গুড়িপাৰ্ৱা আৰু বেইল পোলা (হিতেন্দ্ৰ কুমাৰশৰ্মা)
ওপৰোক্ত শব্দ দুটা বহুতৰে কাৰণে নতুন আৰু আচহুৱা।সকলোৰে জ্ঞাতাৰ্থে কওঁ, এয়া হʼল দুটা মাৰাঠী উৎসৱৰ নাম।গুড়িপাৰ্ৱা হʼল মাৰাঠী নৱবৰ্ষৰ প্ৰথম দিন, আমাৰ ভাষাত দোমাহী। এই গুড়িপাৰ্ৱা অসমীয়াৰ ৰঙালীবিহুৰ সমাৰ্থক, কাৰণ দুয়োটা উৎসৱৰ উদ্দেশ্য আৰু অৰ্থ একে আৰু প্ৰায় একেটা সময়তে এইউৎসৱ পালন কৰা হয়।
এটা মৌলিক পাৰ্থক্য এয়ে যে মাৰাঠী সমাজে চʼত মাহটোক বছৰৰ প্ৰথম মাহৰূপে গণ্য কৰে।গতিকে ফাগুনৰ শেষত আৰু চʼত মাহৰ আৰম্ভণিতে এই উৎসৱ পালন কৰা হয়।অৰ্থাৎ বহাগ বিহুৰ প্ৰায় একমাহ আগতে।এই-বেলি, অহা সোমবাৰ অৰ্থাৎ ৩১/০৩/২০১৪ ৰ দিনা মাৰাঠী সকলেগুড়িপাৰ্ৱা উৎসৱ পালন কৰিব।অসমীয়া আৰু মাৰাঠী কেলেণ্ডাৰৰসময় সূচীত অলপ বিসংগতি আছে। সেয়েহে অসমীয়া আৰু মাৰাঠীমাহৰ আৰম্ভণিত কিছু দিনৰ পাৰ্থক্য দেখা যায়।অসমীয়া দোমাহী আৰু মাৰাঠী নতুন মাহৰ আৰম্ভণিএকে দিনাই নহয়।মাৰাঠীত গুড়িৰ অৰ্থ পুতলা বা মূৰ্ত্তি আৰু পাৰ্ৱাঅৰ্থাৎ পৰ্ব বা উৎসৱ।এই উৎসৱত গৃহস্থসকলে এটা প্ৰতীকী দেৱী মূৰ্ত্তি স্থাপন কৰে আৰু তাক বিভিন্ন ধৰণেসজাই পৰাই তোলা হয়। সেই মূৰ্ত্তিটোতনিমপাতৰ মালা পিন্ধোৱা হয়। আমাৰ অসমীয়া সমাজতোবহাগৰ দোমাহীৰ ৰাতিপুৱাই নিমপাত খালে পেটৰ অসুখ আৰু অন্য অসুখৰ পৰা বছৰটোলৈ হাত সাৰিবপাৰি বুলি লোকবিশ্বাস আছে। মাৰাঠী সমাজতো এই বিশ্বাস বিদ্যমান।গুড়িপাৰ্ৱাৰপূজাসমাপ্ত হোৱাৰ পিছত নিমপাত খোৱাটো এটা প্ৰথা।গুড়িপাৰ্ৱাত এবিধ বিশেষ খাদ্য উপকৰণবনোৱা হয়, ইয়াকʼপুৰণপোলিʼবোলে। এয়াবুট,মাহ আদিৰ গুড়িৰে বনোৱা একপ্ৰকাৰ পিঠা, অঞ্চলভেদে ইয়াৰ আকাৰ প্ৰকাৰ আৰু সোৱাদ অলপভিন্ন হব পাৰে। কিন্তু এয়া বৰ সুস্বাদু খাদ্য। ইয়াৰ উপৰিও বিভিন্ন মিঠাই,খীৰ আৰুপায়স আদি এই উৎসৱত বনোৱা হয়।
ৰঙালী বিহুত হোৱাৰ দৰে ৰং-ধেমালি, নাচ-গান, হুঁচৰিআদি গুড়িপাৰ্ৱাত নহয়, ইয়াত কেৱল ধৰ্মীয় প্ৰথাখিনি পালন কৰিয়ে নৱবৰ্ষক আদৰা হয়। বিহুসাতদিনীয়া, কিন্তু গুড়িপাৰ্ৱা এদিনীয়া উৎসৱ।কিন্তু ই মাৰাঠীসকলৰ এটা লেখত ল’বলগীয়াপ্ৰধান উৎসৱ।
বেইল পোলাৰ অৰ্থ হʼল গো-পূজন উৎসৱ। এই উৎসৱৰগুড়িপাৰ্ৱাৰ লগত একো সংগতি নাই কিন্তুআমাৰ বহাগ বিহুত গৰুক নোৱাই-ধুৱাই আদৰ কৰাৰ দৰে বেইল পোলাত মাৰাঠীসকলে নিজৰ গৰু বিলাককপূজা কৰে। এই উৎসৱশাওণ মাহ(ইংৰাজী আগষ্ট মাহ)ত পালন কৰা হয়। বিশেষকৈ বলধ আৰু হালোৱাগৰুবিলাককহে আদৰ আপ্যায়ন কৰা হয়। সেইদিনা গৰুবোৰক নোৱাই ধুৱাই, নতুন পঘা পিন্ধাই, ফুল আদিৰ মালা পিন্ধোৱা হয়। বহু ঠাইত সেইদিনা গৰুৰ ফেশ্বন শ্বো পৰ্য্যন্ত অনুষ্ঠিতহয়। বহুতে গৰু বিলাকৰ দেহত ৰং-বিৰঙৰ টেটু (tattoo)আৰু চিত্ৰ আঁকে, শিং বোৰত বিভিন্নঅলংকাৰ পিন্ধাই দিয়ে।
এয়াই বিচিত্ৰ ভাৰত। দুখন বিপৰীত প্ৰান্তৰ ৰাজ্য হোৱাস্বত্বেও সংস্কৃতিত কিমান সাদৃশ্য। সকলোকে গুড়িপাৰ্ৱাৰ ওলগ আৰু ৰঙালী বিহুৰ আগতীয়াশুভেচ্ছা।