰী
একেবাৰে গ’লো শুকাই খীণাই
আইনা চাবলৈ লাজ লাগে
পঁইতাচোৰাই নিয়ে একে টানে চোঁচৰাই

মোৰ ঘৰৰ পিছফালে আছে এটি নলা
মোৰ ঘৰৰ পিছফালে আছে এটি নলা
মোৰ ঘৈণীজনীৰ মনটো খুব ভাল
ছালখন হে অতিপাত ক’লা

জানমণি,
তোমাৰ প্ৰেমত পাগল তামিলনাডুৰ পিটাৰ
তোমাৰ প্ৰেমত পাগল তামিলনাডুৰ পিটাৰ
বাইকত বাইক- স্প্লেণ্ডাৰ বাইক
সত্তৰ কিলোমিটাৰ পাৰ লিটাৰ

খ) গৰুৰ কাৰণে ঘাঁহ কাটিবলৈ ওচৰৰে পাৰ্ক এখনলৈ গৈছিলোঁ | এহাল বহি গুটৰ-গু কৰি থকাত ওচৰলৈ গৈ কাণ উনালোঁ | এইয়া তাৰে চামাৰী:

ল’ৰাটো:

আঁহা না আঁহা
কাষতে বঁহা
দাঁতকেইটি উলিয়াই
সি: সি: কৈ হাঁহা
খলপা খলপকৈ কটা
মোৰ চুলিবোৰ চুই চোৱা
টিফিনত আনিছোঁ গজা
টপালি টপালি খোৱা
চিঙৰাও আছে, চাটনি হে নাই
কোকাকোলাৰে দিয়া কাম চলাই

ছোৱালীজনী:

চাইকেল নহয় টিলিঙা
ডেকা তুমি পিলিঙা
গব্বৰ আৰু কালিয়া
ছোৱালী মইচালিয়া
মনত প্ৰেমৰ মালিতা
গজা খালোঁ চাৰিটা
বেলুন দিবা ফুলাই
লৈ যাম মই উৰাই

ল’ৰাটো:

হায়ে মোৰে বাসন্তী
কিয়নো কৰা চুপতি
বেংকত ছোনিয়াৰ যিমান ধন
তোমালৈ মোৰ সিমান মন
চুমা এটি দিয়া চল চাই
পালা নহয় বল গজা খাই

ছোৱালী:

না না ন’ চুমা ন’ আলিংগন
যেতিয়ালৈ নিকিনা পালচাৰখন
পালচাৰত বহি চিনিমা চাব যাম
ওলাই কিনে বাহিৰত ফুচকা খাম

* বেলি লহিয়াবৰ হ’লত বাকী খিনি নুশুনি ঘাঁহ খিনি কাটি গুছি আহিলোঁ | আফটাৰ অল কিমান আৰু আনে গজা খোৱাৰ কথা শুনি থাকিম হে …!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!