গুৰু-শিষ্যৰ মণিকাঞ্চণ সংযোগ(বিমান নাথ)

গুৰু আৰু শিষ্যৰ সংযোগে অসমীয়া সমাজখনত এটা বিশেষ ভূমিকা লৈ আহিছে। কিন্তু আজিকালি কিছুমান সংযোগ দেখি এনেকুৱা লাগে যেন সেয়া গুৰু-শিষ্যৰ মণিকাঞ্চণ সংযোগ নহয়, সেয়া যেন কিবা ৰাসায়নিক সংযোগ যাক পিছত সমতুলীকৰণ কৰা হয়। আই আই টি, তেজপুৰ বিশ্ববিদ্যালয়, দৰং মহাবিদ্যালয়, দিছিবি ছোৱালী মহাবিদ্যালয় ইত্যাদি মূধাফুটা শিক্ষানুষ্ঠানৰ কিছুমান ক’বলৈ লাজ লগা বিষয়ত অনেক ঘটনা তথা দূৰ্ঘটনা হৈ গৈছে। আৰু এইবোৰ হৈছে একমাত্ৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ মাজত, যিটো কোনো এখন শিক্ষানুষ্ঠানৰ বাবে খুবেই গুৰুত্বপূৰ্ণ (মইহে ভাবো)। এতিয়া মোৰ কথা হ’ল যে দেশৰ প্ৰতিৰক্ষা বিভাগে দেশখনৰ জনগনৰ নিৰাপত্তাৰ বাবে বৰফে, পাহাৰে বগাই ফুৰে নিজৰ পৰিয়াল তথা আত্মীয়ক বাদ দি। ঠিক তেনেদৰে এজন শিক্ষকে দেশৰ জনগনৰ ভবিষ্যত চৰিত্ৰ নিৰ্ধাৰণত যথেষ্ট ভূমিকা ল’ব পাৰে (মই সেই ক্লাচত নোটচ গাই থকা শিক্ষক সকলৰ কথা কোৱা নাই দেই)। এনে এটা পৰিস্থিতিত মই ভবো প্ৰতিৰক্ষা বিভাগৰ দৰে শিক্ষকসকলকো নাকী লগাব পৰা যায়, কাৰণ তেওঁলোকে ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যতৰ লগতে জীৱন ধাৰণৰ কিছুমান মৌলিক শিক্ষা দিব পাৰে। যদি প্ৰতিৰক্ষা বিভাগৰ নিচিনা হোৱা হ’লে কোনো শিক্ষকে কামত ফাঁকি নিদি নিজৰ কৰ্তব্য পালন কৰিবলৈ বাধ্য হ’লহেতেন। আজি সেই পদ্ধতি নোহোৱাৰ বাবেই সেই তথাকথিত শিক্ষকসকলে উপযুক্ত শাস্তিৰ বদলি একো একোটা মানহে পালে এখন সমাজত। এজন শিক্ষকে কেনেকৈ চৰিত্ৰ গঠনত সহায়ক হ’ব পাৰে এটা সাধাৰণ উদাহৰণ দিওঁ। যোৱা বছৰ ছেপ্তেম্বৰ মাহত এজন অৰ্থনীতিৰ শিক্ষকে অসমৰ এখন ১৯৬১ চনৰ চৰকাৰী মহাবিদ্যালয়ত যোগদান কৰিলে। প্ৰথম দিনা প্ৰথম আহিছে বুলি তেওঁক মাত্ৰ উচ্চ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এটা ক্লাচ ল’বলৈ দিয়া হ’ল। তেওঁ ক্লাচটোত সোমায়ে যেতিয়া পডিয়ামটোৰ তলত এসোপামান লেতেৰা জমা হৈ থকা দেখিলে তেওঁ খুব গালি পাৰিলে আৰু ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক দোষাৰোপ কৰিলে তেতিয়া তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিও বুছ আৰু সেইসময়ৰ ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এটা উদাহৰণ দি বুজালে। কাৰণ এই দুয়োজনৰ মাজত যেতিয়া নতুন দিল্লীত বাৰ্তালাপ চলিছিল সেই সময়ত পটকৈ এ চি টোৱে কাম নকৰা হৈছিল আৰু জৰ্জ ডব্লিউ বুছে নিজে সেইটো ভাল কৰি পেলাইছিল যাৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীয়ে সেই পৰ্যায়ৰ এজন উপযুক্ত ব্যক্তিক বিচাৰি হাবাথুৰি খাইছিল। এনেকৈ আৰু দুই তিনিটা উদাহৰণ দিয়াৰ পিছদিনা উক্ত শিক্ষকজন আহি দেখে যে নিজে ঝাৰু, শোটা লৈ গোটেই কোঠাটো ধুনীয়াকৈ কেইজনীমান ছাত্ৰীয়ে চফা কৰি আছে। আৰু তৃতীয় দিনাৰ পৰা সেই ছাত্ৰ-ছাত্ৰী সকলে সেইজন শিক্ষক নাথাকিলে ক্লাচেই কৰিব নাহে। গতিকে ইম্পেক্ট ফেক্টৰ আছে। আজি সেইজন শিক্ষক কেবল সিহঁতৰে শিক্ষক নহয় গোটেই মহকুমাটোৰ এজন গুৰুত্বপূৰ্ণ শিক্ষক কাৰণ তেওঁ আজি বিনা পইচাত টিউচন কৰে আৰু কেতিয়াও মহাবিদ্যালয়খনিৰ নিজৰ কৰ্তব্যত অৱহেলা নকৰে। এনে অৱস্থাত সম্পূৰ্ণ শিক্ষক-সমাজক প্ৰতিৰক্ষা বিভাগৰ নিচিনাকৈ ব্যৱহাৰ কৰিলে সমাজখনৰ উন্নতি অকণ হ’ব বুলি এই অধমে বিশ্বাস কৰে। কাৰণ বিশ্ববিদ্যালয় অনুদান আয়োগে ইমান কোটি কোটি টকা শিক্ষক সকলৰ বাবেই আৱণ্টন কৰিছে কিন্তু তাৰ উপযুক্ত ব্যৱহাৰ হৈছে জানো? কেতিয়াবা এনে ভাৱ হয় যে সপ্তম দৰমহা আয়োগ গঠন হোৱাৰ পিছত এজন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষকে দিনটোত ৩-৪ ঘন্টা শিক্ষানুষ্ঠানত কাম কৰি ১ ৰ পৰা ২ লাখ টকা দৰমহা ঘৰতে বহি পাই থাকিব? এয়া কেনে ন্যায়? অকণমাণ কথাবোৰ ভাবি চাওকচোন। মোৰ কিবা ভুলো হ’ব পাৰে। ক্ষমা কৰিব যদি ভুল হয় কাৰণ মই লেখক নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!